স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা ২৪ ঘন্টাত এতিয়ালৈকে সৰ্বাধিক ২০.৬৬ লাখ টেষ্টৰে পুনৰ নতুন অভিলেখ সৃষ্টি ভাৰতৰ

একেৰাহে চতুৰ্থ দিনৰ বাবে ২০ লাখৰো অধিক দৈনিক টেষ্ট সম্পন্ন

দৈনিক পজিটিভিটি হাৰ ১২.৪৫% লৈ হ্ৰাস

একেৰাহে ৯ম দিনৰ বাবে দৈনিক আৰোগ্য লাভে অতিক্ৰম কৰিলে দৈনিক নতুন ঘটনাক

একেৰাহে ষষ্ঠ দিনৰ বাবে দৈনিক নতুন ঘটনা ৩ লাখৰ কম হৈ আছে

Posted On: 22 MAY 2021 11:40AM by PIB Guwahati

যোৱা ২৪ ঘন্টাত ২০.৬৬ লাখৰো অধিক টেষ্ট সম্পন্নৰে, ভাৰতে পুনৰ এদিনতে সৰ্বাধিক টেষ্ট সম্পন্নৰ নতুন অভিলেখ ৰচনা কৰিলে। তদুপৰি এয়া হৈছে ভাৰতত ২০ লাখৰো অধিক টেষ্ট সম্পন্নৰ ধাৰাবাহিক চতুৰ্থটো দিন।

দৈনিক পজিটিভিটি হাৰ ১২.৪৫% লৈ হ্ৰাস পাইছে।

ক্ৰমবৰ্ধমানভাৱে, যোৱা ২৪ ঘন্টাত দেশখনত ২০,৬৬,২৮৫ টা টেষ্ট সম্পন্ন কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0016T59.jpg

একেৰাহে নৱম দিনৰ বাবে ভাৰতৰ দৈনিক আৰোগ্য লাভে দৈনিক নতুন ঘটনাক অতিক্ৰম কৰিছে। যোৱা ২৪ ঘন্টাত ৩,৫৭,৬৩০ টা আৰোগ্য লাভৰ ঘটনা লাভ কৰা হৈছে।

আজি ভাৰতৰ আৰোগ্য লাভৰ মুঠ সংখ্যা হৈছে ২,৩০,৭০,৩৬৫ টা। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ বৃদ্ধি হৈ ৮৭.৭৬% স্পৰ্শ কৰিছে।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৩.৪৬% লাভ কৰা হৈছে দহখন ৰাজ্যত।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002JQJW.jpg

আন এটি ইতিবাচক দিশ হিচাপে, এতিয়া একেৰাহে ষষ্ঠ দিনৰ বাবে ভাৰতৰ দৈনিক নতুন ঘটনা ৩ লাখৰ নিম্ন হৈ ৰৈছে।

যোৱা ২৪ ঘন্টাত ২,৫৭,২৯৯ টা দৈনিক নতুন ঘটনা লাভ কৰা যায়।

যোৱা ২৪ ঘন্টাত লাভ কৰা নতুন ঘটনাৰ ৭৮.১২% লাভ কৰা হৈছে দহখন ৰাজ্যত। তামিল নাডুত লাভ কৰা দৈনিক নতুন ঘটনা সৰ্বাধিক ৩৬,১৮৪ ৰ পাছতে কৰ্ণাটকত নতুন ঘটনা ৩২,২১৮ টা।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003O8SX.jpg

অন্যহাতেদি, আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ২৯,২৩,৪০০ লৈ হ্ৰাস হৈ পৰে।

যোৱা ২৪ ঘন্টাত মুঠ ১,০৪,৫২৫ টা ঘটনা হ্ৰাস পৰিলক্ষিত হয়।

এতিয়া ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১১.১২%।

ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৬৯.৯৪% লাভ কৰা হৈছে ৮ খন ৰাজ্যত।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0047DAL.jpg

তলৰ লেখে যোৱা ২৪ ঘন্টাত ৰাজ্যসমূহৰ সক্ৰিয় ঘটনাৰ সাল-সলনি প্ৰদৰ্শিত কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005TEWP.jpg

ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ ৩-য় পৰ্যায়ৰ অধীনত, আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১৯.৩৩ কোটি অতিক্ৰম কৰে।

আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ২৭,৭৬,৯৩৬ ছেচনজুৰি মুঠ ১৯,৩৩,৭২,৮১৯ পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ ৯৭,৩৮,১৪৮ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৬৬,৯১,৩৫০ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ১,৪৮,৭০,০৮১ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৮৩,০৬,০২০ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ১৮-৪৪ বছৰ বয়সৰ ৯২,৯৭,৫৩২ হিতাধিকাৰী (১ম পালি), ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ৬,০২,১১,৯৫৭ (১ম পালি) আৰু ৯৬,৮৪,২৯৫ (২য় পালি) হিতাধিকাৰী। ৬০ বছৰ বয়সৰ উৰ্ধ ৫,৬৩,৮৩,৭৬০ হিতাধিকাৰীক ১ম পালি আৰু ১,৮১,৮৯,৬৭৬ হিতাধিকাৰীক ২য় পালি।

হেল্থ কেয়াৰ কৰ্মী

১ম পালি

৯৭,৩৮,১৪৮

২য় পালি

৬৬,৯১,৩৫০

ফ্ৰন্ট লাইন কৰ্মী

১ম পালি

১,৪৮,৭০,০৮১

২য় পালি

৮৩,০৬,০২০

১৮-৪৪ বছৰ বয়স

১ম পালি

৯২,৯৭,৫৩২

৪৫ ৰপৰা ৬০ বছৰ বয়স

১ম পালি

৬,০২,১১,৯৫৭

২য় পালি

৯৬,৮৪,২৯৫

৬০ বছৰ বয়সৰ উৰ্ধ

১ম পালি

৫,৬৩,৮৩,৭৬০

২য় পালি

১,৮১,৮৯,৬৭৬

মুঠ

১৯,৩৩,৭২,৮১৯

এতিয়ালৈকে দেশখনত প্ৰদান কৰা মুঠ পালিৰ ৬৬.৩০% প্ৰদান কৰা হৈছে দহখন ৰাজ্যত।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0069O0T.jpg

************



(Release ID: 1721007) Visitor Counter : 178