স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত টীকাকৰণৰ সৰ্বমুঠ সংখ্যাই অতিক্ৰমিলে ১৮কোটিৰ ঘৰ

এই পৰ্যন্ত ১৮-৪৪ আয়ুসীমাৰ ৪২লাখৰো অধিক হিতাধিকাৰীক প্ৰতিষেধক প্ৰদান

শেহতীয়া পাঁচোটা দিনত চতুৰ্থবাৰৰ বাবে ২৪ঘ্ণ্টাত নতুনকৈ আক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্যৰ সংখ্যা অধিক হ’ল

২৪ঘণ্টাত সক্ৰীয় ৰোগীৰ সংখ্যা হ্ৰাস পালে ৩১,০৯১গৰাকী

ক’ভিড-১৯ প্ৰতিৰোধ অভিযানত সহযোগিতাৰ বাবে আগবঢ়োৱা সাহায্য সামগ্ৰী তড়িত গতিৰে মোকলোৱা, বিভাজন কৰা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণৰ দিহা

Posted On: 15 MAY 2021 11:22AM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে দেশত থকা যুঁজখনত লক্ষণীয় সাফল্যৰ নিদৰ্শন দাঙি ধৰি আজি ৩-পৰ্যায়ৰ অভিযানৰ অধীনত টীকাকৰণৰ সৰ্ব মুঠ পৰিসংখ্যাই ১৮কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

আজি পুৱা ৭বজা পৰ্যন্ত দেশত অনুষ্ঠিত ২৬,০২,৪৩৫টা টীকাকৰণ শিবিৰৰ জৰিয়তে ১৮,০৪,৫৭,৫৭৯পালি প্ৰতিষেধক প্ৰদান কৰা হয়।

এইসকলৰ মাজত ৯৬,২৭,৬৫০গৰাকী স্বাস্থ্যসেৱা কৰ্মী(প্ৰথম পালি), ৬৬,২২,০৪০গৰাকী স্বাস্থ্যসেৱা কৰ্মী (দ্বিতীয় পালি) আৰু ১,৪৩,৬৫,৮৭১ গৰাকী(প্ৰথম পালি)আগশাৰীৰ সেৱা কৰ্মী আছিল। ইফালে, ৮১,৪৯,৬১৩গৰাকী আগশাৰীৰ সেৱা কৰ্মী (দ্বিতীয় পালি), ১৮-৪৫বছৰৰ মাজৰ ৪২,৫৮,৭৫৬গৰাকী হিতাধিকাৰীক প্ৰথমপালি, ৮৭,৫৬,৩১৩গৰাকীক দ্বিতীয় পালি আৰু ৪৫ৰ পৰা ৬০বছৰৰ মাজৰ ৫,৬৮,০৫,৭৭২গৰাকী(প্ৰথম পালি) আৰু ১,৭৫,৫৩,৯১৮গৰাকী(দ্বিতীয় পালি)ক প্ৰতিষেধক প্ৰাদন কৰা হয়।

 

স্বাস্থ্যসেৱা কৰ্মী

প্ৰথম পালি

96,27,650

দ্বিতীয় পালি

66,22,040

আগশাৰীৰ সেৱা কৰ্মী

প্ৰথম পালি

1,43,65,871

দ্বিতীয় পালি

81,49,613

১৮-৪৪বছৰ বয়স সীমাৰ

প্ৰথম পালি

42,58,756

৪৫-৬০বছৰ বয়স সীমাৰ

প্ৰথম পালি

5,68,05,772

দ্বিতীয় পালি

87,56,313

৬০বছৰৰ উৰ্ধ্বৰ

প্ৰথম পালি

5,43,17,646

দ্বিতীয় পালি

1,75,53,918

 

মুঠ

18,04,57,579

 

 

এই পৰ্যন্ত দেশত প্ৰদান কৰা সৰ্বমুঠ প্ৰতিষেধকৰ ৬৬.৭৩%ই প্ৰদান কৰা হৈছে ১০খন ৰাজ্যত।

শেহতীয়া ২৪ঘণ্টাত ১৮-৪৪বছৰ বয়স সীমাৰ ৩,২৮,২১৬গৰাকী হিতাধিকাৰীয়ে ক’ভিড-১৯ প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে আৰু ইয়াকে ধৰি টীকাকৰণ অধিযানৰ তৃতীয়টো পৰ্যায়ত ৩২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সৰ্বমুঠ ৪২,৫৮,৭৫৬গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হয়। এই পৰ্যন্ত প্ৰতিষেধক প্ৰদান কৰা ১৮-৪৪ বছৰ বয়স সীমাৰ হিতাধিকাৰীৰ সংখ্যাসমূহ তলৰ তালিকাত দাঙি ধৰা হৈছে।

 

 

ক্ৰমিক নং

ৰাজ্য

মুঠ

1

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

1,176

2

অন্ধ্ৰ প্ৰদেশ

2,624

3

অসম

1,60,139

4

বিহাৰ

5,08,034

5

চণ্ডীগড়

974

6

চত্তিশগড়

1,028

7

দাদ্ৰা আৰু নগৰ হাভেলী

1,663

8

দমন আৰু দিউ

2,036

9

দিল্লী

5,26,232

10

গোৱা

1,858

11

গুজৰাট

4,50,980

12

হাৰিয়াণা

3,99,946

13

হিমাচল প্ৰদেশ

14

14

জম্মু আৰু কাশ্মীৰ

30,642

15

ঝাৰখণ্ড

32,469

16

কৰ্ণাটক

1,08,059

17

কেৰালা

1,364

18

লাডাখ

86

19

মধ্য প্ৰদেশ

1,36,369

20

মহাৰাষ্ট্ৰ

6,40,922

21

মেঘালয়

1,920

22

নাগালেণ্ড

4

23

ওড়িশা

1,23,086

24

পুডুচেৰী

2

25

পাঞ্জাৱ

6,403

26

ৰাজস্থান

6,14,253

27

তামিল নাডু

28,241

28

তেলেংগাণা

500

29

ত্ৰিপুৰা

2

30

উত্তৰ প্ৰদেশ

3,66,239

31

উত্তৰাখণ্ড

88,277

32

পশ্চিম বংগ

23,214

মুঠ

42,58,756

 

যোৱা ২৪ঘণ্টাত ১১লাখৰো অধিক লোকৰ টীকাকৰণ সম্পন্ন কৰা হৈছে। টীকাকৰণৰ ১১৯সংখ্যক দিন(১৪মে’, ২০২১)টোত মুঠ ১১,০৩,৬২৫গৰাকী লোকক টীকা প্ৰদান কৰা হৈছে। আজি সম্পন্ন হোৱা ১১,৬২৮টা অধিৱেশনত ইয়াৰে ৬,২৯,৪৪৫গৰাকী হিতাধিকাৰীয়ে প্ৰথম পালি আৰু ৪,৭৪,১৮০গৰাকী হিতাধিকাৰীয়ে টীকাৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিছে।

তাৰিখ: ১৪ মে, ২০২১ (১১৯ সংখ্যক দিৱস)

স্বাস্থ্যসেৱা কৰ্মী

প্ৰথম পালি

8,861

দ্বিতীয় পালি

16,604

আগশাৰীৰ সেৱা কৰ্মী

প্ৰথম পালি

39,258

দ্বিতীয় পালি

31,058

১৮-৪৪বছৰ বয়স সীমাৰ

প্ৰথম পালি

3,28,316

৪৫-৬০বছৰ বয়স সীমাৰ

প্ৰথম পালি

1,83,313

দ্বিতীয় পালি

2,04,871

৬০বছৰৰ উৰ্ধ্বৰ

প্ৰথম পালি

69,697

দ্বিতীয় পালি

2,21,647

 

      মুঠ সাফল্য

প্ৰথম পালি

6,29,445

দ্বিতীয় পালি

4,74,180

 

দেশত এই পৰ্যন্ত ২,০৪,৩২,৮৯৮গৰাকী লোকে আৰোগ্য লাভ কৰিছে। ইফালে, শেহতীয়া ২৪ঘণ্টাত ৩,৫৩,২৯৯গৰাকী লোকক আৰোগ্য লাভ কৰাৰ পিচত চিকিত্সালয় এৰাৰ অনুমতি প্ৰদান কৰা হৈছে। যোৱা পাঁচদিনত চতুৰ্থ বাৰৰ বাবে আৰোগ্য লাভৰ সংখ্যাই নতুনকৈ আক্ৰান্তৰ সংখ্যাকক চেৰ পেলাইছে। আজিৰ তাৰিখত ভাৰতৰ আৰোগ্যৰ হাৰ ৮৩.৮৩% বুলি নিশ্চিত কৰা হৈছে।

দেশত আজিৰ তাৰিখত সক্ৰিয় ৰোগীৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ ৩৬,৭৩,৮০২গৰাকী। এয়া দেশৰ মুঠ আক্ৰন্তৰ ১৫.০৭%।

ইফালে, ২৪ঘণ্টাত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ ৩১,০৯১গৰাকী।

দেশৰ মুঠ সক্ৰিয় ৰোগীৰ ৭৭.২৬%ই হ’ল ১১খন ৰাজ্যৰ।

তলত ২৪ঘণ্টাত ৰাজ্যসমূহত সলনি হোৱা সক্ৰিয় ৰোগী সংখ্যা প্ৰদৰ্শিত কৰা হৈছে।

তলত ১৫দিনত ৰাজ্যসমূহত সলনি হোৱা সক্ৰিয় ৰোগী সংখ্যা প্ৰদৰ্শিত কৰা হৈছে।

ক’ভিড-১৯ প্ৰতিৰোধ অভিযানত সহযোগিতাৰ বাবে আগবঢ়োৱা বিদেশী সাহায্য সামগ্ৰী তড়িত গতিৰে মোকলোৱা, বিভাজন কৰা আৰু ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণৰ দিহা কৰা হৈছে। সামগ্ৰিক ভাবে ১০,৭৯৬টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ১২,২৬৯টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেশ্যন প্লাণ্ট, ৬,৪৯৭টা ভেণ্টিলেটৰ-বাই জোজ আৰু৪.২লাখ ৰেমডিছিভিৰ ভাইল স্থপথ আৰু বায়ুপথেৰে প্ৰেৰণ আৰু বিতৰণ কৰা হৈছে।

শেহতীয়া ২৪ ঘণ্টাত ৩,২৬,০৯৮গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

নতুনকৈ আক্ৰান্তৰ ৭৪.৮৫%ই ১০খন ৰাজ্যৰ।

এইক্ষেত্ৰতো কৰ্ণাটকে সৰ্বাধিক ৪১,৭৭৯গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৩৯,৯২৩ আৰু ৩৪,৬৯৪গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু কেৰালা।

ইফালে, দেশত ৰাষ্ট্ৰীয় গড় মৃত্যুৰ হাৰ হৈছে ১.০৯%।

শেহতীয়া ২৪ঘণ্টাত ৩,৮৯০গৰাকী লোকে মৃত্যু সাৱটাৰ তথ্য লাভ কৰা হৈছে।

মৃত্যু সাৱটা ৭৮.৩% মৃতকেই ৫খন ৰাজ্যৰ।

মৃত্যু বৰণ কৰা সকলৰ ৭২.১৯%ই দহখন ৰাজ্যৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৯৫গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কৰ্ণাটকত ৩৭৩গৰাকী লোকৰ মৃত্যু হৈছে।

 

****

MV/KB

HFW/COVID States data/15th May2021/1



(Release ID: 1719001) Visitor Counter : 187