প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী জগমোহনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 04 MAY 2021 8:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী জগমোহনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “জগমোহন জীৰ বিয়োগ আমাৰ দেশৰ অপুৰণীয় ক্ষতি৷ তেওঁ এগৰাকী দক্ষ প্ৰশাসক তথা বিখ্যাত পণ্ডিত আছিল৷ তেওঁ সদায় ভাৰতৰ কল্যানৰ হকে কাম কৰিছিল৷ মন্ত্ৰীত্ব কালত নীতি প্ৰণয়নত তেওঁৰ স্বতন্ত্ৰতা সদায় স্মৰণীয় হৈ থাকিব৷ তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

*****

 

DS/AK/DB



(Release ID: 1718188) Visitor Counter : 133