প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ইউৰোপীয় ইউনিয়নৰ নেতৃবৃন্দৰ বৈঠক (৮ মে’ , ২০২১)

Posted On: 06 MAY 2021 6:11PM by PIB Guwahati

ইউৰোপীয় পৰিষদৰ সভাপতি শ্ৰী চাৰ্লছ মিশেলৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মে’, ২০২১ তাৰিখে ইউৰোপীয় পৰিষদৰ বৈঠকত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। পৰ্তুগালৰ প্ৰধানমন্ত্ৰী শ্ৰী এন্ট’নিঅ’ কোষ্টাই ভাৰত-ইউৰোপীয় ইউনিয়নৰ নেতৃবৃন্দৰ বৈঠকখনৰ আয়োজন কৰিছে। পৰ্তুগালে বৰ্তমান ইউৰোপীয় ইউনিয়নৰ পৰিষদৰ সভাপতিত্ব কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ইউৰোপীয় ইউনিয়নৰ ২৭ খন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান নতুবা চৰকাৰৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। ইউৰোপীয় ইউনিয়ন+২৭ ইয়াৰ পূৰ্বে মাত্ৰ এবাৰহে বৈঠকত মিলিত হৈছিল-এই বছৰৰ মাৰ্চ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে এই বৈঠক অনুষ্ঠিত হয়। কোভিড-১৯ মহামাৰী আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা, বহনক্ষম আৰু সামগ্ৰিক বিকাশ নিশ্চিত কৰা, ভাৰত-ইউৰোপীয় ইউনিয়নৰ অৰ্থনৈতিক অংশীদাৰীত্ব শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থ সংশ্লিষ্ট আঞ্চলিক আৰু আন্তঃৰ্জাতিক বিভিন্ন বিষয়সমূহৰ ওপৰত নেতাসকলে মত বিনিময় কৰিব।

ভাৰত-ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ বৈঠক হৈছে ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ সকলো নেতাৰ সৈতে আলোচনাৰ এক অভূতপূৰ্ব সুযোগ। ই ৰাজনৈতিকভাৱে অতি তাত্পৰ্যপূৰ্ণ। ২০২০ চনৰ জুলাই মাহত পঞ্চদশ ভাৰত-ইউৰোপীয় ইউনিয়ন শীৰ্ষ সন্মিলনৰ পাছত গঢ় লৈ উঠা সম্পৰ্ক এই বৈঠকৰ জৰিয়তে আৰু অধিক মজবুত হৈ পৰিব।

*****

DS/AKJ/AK/KG



(Release ID: 1716992) Visitor Counter : 145