PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 29 APR 2021 6:12PM by PIB Guwahati

  • ক’ভিডৰ বিৰুদ্ধে অব্যাহত যুঁজত ভাৰতে আজি বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰতত প্ৰতিষেধক প্ৰদানৰ মুঠ সংখ্যাই আজি ১৫ কোটিৰ ঘৰ অতিক্ৰম কৰিলে।
  • প্ৰধানমন্ত্ৰীয়ে ক’ভিড-প্ৰবন্ধন সন্দৰ্ভত স্থলসেনা বাহিনীয়ে গ্ৰহণ কৰা পদক্ষেপৰ সমীক্ষা কৰে।
  • সামান্য আৰু মজলীয়া ধৰণৰ ক’ভিড সংক্ৰমণ প্ৰশমিত কৰাৰ ক্ষেত্ৰত আয়ুষ ৬৪ ফলপ্ৰসূ বুলি চিহ্নিত হৈছে।
  • মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী আৰু মধ্য প্ৰদেশৰ পিচত হাৰিয়াণা আৰু তেলেংগাণালৈ অক্সিজেন এক্সপ্ৰেছ অপাৰেশ্যনৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হৈছে।

#Unite2FightCorona

#IndiaFightsCorona

সৰ্বমুঠ ১৫কোটি পালি প্ৰতিষেধক প্ৰদানৰে ভাৰতে আজি বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়

  • ক’ভিড বিৰোধী যুঁজত ভাৰতে আজি বশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰতত প্ৰতিষেধক প্ৰদানৰ সংখ্যাই আজি ১৫কোটি পালিৰ ঘৰ অতিক্ৰম কৰে।
  • যোৱা ২৪ ঘন্টাত ২১ লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান।
  • ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ অৱনমিত হৈ আছে আৰু সম্প্ৰতি ইয়াৰ হাৰ হৈছে ১.১১%।
  • যোৱা ২৪ ঘন্টাত ছখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। সেয়া হৈছেঃ দমন আৰু ডিউ আৰু দাদ্ৰা আৰু নগৰ হাভেলী, লাডাখ, লাক্ষাদ্বীপ, মিজোৰাম, ত্ৰিপুৰা, আৰু অৰুণাচল প্ৰদেশ।

 

 

সবিশেষ জানিবৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1714778

ভাৰত চৰকাৰে এতিয়ালৈকৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৬.১৬ কোটি পালি প্ৰতিষেধক বিনামূলীয়াকৈ আগবঢ়াইছে

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ হাতত এই পৰ্যন্ত ১কোটিৰো অধিক(১,০৬,০৮,২০৭) পালি প্ৰতিষেধক মজুত আছে। অহা তিনিটা দিনত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অতিৰিক্ত ভাবে ২০লাখৰো অধিক(২০,৪৮,৮৯০) পালি প্ৰতিষেধক লাভ কৰিব। মহাৰাষ্ট্ৰই ২৮ এপ্ৰিল ২০২১ৰ পুৱা ৮বজা পৰ্যন্ত ১,৬৩,৬২,৪৭০ পালি কভিড প্ৰতিষেধক গ্ৰহণ কৰিছে বুলি স্পষ্ট কৰা হৈছে। ইয়াৰে  অপচয় (০.২২শতাংশ)কে ধৰি মুঠ ব্যৱহাৰ হৈছে ১,৫৬,১২,৫১০ পালি। বাকী ৭,৪৯,৯৬০ পালি প্ৰতিষেধক ৰাজ্যখনত এতিয়াও মজুত আছে।

সবিশেষ জানিবৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1714777

’ভিড-প্ৰবন্ধনৰ বাবে স্থলসেনা বাহিনীয়ে গ্ৰহণ কৰা প্ৰস্তুতি আৰু পদক্ষেপসমূহৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে

স্থলসেনা প্ৰধান এম এ নৰৱানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।

তেওঁলোকে ক’ভিডৰ প্ৰবন্ধনত সহযোগিতা আগবঢ়াব পৰাকৈ স্থলসেনা বাহিনীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত তথ্য দাঙি ধৰি সেনা প্ৰধানগৰাকীয়ে বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহক যিকোনো মুহূৰ্ততে সহায়ৰ হাত আগবঢ়াব পৰাকৈ সেনা বাহিনীৰ চিকিত্সক তথা স্বাস্থ্য সেৱা কৰ্মীবৃন্দক সষ্টম কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে দেশৰ বিভিন্ন প্ৰান্তত সেনাবাহিনীৰ তৰফৰ পৰা এলানি অস্থায়ী চিকিত্সালয় স্থাপন কৰা হৈছে বুলিও তেওঁ প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে।

আনহাতে য’তেই সম্ভৱ হৈছে সেনা বাহিনীৰ চিকিত্সালয়সমূহ জন-সাধাৰণৰ বাবেও মুকলি কৰি দিয়াৰ কথা জানিবলৈ দিয়ে সেনা প্ৰধানগৰাকীয়ে।

ইফালে, আমদানীকৃত অক্সিজেন টেংকাৰৰ প্ৰবন্ধন-পৰিবহণৰ বাবে দক্ষতা সম্পন্ন পেছাদাৰ তথা বাহন আগবঢ়ায়ো সেনাবাহিনীৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই থকা হৈছে বুলিও সেনা প্ৰধানগৰাকীয়ে তথ্য দাঙি ধৰে।

সবিশেষ জানিবৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1714810

লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজত কভিড চিকিত্সা সম্পৰ্কীয় ব্যৱস্থাৱলীৰ বুজ ললে ড০ হৰ্ষ বৰ্দ্ধনে

কেন্দ্ৰীয় স্বাসস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজত ক’ভিড চিকিত্সা সম্পৰ্কীয় ব্যৱস্থাৱলীৰ বুজ লয়। তেওঁ মহাবিদ্যালয়খনৰ হাস্পটালৰ বিচনাৰ সংখ্যা বৃদ্ধি কৰা হব বুলি আনুষ্ঠানিক ঘোষণা কৰে।

সবিশেষ জানিবৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1714868

সামান্য আৰু মজলীয়া ধৰণৰ ক’ভিড সংক্ৰমণ প্ৰশমিত কৰাৰ ক্ষেত্ৰত আয়ুষ ৬৪ ফলপ্ৰসূ বুলি চিহ্নিত হৈছে

সামান্য আৰু মজলীয়া ধৰণৰ ক’ভিড সংক্ৰমণ প্ৰশমিত কৰাৰ ক্ষেত্ৰত আয়ুষ ৬৪ ফলপ্ৰসূ বুলি চিহ্নিত হৈছে।

সবিশেষ জানিবৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1714815

ইএছআইচি হাস্পটালত কভিড-১৯ ফেচিলিটী ডেছবৰ্ডৰ ব্যৱস্থা

সময়ৰ আহ্বান হিচাপে গণ্য কৰি শ্ৰম মন্ত্ৰালয়ৰ অধীনস্থ ইএছআইচি হাস্পটালসমূহত কভিড-১৯ চিকিত্সাৰ ব্যৱস্থা সম্প্ৰসাৰিত কৰা হৈছে।

সবিশেষ জানিবৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1714870

 

সবিশেষ জানিবৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1714467

 

উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, মধ্য প্ৰদেশৰ পিচত হাৰিয়াণা আৰু তেলেংগাণালৈ সম্প্ৰসাৰিত কৰা হৈছে অক্সিজেন এক্সপ্ৰেছ অপাৰেশ্যনৰ পৰিসৰ

যোৱা ২৪ঘণ্টাত প্ৰায় ৬৪০ মেট্ৰিক টন পৰিমাণৰ লিকুইড মেডিকেল অক্সিজেন কঢ়িয়ান কঢ়িয়াছে ভাৰতীয় ৰেলে। উত্তৰ প্ৰদেশে পঞ্চম খন এক্সপ্ৰেছৰ জৰিয়তে ৭৬মেট্ৰিক টন অক্সিজেন লাভ কৰিছে আৰু ষষ্ঠখন ৰেলগাড়ী ইতিমধ্যে যাত্ৰা কৰিছে।

 

 

সবিশেষ জানিবৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1714850

 

ভিড প্ৰবন্ধনৰ সমীক্ষা কৰিলে মনসুখ মাণ্ডৱীয়াই

স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী মনসুখ মাণ্ডৱীয়াই আগন্তুক দিনবোৰত চিএছআৰ পুঁজিৰ সদ্ব্যৱহাৰ কৰিব পৰাকৈ যাৱতীয় ব্যৱস্থা খৰটকীয়াকৈ হাতত ল’বলৈ সকলো গুৰুত্বপূৰ্ণ বন্দৰৰ অধ্যক্ষসকলক আজি নিৰ্দেশ দিয়ে।

সবিশেষ জানিবলৈ:https://pib.gov.in/PressReleasePage.aspx?PRID=1714859

 

চিএছআইআৰ-চিএমইআৰআইয়ে হস্তান্তৰ কৰিলে প্ৰযুক্তি

চিএছআইআৰ-চিএমইআৰআই-য়ে আজি চাৰিটা প্ৰতিষ্ঠানলৈ অক্সিজেন এনৰিচ্ছমেণ্ট ইউনিটসমূহৰ উত্পাদন ক্ষমতা মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা বৃদ্ধি কৰিব পৰাকৈ প্ৰয়োজনীয় প্ৰযুক্তিৰ লগতে ইয়াৰ বিপণন আৰু সেৱা আগবঢ়োৱাৰ বাবে অনুজ্ঞা পত্ৰ হস্তান্তৰিত কৰে।

সবিশেষ জানিবৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1714854

 

অক্সিজেনৰ নাটনি পূৰণৰ পথ দেখুৱালে আইআইটি বম্বেই দেখুৱালে

অক্সিজেনৰ নাটনি পূৰণৰ বাবে নাইট্ৰজেন জেনেৰেটৰক অক্সিজেন জেনেৰেটৰলৈ পৰিৱৰ্তিত কৰাৰ এক উপায় উদ্ভাৱন কৰিছে আইআইটি বোম্বেই।

 

সবিশেষ জানিবৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1714821

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুটসমূহ

 

মহাৰাষ্ট্ৰ মহামাৰীক এক প্ৰাকৃতিক বিপৰ্যয় বুলি ঘোষণা কৰাৰ আহ্বান জনোৱাৰ লগতে শোচনীয় ভাবে ক্ষতিগ্ৰস্থ ৰাজ্যসমূহলৈ অধিক সাহায্য প্ৰেৰণৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। ইফালে, অক্সিজেনৰ নাটনি পূৰণৰ বাবে নাইট্ৰজেন জেনেৰেটৰক অক্সিজেন জেনেৰেটৰলৈ পৰিৱৰ্তিত কৰাৰ এক উপায় উদ্ভাৱন কৰিছে আইআইটি বোম্বেই।

 

গুজৰাটঃ বিচনাৰ অভাৱ স্বত্বেও ক’ভিড হাস্পটালসমূহতো যাতে সকলো ধৰণৰ ৰোগীয়ে অন্ততঃ প্ৰাথমিক চিকিত্সা লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে গুজৰাট উচ্চ ন্যায়ালয়ে।

ৰাজস্থান:ছেৰাম ইনষ্টিউট অব ইণ্ডিয়াৰ পৰা প্ৰতিষেধকৰ পৰ্যাপ্ততা সন্দৰ্ভত কোনো তথ্য তথা নিশ্চয়তা লাভ নকৰাৰৰ পৰিপ্ৰেক্ষিতত ৰাজস্থানত ১৮বছৰৰ উৰ্ধ্বৰ নাগৰিকসকলক ক’ভিডৰ প্ৰতিষেধক প্ৰদান অভিযান বিলম্বিত হব পাৰে। প্ৰথম পৰ্যায়ত ৰাজস্থান চৰকাৰে ৩.৭৫ কোটি পালি প্ৰতিষেধক বিচাৰিছিল। e

মধ্য প্ৰদেশ: ৰাজ্যখনলৈ অক্সিজেনৰ যোগান পাঁচগুণে বৃদ্ধি পাই ১৩০মেট্ৰিক টনৰ পৰা সম্প্ৰতি ৫৪০ মেট্ৰিক টন হৈছেগৈ বুলি তথ্য সদৰী কৰিছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে।

চত্তিশগড়: ক’ভিড চিকিত্সাত ব্যৱহৃত ঔষধসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত অন্তৰ্ভুক্ত কৰি অধিসূচিত কৰাৰ আৰ্জি জনাই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে চত্তিশগড়ৰ মুখ্য়মন্ত্ৰীয়ে।

 

কেৰালা: ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰায় সকলোবোৰ হাস্পটালৰে বিচনাসমূহ দ্ৰুতগতিত কমিবলৈ ধৰিছে। এনে প্ৰেক্ষাপটতত ৰাজ্যচৰকাৰে ব্যক্তিগত চিকিত্সালয়সমূহৰ সেৱা গ্ৰহণৰ পৰিকল্পনা গ্ৰহণ কৰিছে।  

 

তামিল নাডু:তামিল নাডু মেডিকেল ছাৰ্ভিচেজ কৰ্পোৰেশ্যনৰ জৰিয়তে ১.৫কোটি পালি প্ৰতিষেধক সংগ্ৰহ কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যখনত নতুনকৈ ১৬,৬৬৫গৰাকী লোক কভিড আক্ৰান্ত হোৱাৰ পিচতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

 

কৰ্ণাটক:এদিনত সৰ্বাধিক আক্ৰান্তৰ নজিৰ স্থাপন কৰি আজি কৰ্ণাটকত ৩৯,০৪৭গৰাকী লোকৰ দেহত ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পেলোৱা হয়। ইয়াকে ধৰি ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ১৪.৩৯লাখলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যাই ১৫,০০০সংখ্যা অতিক্ৰম কৰিলে। আজি ২২৯গৰাকী লোকে প্ৰাণ হেৰুৱায়।

 

অন্ধ্ৰ প্ৰদেশ: ৰাজ্যনত  যোৱা ২৪ঘণ্টাত ৭৪,৭৪৮গৰাকী লোকৰ নমুনা পৰীক্ষাৰ অন্তত ১৪,৬৬৯গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পেলোৱা হৈছে। এই সময় ছোৱাত ৬৪৩৩গৰাকী লোকে আৰোগ্য হৈ চিকিত্সালয় এৰাৰ বিপৰীতে ৭১গৰাকীৰ মৃত্যু হয়।

 

তেলেংগাণা: প্ৰতিষেধকৰ পৰ্যাপ্ততা নিশ্চিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত অহা ১মেৰ পৰা ১৮বছৰৰ উৰ্ধ্বৰ নাগৰিকসকলক প্ৰতিষেধক প্ৰদানৰ প্ৰস্তাৱিত অভিযান বিলম্বিত হ’ব বুলি সম্ভাৱনা প্ৰকট কৰিছে ৰাজ্যিক জন স্বাস্থ্য সঞ্চালক ড০ জি শ্ৰীনিবাস ৰাৱে।

 

অসম:ট্ৰুনাট আৰু চিবিনাট ব্যৱস্থাৰে কৰা ক’ভিডৰ নমুনা পৰীক্ষণৰ বাবদ ১২০০টকাৰ মাছুল নিৰ্দ্ধাৰণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ৰাজ্যখনত যোৱা ২৪ঘণ্টাত ২২গৰাকী ক’ভিড আক্ৰান্তই মৃত্যু বৰণ কৰাৰ বিপৰীতে ৩,০৪৫গৰাকী নতুন আক্ৰান্তক চিনাক্ত কৰা হৈছে। এই সময়ছোৱাত ৫৫,৪৮০টা নমুনা পৰীক্ষা কৰা হৈছে। আক্ৰান্তৰ হাৰ ৫.৪৯%।

 

মণিপুৰ:মণিপুৰত যোৱা ২৪ঘণ্টাত ৩১,০০০টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে  ২৫৪গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাজ্যখনত ২লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত ১,৪৭,০১২গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে।

মেঘালয়:মেঘালয়ত যোৱা ২৪ঘণ্টাত ১০০গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাজ্যখনত এই পৰ্যন্ত ১৬৭গৰাকী লোকৰ মৃত্যু হৈছে। ১৫৯গৰাকী লোকৰ দেহত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে।

নাগালেণ্ড : নাগালেণ্ডত যোৱা ২৪ঘণ্টাত ১২৪গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাজ্যখনত বুধবাৰে এজন লোকৰ মৃত্যু হয়।  সক্ৰিয় ৰোগীৰ সংখ্যা ৯৫২গৰাকীলৈ বৃদ্ধি পাইছে।এই পৰ্যন্ত ১,৯৭,৫৪৯গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে।

ত্ৰিপুৰা:পৰ্যাপ্ত প্ৰতিষেধকৰ অভাৱত টীকাকৰণ অভিযান বিলম্ব হব পাৰে। যোৱা ২৪ঘণ্টাত ১২৪গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ত্ৰিপুৰা চিকিত্সা মহাবিদ্যালয়ত ৬০০লিটাৰ অক্সিজেন উত্পাদনক্ষম এটা প্ৰকল্প স্থাপন কৰা হৈছে। 

 

ছিক্কিম : ছিক্কিমত যোৱা ২৪ঘণ্টাত ১৫১গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাজ্যখনত মুঠ ২,৮৭৩পালি ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

 

পাঞ্জাৱ : পাঞ্জাৱত মুঠ ৩৫৮১৮৬গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৫৩৪২৬গৰাকীলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত এই পৰ্যন্ত ৮৭৭২গৰাকী লোকে মৃত্যু বৰণ কৰে। এই পৰ্যন্ত ৬১২১৯৭গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে।

 

চণ্ডীগড় : চণ্ডীগড়ত মুঠ ৪১১২২গৰাকী লোকৰ দেহত কভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৬৩০৬গৰাকীলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত এই পৰ্যন্ত ৪৫৭গৰাকী লোকে মৃত্যু বৰণ কৰে।

 

হিমাচল প্ৰদেশ : হিমাচল প্ৰদেশত মুঠ ৯৩৮৮৯গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬০৯৮গৰাকী। ৰাজ্যখনত এই পৰ্যন্ত ১৪০৭গৰাকী লোকে মৃত্যু বৰণ কৰে।

 

 

********



(Release ID: 1714985) Visitor Counter : 168