PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 26 APR 2021 6:04PM by PIB Guwahati

 

#Unite2FightCorona

#IndiaFightsCorona

 

 

সৰ্ববৃহৎ টিকাদান অভিযানে ১০০ সংখ্যক দিনত ভৰি দিয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতৰ মুঠ টিকাদান কভাৰেজে ১৪.১৯ কোটি অতিক্ৰম কৰিলে

 

  • বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান অভিযানৰ অংশস্বৰূপে দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই আজি ১৪.১৯ কোটি অতিক্ৰম কৰিলে।
  • আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হয়হি ১,৪৩,০৪,৩৮২। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮২.৬২%।
  • যোৱা ২৪ ঘন্টাত ২,১৯,২৭২ ৰোগীয়ে আৰোগ্য লাভ কৰিছে।
  • নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৮.৯৮% লাভ কৰা হৈছে দহখন ৰাজ্যত।
  • যোৱা ২৪ ঘন্টাত ৩,৫২,৯৯১ টা নতুন ঘটনা লাভ।
  • ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ অৱনমিত হৈ আছে আৰু সম্প্ৰতি এই হাৰ হৈছে ১.১৩%
  • যোৱা ২৪ ঘন্টাত পাঁচ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। সেয়া হৈছেঃ দমন ও ডিউ ও দাদৰা ও নগৰ হাভেলী, ত্ৰিপুৰা, লক্ষদ্বীপ, মিজোৰাম আৰু আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড ব্যৱস্থাপনাত সহায়ৰ অৰ্থে সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

 

ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱাতে আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। তেওঁলোকে মহামাৰীটোৰে মোকাবিলা কৰিবলৈ সশস্ত্ৰ বাহিনীসমূহে গ্ৰহণ কৰা ব্যৱস্থা আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানজনে চমুকৈ অৱগত কৰে যে সশস্ত্ৰ বাহিনীসমূহৰপৰা যিসকল মেডিকেল পাৰ্ছনেলে যোৱা ২ টা বছৰত অৱসৰ বা সময়-পূৰ্ব অৱসৰ গ্ৰহণ কৰিছিল, তেওঁলোক সকলোকে তেওঁলোকৰ বৰ্তমান বাসস্থানৰ নিকটৱৰ্তী ক’ভিড ব্যৱস্থাসমূহত কাম কৰিবলৈ মাতি অনা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম ইয়োচিহিদে সুগাৰ মাজত টেলিফোনিক বাৰ্তালাপ

 

দুয়োগৰাকী নেতাই নিজ-নিজ দেশৰ ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে আৰু মহামাৰীটোৰদ্বাৰা সৃষ্ট বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক প্ৰত্যাহ্বান সন্দৰ্ভত মত বিনিময় কৰে। মহামাৰীটোক প্ৰতিৰোধৰ অৰ্থে ভাৰতলৈ আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সুগাক ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি তেখেতে ক’ভিড-১৯ পৰিস্থিতি সুস্থিৰ হোৱাৰ লগে-লগেই নিকট ভৱিষ্যতে প্ৰধানমন্ত্ৰী সুগাক ভাৰতলৈ আদৰণি জনাবলৈ সক্ষম হোৱাৰ আশা ব্যক্ত কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ষ্টীল প্লান্টসমূহৰদ্বাৰা ৩১৩১ মেট্ৰিক টন লিকুইড মেডিকেল অক্সিজেন যোগান

 

২৫ এপ্ৰিল, ২০২১ ত ৰাজহুৱা ও ব্যক্তিগত খণ্ডৰ ষ্টীল প্লান্টসমূহে ভিন্ন ৰাজ্যলৈ ৩১৩১.৮৪ মেট্ৰিক টন লিকুইড মেডিকেল অক্সিজেন (LMO) যোগান ধৰিছে। এদিন পূৰ্বে এই যোগানৰ পৰিমাণ আছিল ২৮৯৪ টন। এটা সপ্তাহ পূৰ্বে, দৈনিক গড়ে ১৫০০/১৭০০ মেট্ৰিক টনকৈ যোগান ধৰা হৈছিল।

অধিক বিৱৰণৰ বাবেঃ

 

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্কীয় সমস্যাৰ বাবে ডিজিএফটি এ ভিড-১৯ হেল্পডেস্ক কাৰ্যক্ষম কৰি তুলিলে

 

ক’ভিড-১৯ ৰ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ বাণিজ্য বিভাগ আৰু বৈদেশিক বাণিজ্যৰ সঞ্চালকালয় প্ৰধান (DGFT) এ বাণিজ্য অংশীদাৰসকলে মুখামুখি হোৱা সমস্যাৰাজি, ৰপ্তানি আৰু আমদানিৰ স্থিতি নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

অক্সিজেন আৰু অক্সিজেন সম্পৰ্কীয় সা-সৰঞ্জাম ইত্যাদিকে ধৰি কভিড সম্বন্ধীয় আমদানিৰ কাষ্টম ক্লীয়াৰেন্স ত্বৰান্বিত কৰিবলৈ বাণিজ্য, উদ্যোগ আৰু ব্যৱসায়ীৰ হাতে-হাত ধৰিবলৈ চিবিআইচিয়ে সমৰ্পিত হেল্পডেস্ক আৰম্ভ কৰিলে
 

ক’ভিড সম্পৰ্কীয় আমদানিৰে সম্পৰ্কীয় সমস্যাৰে মোকাবিলা আৰু কাষ্টম ক্লীয়াৰেন্সৰ অৰ্থে বাণিজ্য, উদ্যোগ আৰু ব্যৱসায়ীৰ হাতে-হাত ধৰিবলৈ কেন্দ্ৰীয় পৰোক্ষ কৰা আৰু শুল্ক পৰিষদ (CBIC) এ সমৰ্পিত হেল্পডেস্ক আৰম্ভ কৰিলে।

অধিক বিৱৰণৰ বাবেঃ

 

চিএছআইআৰ-চিএমইআৰআই এ ঘৰুৱাভাৱে প্ৰস্তুত কৰি উলিওৱা অক্সিজেন সমৃদ্ধকৰণ প্ৰযুক্তি কভিড-১৯ ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাত ফলপ্ৰসূ হৈ উঠিবঃ ডাঃ ভি আৰ চিৰচাথ

 

চিএছআইআৰ-চিএমইআৰআই এ ঘৰুৱাভাৱে প্ৰস্তুত কৰি উলিওৱা অক্সিজেন সমৃদ্ধকৰণ প্ৰযুক্তি ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাত ফলপ্ৰসূ হৈ উঠিব। এই প্ৰযুক্তিৰ অসীম সম্ভাৱনা আছে। তেওঁ এই জটিল সন্ধিক্ষণত অংশগ্ৰহণকাৰী সকলো উদ্যোগ/উদ্যোগীকে আগবাঢ়ি আহিবলৈ ও যিমান সম্ভৱ সিমান সোনকালে এই ডিভাইচটো প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰই আজি ‘অক্সিজেন এক্সপ্ৰেছ’ ৰ জৰিয়তে ৪৪ টন লিকুইড অক্সিজেন লাভ কৰিলে। ভাৰতীয় ৰেলৱেৰ ৰ’ ৰ’ সেৱাই গুজৰাটৰ হাপাৰপৰা নভী মুম্বাইৰ কালামবলিলৈ লিকুইড মেডিকেল অক্সিজেনৰ তিনিটা টেংকাৰ কঢ়িয়াই নিয়ে। এই তিনিটা টেংকাৰৰপৰা, এটা মুম্বাই, এটা থানে আৰু এটা পুনেলৈ প্ৰেৰণ কৰা যাব।

 

গুজৰাটঃ আহমেদাবাদস্থিত গুজৰাট বিশ্ববিদ্যালয় কনভেনশ্যন আৰু এক্সিবিশ্যন চেন্টাৰত ডিআৰডিঅ আৰু গুজৰাট ৰাজ্য চৰকাৰে যুটীয়াভাৱে স্থাপন কৰা ৯০০ খন বিছনাযুক্ত ধ্বনন্তৰি কভিড কেয়াৰ চিকিৎসালয় কাৰ্যক্ষম হৈ পৰিছে। কালিৰেপৰা চিকিৎসালয়খনিত ৰোগীক ভৰ্তি কৰোৱা হয়। কালি ৰাজ্যখনত ১৪,২৯৬ নতুন ঘটনা লাভ কৰা হৈছে।

 

মধ্য প্ৰদেশঃ মধ্য প্ৰদেশ ৰাজ্য় চৰকাৰখনে ভূপালত ৰোনো কাৰ্ফিউ ৩ মেলৈকে সম্প্ৰসাৰিত কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ৰাজ্যখনত ৰোনো কাৰ্ফিউ বলবৎ কৰাতে ক’ভিড পজিটিভিটি হাৰ সুস্থিৰ হৈ পৰিছে। ২২ এপ্ৰিলত এই হাৰ ২৪.২৯% ৰপৰা ২৫ এপ্ৰিলত ২৩.০১% লৈ অৱনমিত হৈছে।

চত্তীশগড়ঃ চত্তীশগড় চৰকাৰে ৬ মে’লৈকে লকডাউন সম্প্ৰসাৰিত কৰিলে। লকডাউনৰ এই সময়ছোৱাত সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়সমূহ বন্ধ থাকিব। ইয়াৰোপৰি, ধৰ্মীয় আৰু পৰ্যটন স্থানসমূহত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ থাকিব।

ৰাজস্থানঃ শেহতীয়াভাৱে ৰাজস্থানৰ যোধপুৰত দুখন অক্সিজেন টেংকাৰ উপস্থিত হৈছে। গ্ৰীন কৰিডৰেদি এই টেংকাৰ দুখন চহৰখনত উপস্থিত হয়। পাছত, এটা যোধপুৰস্থিত মথুৰা দাস মাথুৰ চিকিৎসালয় আৰু মহাত্মা গান্ধী চিকিৎসালয়ৰ লিকুইড অক্সিজেন প্লান্টক হস্তান্তৰ কৰা যায়।

 

গোৱাঃ গোৱাত কভিড-১৯ ঘটনা বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গোৱাত ব্যৱসায়-বাণিজ্য বন্ধ কৰা হৈছে।

 

কেৰালাঃ কেৰালাত আজি এখনি সৰ্ব-দলীয় বৈঠক অনুষ্ঠিত হয়। ইয়াত, ৰাজ্য়খনত সম্পূৰ্ণ লকডাউন বলবৎ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা যায়। তদুপৰি ইয়াতে কন্টেইনমেন্ট জ’নসমূহত যাতে আৰোপিত নীতি-নিৰ্দেশনা পালন কৰা হয়, তাৰ অৰ্থে কঠোৰ নিৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

তামিল নাডুঃ তামিল নাডুৰ ৰাজনৈতিক দলসমূহে অক্সিজেন উৎপাদনৰ অৰ্থে থুথুকুদিস্থিত ষ্টাৰলাইট প্লান্টটো পুনৰ মুকলিৰ অৰ্থে সেউজ সংকেত প্ৰদান কৰিলে। আজি ৰাজ্য়খনৰ সচিবালয়ত মুখ্যমন্ত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত সৰ্ব-দলীয় বৈঠকতে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা যায়। যোৱা ২৪ ঘন্টাত পুডুচেৰীত ৭৪৭ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়।

 

কৰ্ণাটকঃ কৰ্ণাটকত মঙলবাৰৰপৰা দুসপ্তাহৰ বাবে সান্ধ্য আইন ঘোষণা কৰা হৈছে। ক’ভিড-১৯ ৰ সংক্ৰমণৰ সংখ্যা হ্ৰাস আৰু শৃংখল ছিঙিবলৈকে ঘোষণা কৰা এই সান্ধ্য আইন মঙলবাৰে সন্ধিয়া ৬ বজাৰপৰা আৰম্ভ হ’ব। সান্ধ্য আইনৰ সময়ছোৱাতো পুৱা ৬ বজাৰপৰা দিনৰ ১০ বজালৈকে ৰাজ্যখনত অপৰিহাৰ্য্য সেৱাসমূহ মুকলি থাকিব।

 

অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত যোৱা ২৪ ঘন্টাত ১২,৬৩৪ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে ৰাজ্যখনত ৬৯ আক্ৰান্তই মৃত্য়ুবৰণ কৰে। ইফালে, ৪৩০৪ ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰাতে তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে।

 

তেলেংগানাঃ        তেলেংগানাত দেওবাৰে ৫৬,৪৯৯ লোকে ক’ভিডৰ প্ৰথম পালি আৰু ১১,৪৫৭ লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰে। ইয়াৰ জৰিয়তে, ৰাজ্যখনত প্ৰথম পালি ভেকচিন লাভ কৰা মুঠ লোকৰ সংখ্যা ৩৫,৭১,১৭২ আৰু দ্বিতীয় পালি ভেকচিন লাভ কৰা মুঠ লোকৰ সংখ্যা ৫,০৩,১৩৫ হৈ পৰিল।

 

অসমঃ অসমত দেওবাৰে ক’ভিড-১৯ ত আক্ৰান্ত ১৪ ৰোগীয়ে মৃত্যুবৰণ কৰে। একেটা দিনতে ৰাজ্যখনত ১,৮৪৪ টা নতুন ঘটনা লাভ কৰা হয়। ইয়াত পজিটিভিটি হাৰ ৫.৪৮ শতাংশ। ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, অসমৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত ১০ ৰপৰা ১৫ অধিক ক্ষুদ্ৰ অক্সিজেন প্লান্ট স্থাপনাৰ্থে পৰিকল্পনা হাতত লৈছে। অসমে ইতিমধ্যে ৮ টা অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপন কৰিছে। ইয়াৰে ৩ টা জিএমচিএইচ, ২ টা জেএমচিএইচ আৰু তেজপুৰ, বৰপেটা আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত এটাকৈ স্থাপন কৰা যায়। ৰাজ্যখনত ক’ভিডৰ প্ৰথমটো ঢৌৰ পাছতেই এই প্লান্ট কেইটা স্থাপন কৰা হৈছিল। বৰ্তমান এই প্লান্টকেইটাই দৈনিক ৫.২৫ মেট্ৰিক টন অক্সিজেন উৎপাদন কৰি আছে।

মণিপুৰঃ মণিপুৰত শেহতীয়াভাৱে বৰ্ষটোৰ সৰ্বাধিক ১৪০ টা দৈনিক ক’ভিড-১৯ পজিটিভ ঘটনা লাভ কৰা হৈছে। দেওবাৰৰ তথ্য অনুসৰি, ইয়াৰ ফলত ৰাজ্য়খনৰ ক’ভিড কেছল’ড ৩০,৪২১ লৈ বৃদ্ধি পাই আৰু ২ জন ৰোগীৰ মৃত্যু ঘটাত মুঠ মৃত্যুৰ ঘটনা ৩৮৫ লৈ বৃদ্ধি হয়। ৰাজ্যখনত ক’ভিড ভেকচিন প্ৰদান কৰা মুঠ লোকৰ সংখ্যা ১,২৯,০৯৯ হৈছেহি। ইফালে ২৪ জিলা পৰ্যায়ৰ চিকিৎসা বিষয়াক কনটেক্ট ট্ৰেচিঙৰ অৰ্থে জিলা ন’ডেল বিষয়া (DNO) হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ক’ভিড-১৯ মহামাৰীটোক অতিক্ৰমৰ অৰ্থে নিৰলস প্ৰচেষ্টাৰ অংশস্বৰূপে, ৰাজ্য চৰকাৰখনে পাঁচটা অক্সিজেন জেনেৰেটৰ স্থাপন কৰিছে যিয়ে দেওবাৰৰ দিনটোত ১০ জাম্ব’ চিলিণ্ডাৰ উৎপাদন কৰিবলৈ সক্ষম হয়।

মেঘালয়ঃ মেঘালয়ত দেওবাৰে ২০৮ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হৈছে – এই পৰিমাণ ২০২১ ত এদিনতে সৰ্বাধিক বৃদ্ধি হিচাপে পৰিগণিত হয়। ৰাজ্য়খনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১,৩৩৮ টা। তদুপৰি, দেওবাৰে আৰু দুটা ক’ভিজ-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱাত মুঠ মৃত্যুৰ ঘটনাৰ সংখ্যা ১৬০ লৈ বৃদ্ধি পালে। ক’ভিড-১৯ ৰ ভেকচিনৰ সুৰক্ষাক লৈ ভীতি দূৰ কৰি, শ্বিলঙৰ জনসাধাৰণে বিপুল সংখ্যকভাৱে ভেকচিন গ্ৰহণ কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে।

ছিকিমঃ ছিকিমৰ পালজৰ ষ্টেডিয়ামত ১০০-বিছনা যুক্ত ক’ভিড ৱাৰ্ড স্থাপনেৰে ইয়াক ক’ভিড কেয়াৰ চেন্টাৰৰ ৰূপ দিয়া হ’ব। ৰাজ্যখনত শেহতীয়াভাৱে ১৪৮ টা ক’ভিডৰ নতুন ঘটনা লাভ কৰাৰ বিপৰীতে এজন আক্ৰান্তই মৃত্যুবৰণ কৰিছে।

 

ত্ৰিপুৰাঃ ত্ৰিপুৰাৰ আগৰতলাত কালি এটা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। যোৱা ২৪ ঘন্টাত ইয়াত ১০০ টা নতুন ঘটনা লাভ কৰা যায়। ৰাজ্য়খনত ক’ভিড ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে, ব’ৰ্ড আৰু বিশ্ববিদ্য়ালয়ৰ পৰীক্ষা বাতিল কৰা হৈছে।

 

নাগালেণ্ডঃ নাগালেণ্ডত দেওবাৰে ১৮০ টা নতুন ক’ভিড ঘটনা লাভ কৰাত ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ১৩,১৮৩ লৈ বৃদ্ধি পালে। ডিমাপুৰতে ১৫৪ টা নতুন ঘটনা লাভ কৰা যায়। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৬৭৯ টা। নাগালেণ্ডত অদ্যপি ১,৮০,৪৩৭ জন হিতাধিকাৰীক ক’ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।

 

পঞ্জাৱঃ পঞ্জাৱত ক’ভিড পজিটিভ ধৰা পৰা ৰোগীৰ মুঠ সংখ্যা হৈছেগৈ ৩৩৯০৯০ জন। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা ৪৮১৫৪ টা। মুঠ মৃত্যুৰ ঘটনা ৮৪৩২।

 

চণ্ডীগড়ঃ চণ্ডীগড়ত নিশ্চিত ক’ভিড-১৯ ঘটনা ৩৮৬৯২ হৈ পৰিছে। ইয়াত সক্ৰিয় ঘটনাৰ মুঠ সংখ্যা হৈছে ৫২৩৬ টা। আজিলৈকে ইয়াত ৪৩৫ টা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

 

হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশত আজিলৈকে ক’ভিড পজিটিভ ধৰা পৰা আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ৮৭৫০১ টা। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ মুঠ সংখ্যা ১৩৫৭৭ টা। অদ্যপি ৰাজ্যখনত ১৩২৩ ক’ভিড আক্ৰান্ত মৃত্যুমুখত পৰিছে।

 

পিআইবিৰ ফেক্ট চেক

 

*********



(Release ID: 1714250) Visitor Counter : 140