প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অধিক প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কীয় বৈঠকত পৌৰহিত্য প্ৰধানমন্ত্ৰী মোদীৰ

যদি আমি এখন ৰাষ্ট্ৰ হিচাপে কাম কৰো, তেতিয়া সম্পদৰ কোনো নাটনি নহ’বঃ প্ৰধানমন্ত্ৰী

অক্সিজেন টেংকাৰৰ যাতায়াতৰ সময় হ্ৰাসৰ অৰ্থে ৰেলৱে আৰু বায়ু সেনা মোতায়েন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

ৰাজ্যসমূহক অপৰিহাৰ্য্য মেডিচিন আৰু ইনজেকশ্যনৰ গোপন মজুত আৰু ক’লা বেহাক লৈ কঠোৰ হ’বলৈ অনুৰোধ প্ৰধানমন্ত্ৰীৰ

কেন্দ্ৰই ৰাজ্যসমূহলৈ ১৫ কোটিৰো অধিক পালি বিনামূল্যে আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী

চিকিৎসালয়সমূহৰ সুৰক্ষাক উপেক্ষিত কৰাটো উচিত নহয়ঃ প্ৰধানমন্ত্ৰী

ক্ৰয় ত্ৰাস লাঘৱৰ অৰ্থে সজাগতা অৱশ্যেই বৃদ্ধি কৰিব লাগেঃ প্ৰধানমন্ত্ৰী

Posted On: 23 APR 2021 2:42PM by PIB Guwahati

শেহতীয়াভাৱে সৰ্বাধিক সংখ্যক ঘটনা লাভ কৰা ১১ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কীয় এখনি উচ্চ-স্তৰীয় বৈঠকত পৌৰহিত্য কৰিলে।

ভাইৰাছটোৱে কেইবাখনো ৰাজ্যক প্ৰভাৱিত কৰাৰ সমান্তৰালভাৱে একে সময়তে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহক প্ৰভাৱিত কৰাৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত সমন্বিত শক্তিৰে একেলগে কাম কৰাৰ আহ্বান জনায়। তেখেতে কয়, মহামাৰীটোৰ প্ৰথমটো ঢৌৰ সময়ছোৱাত ভাৰতৰ সফলতাৰ সৰ্ববৃহৎ আধাৰ আছিল আমাৰ সমন্বিত প্ৰচেষ্টা আৰু একত্ৰিত কৌশল আৰু তেখেতে আমি একেই পন্থাৰে এই প্ৰত্যাহ্বানৰে মোকাবিলা কৰিম বুলি দোহাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সকলোবোৰ ৰাজ্য আৰু এই যুঁজখনত কেন্দ্ৰৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। তেখেতে লগতে কয় যে স্বাস্থ্য মন্ত্ৰালয়েও ৰাজ্যসমূহৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আছে আৰু নিবিড়ভাৱে পৰিস্থিতিটো নিৰীক্ষণ কৰিছে আৰু সময়ে-সময়ে এই ৰাজ্যসমূহলৈ যাৱতীয় পৰামৰ্শ আগবঢ়াইছে।

অক্সিজেন যোগান সন্দৰ্ভত, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহে উত্থাপন কৰা পইন্টসমূহ টুকি ৰাখে। তেখেতে কয়, অক্সিজেন যোগান বৃদ্ধিৰ অৰ্থে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। চৰকাৰৰ সকলো সংশ্লিষ্ট বিভাগ আৰু মন্ত্ৰালয়েও একেলগে কাম কৰি আছে। তাৎক্ষণিক প্ৰয়োজনীয়তা দূৰ কৰিবলৈ ঔদ্যোগিক অক্সিজেনক ৰূপান্তৰিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে মেডিচিন আৰু অক্সিজেনৰ সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ পৰিপূৰণৰ অৰ্থে সকলো ৰাজ্যক পাৰস্পৰিক সহযোগিতা আৰু একেলগে কাম কৰাৰ আহ্বান জনায়। ৰাজ্যসমূহক অক্সিজেন আৰু মেডিচিনৰ গোপন মজুত আৰু কলা বেহা নিৰীক্ষণ কৰিবলৈ তেখেতে অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যিকোনো ৰাজ্য অভিমুখী এখনো অক্সিজেন টেংকাৰো যাতে স্তব্ধ বা অসহায় অৱস্থাৰ সন্মুখীন হ’বলগীয়া নহয়, প্ৰতিখন ৰাজ্যই সেয়া নিশ্চিত কৰা উচিত। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক কোনো এখন ৰাজ্যৰ চিকিৎসালয়সমূহলৈ অক্সিজেন পৰিবহণৰ অৰ্থে এখনকৈ উচ্চ-স্তৰীয় সমন্বয় কমিটি গঠনৰ আহ্বান জনায়। এই সমন্বয় কমিটিখনে কেন্দ্ৰৰপৰা অক্সিজেন আবন্টনৰ লগে-লগে, তাৎক্ষণিকভাৱে সংশ্লিষ্ট ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়সমূহৰ প্ৰয়োজনীয়তা অনুসৰি ইয়াৰ হস্তান্তৰ নিশ্চিত কৰাটো উচিত। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক অৱগত কৰে যে কালি তেখেতে অক্সিজেন যোগান সন্দৰ্ভত এখনি বৈঠকত পৌৰহিত্য কৰিছিল আৰু যাৰ জৰিয়তে আজি তেওঁ অক্সিজেন যোগান বৃদ্ধিৰ অৰ্থে সকলো বিকল্প সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকখনিত ভাগ ল’বলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে অক্সিজেন টেংকাৰসমূহৰ যাতায়াতৰ সময় আৰু পৰিৱৰ্তন সময় হ্ৰাসৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখনে সকলো সম্ভাৱ্য বিকল্প সন্দৰ্ভত কাম কৰি আছে। ইয়াৰ অৰ্থে, ৰেলৱেয়ে অক্সিজেন এক্সপ্ৰেছ আৰম্ভ কৰিছে। তদুপৰি একমুখী যাতায়াতৰ সময় হ্ৰাসৰ অৰ্থে বায়ু সেনাই খালী অক্সিজেন টেংকাৰসমূহ পৰিবহণ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সম্পদৰ উন্নয়ন সাধনকে ধৰি, আমি টেষ্টিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে ব্যাপকভাৱে টেষ্টিং সম্পাদন কৰা উচিত যাৰ জৰিয়তে জনসাধাৰণে সহজতে সুবিধাসমূহ লাভ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই পৰিস্থিতিত আমাৰ টিকাদান কাৰ্যক্ৰমৰ গতি মন্থৰ হৈ পৰাটো উচিত নহ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম অব্যাহত ৰাখিছে আৰু অদ্যপি, ভাৰত চৰকাৰৰদ্বাৰা ৰাজ্যসমূহলৈ বিনামূল্যে ১৫ কোটিৰো অধিক পালি ভেকচিন আগবঢ়োৱা হৈছে। ৪৫ বছৰ বয়সৰ উৰ্ধ সকলো নাগৰিক তথা সমান্তৰালভাৱে হেল্থ-কেয়াৰ কৰ্মী ও ফ্ৰন্ট-লাইন কৰ্মীসকলক বিনামূলীয়া ভেকচিন প্ৰদানৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখনে আৰম্ভ কৰা অভিযানো একেদৰে অব্যাহত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ১ মে’ৰপৰা ভেকচিনটো ১৮ বছৰ বয়সৰ উৰ্ধ সকলো নাগৰিকৰ বাবে উপলব্ধ হ’ব। গৰিষ্ঠসংখ্যক লোকেই ভেকচিন লাভ কৰাৰ অৰ্থে আমি তদুপৰি মিছন ম’ডত কাম কৰা প্ৰয়োজন।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰোগীসকলৰ চিকিৎসাৰ অৰ্থে সকলোবোৰ ব্যৱস্থাৰ ওপৰিও, চিকিৎসালয়ৰ সুৰক্ষা অতিশয় গুৰুত্বপূৰ্ণ। শেহতীয়াভাৱে চিকিৎসালয়ত সংঘটিত অক্সিজেন লিকেজ আৰু অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, চিকিৎসালয়ৰ প্ৰশাসনিক ষ্টাফে সুৰক্ষা প্ৰট’কলসমূহৰ সন্দৰ্ভত অধিক সতৰ্ক হোৱাটো আৱশ্যকীয়।

প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি প্ৰশাসনক জনসাধাৰণক সজাগ কৰি যাবলৈ আহ্বান জনাই যাৰ জৰিয়তে তেওঁলোক ত্ৰাস ক্ৰয়ক প্ৰশ্ৰয় নিদিব। তেখেতে কয় যে সমন্বিত প্ৰচেষ্টাৰে, আমি সমগ্ৰ দেশখনতে মহামাৰীটোৰ এই দ্বিতীয় ঢৌ ৰুদ্ধ কৰিবলৈ সক্ষম হ’ম।

পূৰ্বে, ডাঃ ভিকে পালে প্ৰেজেনটেশ্যন আগবঢ়াই, য’ত সংক্ৰমণৰ নতুন বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণ হৈ উঠা প্ৰস্তুতি সন্দৰ্ভত অৱলোকন কৰা হয়। ডাঃ পালে তদুপৰি মেডিকেল ব্যৱস্থা আৰু ৰোগীৰ লক্ষ্য নিৰ্ধাৰিত চিকিৎসা বৃদ্ধিৰ অৰ্থে দিক নিৰ্দেশনা দাঙি ধৰে। তেওঁ সকলোকে মেডিকেল আন্তঃগাঁথনি, টীম আৰু যোগান; ক্লিনিকেল মেনেজমেন্ট; কন্টেইনমেন্ট; টিকাদান ও সমাজৰ অংশগ্ৰহণ বৃদ্ধি সন্দৰ্ভত চমুকৈ ব্যক্ত কৰে।

এই মত-বিনিময়ত, মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীগৰাকীক সাম্প্ৰতিক ঢৌত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত চমুকৈ কয়। তেওঁলোকে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা নিৰ্দেশনা আৰু নিটি আয়োগে প্ৰদান কৰা পথ নিৰ্দেশনাই উত্তম পন্থাৰে তেওঁলোকৰ সঁহাৰি পৰিকল্পনাত সহায় কৰিব।

*****

DS/AK/SB



(Release ID: 1714058) Visitor Counter : 258