স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত সামূহিক টিকাকৰণ অভিযানে ১৩.২৩ কোটিতকৈ অধিক লোকক সামৰি লৈছে

বিগত ২৪ ঘণ্টাত ২২লাখ লোকক টিকাকৰণ কৰা হৈছে

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৬০%ই ৫খন ৰাজ্যৰ

বিগত ২৪ ঘণ্টাত ১.৭৮লাখতকৈ অধিক ৰোগী আৰোগ্য হৈছে

Posted On: 22 APR 2021 11:26AM by PIB Guwahati

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে সামূহিক ক’ভিড-১৯ টিকাকৰণৰ সংখ্যাই ১৩.২৩ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

আজি পুৱা ৭ বজালৈকে ১৯,২৮,১১৮টা পৰ্বৰ জৰিয়তে মুঠ ১৩,২৩,৩০,৬৪৪টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯২,১৯,৫৪৪গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৫৮,৫২,০৭১গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,১৬,৩২,০৫০গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৫৯,৩৬,৫৩০গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৪,৭৮,৬৭,১১৮গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৫৭,৬০,৩৩১গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৪,৪৪,২৮,৮৮৪জন লোকক প্ৰথম ড’জ আৰু ১৬,৩৪,১১৬জন লোকক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৫৯.২৫%ই আঠখন ৰাজ্যৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001RVXP.jpg

বিগত ২৪ ঘণ্টাত ২২ লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হয়৷

টিকাকৰণ অভিযানৰ ৯৬তম দিন(২১ এপ্ৰিলত)ত দেশত ২২,১১,৩৩৪জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ৩৫,৪৯৯টা পৰ্বৰ জৰিয়তে ১৫,০১,৭০৪গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ০৭,০৯,৬৩০জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

বিগত ২৪ ঘণ্টাত দেশত ৩,১৪,৮৩৫জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, চত্তীশগড়, মধ্যপ্ৰদেশ, বিহাৰ, গুজৰাট আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৭৫.৬৬%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৭,৪৬৮জন, উত্তৰপ্ৰদেশত ৩৩,১০৬জন আৰু দিল্লীত ২৪,৬৩৮ লোক নতুনকৈ আক্ৰান্ত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image002SP1D.jpg

১২খন ৰাজ্যত নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image003AGJE.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image004H2RC.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image005Q5PF.jpg

 

তলৰ লেখ চিত্ৰত ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image006ZRQ4.jpg

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২২,৯১,৪২৮গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ আক্ৰান্ত ৰোগীৰ ১৪.৩৮%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ১,৩৩,৮৯০জন বৃদ্ধি পালে৷

৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, চত্তীশগড়, কেৰালা আৰু উত্তৰপ্ৰদেশত ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৫৯.৯৯% আছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image007NDIG.jpg

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,৩৪,৫৪,৮৮০জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৪.৪৬% হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,৭৮,৮৪১জন ৰোগী আৰোগ্য হৈছে৷ ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৬%লৈ হ্ৰাস পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ২,১০৪জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮১.০৮%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ২৪৯জন লোকৰ মৃত্যু হৈছে৷ দিল্লীতো ২৪৯জন ৰোগীৰ মৃত্যু হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image008WL0U.jpg

 

০৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-লাডাখ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, লাক্ষাদ্বীপ, নাগালেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ৷

****

MV/DB



(Release ID: 1713513) Visitor Counter : 199