স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিগত ২৪ ঘণ্টাত ২৭লাখ ড’জ প্ৰদানসহ টিকাকৰণ অভিযানে ১১.৭২ কোটিতকৈ অধিক লোকক সামৰি লৈছে

সমগ্ৰ দেশত ২৬কোটিতকৈ অধিক নমূনা সম্পন্ন কৰা হৈছে

মুঠ চিকিৎসাধীন ৰোগীৰ ৭৯%ই ১০খন ৰাজ্যৰ

Posted On: 16 APR 2021 10:39AM by PIB Guwahati

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ অধীনত আজি দেশত ক’ভিড-১৯ টিকাকৰণৰ সংখ্যাই ১১.৭২ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

আজি পুৱা ৭ বজালৈকে ১৭,৩৭,৫৩৯টা পৰ্বৰ জৰিয়তে মুঠ ১১,৭২,২৩,৫০৯টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯০,৮২,৯৯৯গৰাকী স্বাস্থ্যকৰ্মীক প্ৰথম ড’জ আৰু ৫৬,৩৪,৬৩৪গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,০২,৯৩,৫২৪গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৫১,৫২,৮৯১গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৪,৪২,৩০,৮৪২গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৩০,৯৭,৯৬১গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৩,৮৭,৪১,৮৯০জন লোকক প্ৰথম ড’জ আৰু ৯,৮৮,৭৬৮জন লোকক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৫৯.৬৩%ই আঠখন ৰাজ্যৰ৷

বিগত ২৪ ঘণ্টাত ২৭ লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হয়৷

টিকাকৰণ অভিযানৰ ৯০তম দিন(১৫এপ্ৰিল)ত দেশত ২৭,৩০,৩৫৯জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ৩৯,২৮০টা পৰ্বৰ জৰিয়তে ২১,৭০,১৪৪গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৫,৬০,২১৫জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

সমগ্ৰ দেশত ২৬কোটিতকৈ অধিক নমূনা পৰীক্ষা সম্পন্ন কৰা হৈছে, য’ত মুঠ পজিটিভিটিৰ হাৰ ৫.৪২%৷

ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত দেশত ২,১৭,৩৫৩জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, ছত্তীশগড়, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, মধ্যপ্ৰদেশ, তামিলনাডু, গুজৰাট, পশ্চিমবংগ আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৭৯.১০%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬১,৬৯৫জন, উত্তৰপ্ৰদেশত ২২,৩৩৯জন আৰু দিল্লীত ১৬,৬৯৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

১৬খন ৰাজ্যত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো তলৰ লেখচিত্ৰত প্ৰতিফলিত হৈছে৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৫,৬৯,৭৪৩গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ চিকিৎসাধীন ৰোগীৰ ১০.৯৮%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ৯৭,৮৬৬জন বৃদ্ধি পালে৷

৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ছত্তীশগড়, কেৰালা আৰু উত্তৰপ্ৰদেশত দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৬৫.৮৬% আছে৷ মহাৰাষ্ট্ৰতে মুঠ চিকিৎসাধীন ৰোগীৰ ৩৯.৬০% আছে৷

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,২৫,৪৭,৮৬৬জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৭.৮০%লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,১৮,৩০২জন ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ১,১৮৫জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮৫.৪০%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৪৯জন লোকৰ মৃত্যু হৈছে৷ ছত্তীশগড়তো ১৩৫জন ৰোগীৰ মৃত্যু হৈছে৷

খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-লাডাখ, ত্ৰিপুৰা, ছিকিম, মেঘালয়, ছিকিম, নাগালেণ্ড, মিজোৰাম, মনিপুৰ, লাক্ষাদ্বীপ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ৷

****

MV/DB



(Release ID: 1712399) Visitor Counter : 226