প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জর্ডানৰ প্রতিষ্ঠাৰ শতবার্ষিকী উপলক্ষে প্রধানমন্ত্রীৰ বক্তব্য

Posted On: 13 APR 2021 11:25PM by PIB Guwahati

জর্ডানৰ প্রতিষ্ঠাৰ শতবার্ষিকী উপলক্ষে মই আন্তৰিক শুভেচ্ছা জনাইছো।

ৰজা আব্দুল্লা আৰু জৰ্ডানৰ জনসাধাৰণক মই ঊষ্ণ অভিনন্দন জনাইছো।

ঐতিহাসিকভাৱে আৰু ধর্মীয় ঐতিহ্যৰ হিচাপত জর্ডান বিশ্বৰ এক সন্মানীয় নাম।

ৰজা আব্দুল্লাৰ দূৰদর্শী নেতৃত্বত জর্ডানত সুস্থিৰ আৰু সমন্বিত উন্নয়ন হৈছে।

অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়নত জর্ডানৰ অগ্রগতি লক্ষণীয়।

বিশ্বৰ গুৰুত্বপূর্ণ এই অঞ্চলত জর্ডান শক্তিশালী কন্ঠ আৰু মধ্যপন্থা আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্রতীক হৈ উঠিছে।

প্রতিৱেশী দেশসমূহৰ সৈতে শান্তিপূর্ণ সহাৱস্থানৰ ক্ষেত্রত জর্ডান আদর্শ ৰাষ্ট্র হিচাপে আত্মপ্রকাশ কৰিছে আৰু সুস্থিৰ তথা প্রভাৱশালী কন্ঠ হৈ উঠিছে।

পশ্চিম এছিয়াত শান্তিৰ বাবে মাননীয় ৰজাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।

আঞ্চলিক শান্তি আৰু নিৰাপত্তাত সমন্বয় গঢ়ি তুলিবলৈ একিউবা প্রক্রিয়াৰ গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছে।

একেদৰে, ২০০৪ চনৰ আম্মান বার্তা সহিষ্ণুতা, ঐক্য আৰু মানৱজাতিৰ প্রতি মর্যাদা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ।

২০১৮ চনত মাননীয় ৰজাৰ দিল্লী ভ্ৰমণৰ সময়ত এই একেই বার্তা পুনৰ উচ্চাৰিত হৈছে।

‘ভৱিষ্যৎ বিশ্বত বিশ্বাসৰ ভূমিকা’ শীর্ষক ধর্মীয় নেতাসকলৰ আলোচনাত তেওঁৰ চিন্তাধাৰা শ্বেয়াৰ কৰাৰ বাবে তেওঁ মোৰ আমন্ত্রণ গ্রহণ কৰিছিল৷

ভাৰত আৰু জর্ডানে যৌথভাৱে বিশ্বাস কৰে মধ্যপন্থা আৰু শান্তিপূর্ণ সহাৱস্থান শান্তি আৰু প্রগতিৰ বাবে গুৰুত্বপূর্ণ।

মানৱজাতিৰ উন্নত ভৱিষ্যতৰ বাবে আমি যুটীয়াভাবে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিম৷

এই ঐতিহাসিক মুহূর্তত মই পুনৰবাৰ ৰজা আৰু জর্ডানৰ জনসাধাৰণক মোৰ আন্তৰিক শুভেচ্ছা জনাইছো।

আলফ–মোবাৰক, বহুত বহুত অভিনন্দন, শুকৰান,

ধন্যবাদ।

*******

DS/DB



(Release ID: 1712393) Visitor Counter : 134