স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
টীকা উৎসৱৰ চতুর্থ দিনা দেশত টীকাকৰণ ১১ কোটি অতিক্ৰম, যোৱা ২৪ ঘণ্টাত ২৬ লাখৰ অধিক টীকাৰ পালি দিয়া হৈছে
দেশত যোৱা ২৪ ঘণ্টাত ১৪ লাখৰ অধিক নমুনা পৰীক্ষা সহ মুঠ নমুনা পৰীক্ষা ২৬ কোটিৰ অধিক
নতুনকৈ আক্রান্তৰ ৮২% ঘটনা ১০খন ৰাজ্যৰ
Posted On:
14 APR 2021 11:40AM by PIB Guwahati
টীকা উৎসৱৰ চতুর্থ দিনা আজি পর্যন্ত দেশত ১১ কোটিৰ বেছি কোভিড-১৯ টীকাৰ পালি দিয়া হৈছে। আজি পুৱা ৭টা পর্যন্ত প্রাথমিক তথ্য অনুযায়ী ১১ কোটি ১১ লক্ষ ৭৯ হাজাৰ ৫৭৮টা টীকাৰ পালি দিয়া হৈছে।

টীকা গ্রহীতা সুফলভোগীসকলৰ মাজত ৯০ লক্ষ ৪৮ হাজাৰ ৬৮৬ জন স্বাস্থ্যকর্মীয়ে প্রথম পালি আৰু ৫৫ লক্ষ ৮১ হাজাৰ ৭২ জন স্বাস্থ্যকর্মীয়ে দ্বিতীয় পালি পাইছে। কৰোণাৰ বিৰুদ্ধে যুঁজত আগশাৰীত থকা ১ কোটি ১ লক্ষ ৩৬ হাজাৰ ৪৩০ জন কর্মীয়ে প্রথম পালি আৰু ৫০ লক্ষ ১০ হাজাৰ ৭৭৩ জন কর্মীয়ে দ্বিতীয় পালি পাইছে। অন্যহাতে ৬০ বছৰৰ বেছি বয়সৰ ৪ কোটি ২ লক্ষ ৬৬ হাজাৰ ৩৫৪ জন সুফলভোগীয়ে টীকাৰ প্রথম পালি আৰু ২৪ লক্ষ ৬৭ হাজাৰ ৪৮৪ জন সুফলভোগীয়ে দ্বিতীয় পালি পাইছে। অন্যহাতে ৪৫-৬০ বছৰ বয়সৰ ৩ কোটি ৫৬ লক্ষ ৫০ হাজাৰ ৪৪৪ জন সুফলভোগীয়ে প্রথম পালি আৰু ৮ লক্ষ ১৮ হাজাৰ ৩৩৫ জন সুফলভোগীয়ে দ্বিতীয় পালি পাইছে।

দেশত এতিয়ালৈকে মুঠ টীকাকৰণৰ ৬০.১৬ শতাংশই ৮খন ৰাজ্যত হৈছে।

যোৱা ২৪ ঘন্টাত ৪০ লক্ষৰ অধিক টীকাৰ পালি দিয়া হৈছে। দেশজুৰি টীকাকৰণ অভিযানৰ ৮৮তম দিনা (১৩ এপ্রিল) ২৬ লক্ষ ৪৬ হাজাৰ ৫২৮টা টীকাৰ পালি দিয়া হৈছে। ইয়াৰ মাজত ২২ লক্ষ ৫৮ হাজাৰ ৯১০ জন সুফলভোগীয়ে প্রথম পালি আৰু ৩ লক্ষ ৮৭ হাজাৰ ৬১৮ জন সুফলভোগীয়ে দ্বিতীয় পালি পাইছে।

দেশৰ পৰা কোভিড সংক্রমণ প্রতিহত কৰিবলৈ আৰু এটা মাইলৰ খুটি হিচাপে আজি পর্যন্ত ২৬ কোটিৰ বেছি নমুনা পৰীক্ষা কৰা হৈছে। যোৱা ২৪ ঘন্টাত ১৪ লক্ষ ১১ হাজাৰ ৭৫৮টা নমুনা পৰীক্ষা হৈছে। দেশত দৈনিক নমুনা পৰীক্ষাৰ সংখ্যা বাঢ়ি প্রায় ১৫ লক্ষ হৈছে।

ইফালে দেশত দৈনিক কৰোণাত আক্রান্তৰ সংখ্যা ক্রমবর্ধমান। যোৱা ২৪ ঘন্টাত নতুনকৈ আক্রান্ত হৈছে ১ লক্ষ ৮৪ হাজাৰ ৩৭২ জন। মহাৰাষ্ট্র, উত্তৰপ্রদেশ, ছত্তিশগড়, দিল্লী, মধ্যপ্রদেশ, কর্ণাটক, কেৰালা, তামিলনাড়ু, গুজৰাট আৰু ৰাজস্থান সহ ১০খন ৰাজ্যত দৈনিক আক্রান্তৰ সংখ্যা একেৰাহে বাঢ়িছে। এই ১০খন ৰাজ্যত নতুনকৈ কৰোণাত আক্রান্তৰ হাৰ ৮২.০৪ শতাংশ। মহাৰাষ্ট্রত একেদিনাই ৬০ হাজাৰ ২১২ জন আক্রান্ত হৈছে। উত্তৰপ্রদেশত আক্রান্তৰ সংখ্যা ১৭ হাজাৰ ৯৬৩। অন্যহাতে ছত্তিশগড়ত আক্রান্ত হৈছে ১৫ হাজাৰ ১২১। ১৬খন ৰাজ্যত দৈনিক আক্রান্তৰ সংখ্যাত ক্রমাগত বৃদ্ধি লক্ষ্য কৰা গৈছে।




ভাৰতত সুস্পষ্টভাবে মুঠ কৰোণাত আক্রান্তৰ সংখ্যা ১৩ লক্ষ ৬৫ হাজাৰ ৭০৪, যি মুঠ আক্রান্তৰ ৯.৮৪ শতাংশ। অৱশ্যে যোৱা ২৪ ঘন্টাত দেশত কৰোণাত আক্রান্তৰ সংখ্যা ১ লক্ষ ১ হাজাৰ ৬টা কমিছে। মহাৰাষ্ট্র, ছত্তিশগড়, উত্তৰপ্রদেশ, কর্ণাটক আৰু কেৰালাত আক্রান্তৰ হাৰ দেশত মুঠ আক্রান্তৰ ৬৮.১৬ শতাংশ। কেবল মহাৰাষ্ট্রতে আক্রান্তৰ হাৰ ৪৩.৫৪ শতাংশ।

দেশত আজি কৰোণাত সুস্থতাৰ সংখ্যা হৈছেগৈ ১ কোটি ২৩ লক্ষ ৩৬ হাজাৰ ৩৬। জাতীয় স্তৰত সুস্থতাৰ হাৰ ৮৮.৯২ শতাংশ। দেশত যোৱা ২৪ ঘন্টাত আৰোগ্য লাভ কৰিছে ৮২ হাজাৰ ৩৩৯ জনে।
তলত দিয়া ৰেখাচিত্ৰত ভাৰতত যোৱা এটা বছৰত সক্ৰিয় আৰু চিনাক্ত ঘটনাৰ ধাৰা পৰিলক্ষিত হৈছে।

অন্যহাতে আলোচ্য সময়ত কৰোণাত মৃত্যু হৈছে ১ হাজাৰ ২৭ জনৰ। ১০খন ৰাজ্যত মৃত্যুহাৰ ৮৬.০৮ শতাংশ। মহাৰাষ্ট্রত সর্বাধিক ২৮১ জনৰ মৃত্যু হৈছে। ছত্তিশগড়ত একেদিনাই মৃত্যু হৈছে ১৫৬ জনৰ।

দেশত ১১খন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত যোৱা ২৪ ঘন্টাত কোভিডত মৃত্যুৰ খবৰ নাই। এই ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ মাজত আছে- লাদাখ, ত্রিপুৰা, মেঘালয়, ছিক্কিম, নাগালেণ্ড, মিজোৰাম, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচলপ্রদেশ প্রভৃতি।
********
MV
(Release ID: 1711919)
Visitor Counter : 244
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam