প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৮ এপ্ৰিল, ২০২১ ত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী (প্ৰকাশ পৰৱ) উদযাপনাৰ্থে উচ্চ স্তৰীয় কমিটিৰ বৈঠকত পৌৰহিত্য কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 07 APR 2021 10:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ এপ্ৰিল, ২০২১ ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী (প্ৰকাশ পৰৱ) উদযাপনাৰ্থে উচ্চ-স্তৰীয় কমিটি (HLC) ৰ বৈঠকত পৌৰহিত্য কৰিব। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহেও ভাগ ল’ব। বৈঠকখনিত উক্ত বিশেষ উৎসৱটি পালন কৰিবলৈ পৰিকল্পনা কৰা বছৰ-জোৰা কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হ’ব।

উচ্চ স্তৰীয় কমিটিখনৰ সম্পৰ্কে

২০২০ ৰ ২৪ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে এই উচ্চ স্তৰীয় কমিটিখনি গঠন কৰিছিল। কমিটিখন গঠনৰ উদ্দেশ্য আছিল শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰে সম্পৰ্কীয় নীতি, পৰিকল্পনা আৰু কাৰ্যক্ৰমণিকাত অনুমোদন জনোৱা তথা এই কাৰ্যসূচীৰ তত্বাৱধান কৰা। ৭০ জনীয়া সদস্যৰ এই উচ্চ স্তৰীয় কমিটিখনৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰীগৰাকী।

*********

DS/SH/SB



(Release ID: 1710044) Visitor Counter : 155