স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
সমগ্ৰ দেশতে টীকাকৰণ অভিযান ৭.৫ কোটিৰ সীমা অতিক্ৰম কৰিছে
৬.৫ কোটিতকৈও অধিক লোকে প্ৰথম পালি লাভ কৰাৰ বিপৰীতে ১ কোটিতকৈও অধিক লোকে দ্বিতীয় পালি টীকা লাভ কৰিছে
১২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ক’ভিডৰ সংখ্যা বৃদ্ধি পাইছে
प्रविष्टि तिथि:
04 APR 2021 11:19AM by PIB Guwahati
সমগ্ৰ দেশতে আজি পুৱা ৭ বজা পৰ্যন্ত মুঠ ৭,৫৯,৭৯,৬১৫ সংখ্যক টীকাকৰণ (১১,৯৯,১২৫টা ছেছনৰ জৰিয়তে) কৰা হৈছে৷
ইয়াৰে ভিতৰত ৮৯,৮২,৯৭৪ জন স্বাস্থ্য কৰ্মী (প্ৰথম পালি), ৫৩,১৯,৬১৪ জন এইচচিডব্লিউ (দ্বিতীয় পালি), ৯৬,৮৬,৪৭৭ জন সন্মুখৰ শাৰীৰ কৰ্মী (প্ৰথম পালি) আৰু ৪০,৯৭,৫১০ জন এফএলডব্লিউ (দ্বিতীয় পালি) তথা ৪৫ বছৰ বয়সৰ ঊৰ্ধৰ ৪,৭০,৭০,০১৯ জন (প্ৰথম পালি) আৰু ৮,২৩,০৩০ জন (দ্বিতীয় পালি) লোক অন্তৰ্ভুক্ত আছে৷
৬.৫ কোটিতকৈও অধিক লোকে (৬,৫৭,৩৯,৪৭০) প্ৰথম পালি লাভ কৰাৰ বিপৰীতে ১ কোটিতকৈও অধিক লোকে (১,০২,৪০,১৮১) দ্বিতীয় পালি টীকা লাভ কৰিছে৷
আঠখন ৰাজ্যত এই পৰ্যন্ত ৬০.১৯%ত কৈও অধিক টীকা প্ৰদান কৰা হৈছে৷ মহাৰাষ্ট্ৰত অকলেই ভাৰতৰ মুঠ টীকাৰ ৯.৬৮% টীকা প্ৰদান কৰা হৈছে৷
বিগত ২৪ ঘণ্টাত ৯৩,২৪৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ইয়াৰে ৮০.৯৬% লোক মহাৰাষ্ট্ৰ, চট্টিশগড়, কৰ্ণাটক, দিল্লী, তামিলনাডু, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু গুজৰাটৰ৷
ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,৯১,৫৯৭ জন৷ মুঠ ১,১৬,২৯,২৮৯ জন লোকে আৰোগ্য লাভ কৰিছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হ’ল ৯৩.১৪%৷
বিগত ২৪ ঘণ্টাত ৬০,০৪৮ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৫১৩ জন লোকৰ মৃত্যু হৈছে৷
****
MV/MANN
(रिलीज़ आईडी: 1709593)
आगंतुक पटल : 281
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam