স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মহাৰাষ্ট্র, ছত্তিশগড়, কর্ণাটক, কেৰালা, তামিলনাডু, গুজৰাট, পাঞ্জাৱ আৰু মধ্য প্রদেশত দৈনিক আক্রান্তৰ সংখ্যা বৃদ্ধি

সমগ্ৰ দেশজুৰি ৬.৩ কোটিতকৈ অধিক টিকাকৰণ

Posted On: 31 MAR 2021 12:12PM by PIB Guwahati

মহাৰাষ্ট্র, ছত্তিশগড়, কর্ণাটক, কেৰালা, তামিলনাডু, গুজৰাট, পাঞ্জাৱ আৰু মধ্য প্রদেশ -এই ৮খন ৰাজ্যত দৈনিক কোভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে। এই ৰাজ্যসমূহত আক্রান্তৰ হাৰ ৮৪.৭৩ শতাংশ।

 

বিগত ২৪ ঘণ্টাত ৫৩,৪৮০ জন লোক নতুনকৈ আক্রান্ত হৈছে।

 

মহাৰাষ্ট্রত এদিনতে সর্বাধিক ২৭,৯১৮ জন আক্রান্ত হৈছে। ছত্তিশগড়ত আক্রান্তৰ সংখ্যা ৩,১০৮। আনহাতে, কর্ণাটকত নতুনকৈ আক্রান্ত হৈছে ২,৯৭৫ জন লোক।


এই ৮খন ৰাজ্যৰ লগতে হাৰিয়ানা আৰু ৰাজস্থানতো দৈনিক ক’ৰোনাত আক্রান্তৰ সংখ্যা ক্রমশঃ বৃদ্ধি পাইছে। দেশত আজি সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ৫,৫২,৫৬৬ । আক্রান্তৰ এই সংখ্যা দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ মাত্ৰ ৪.শতাংশ। অৱশ্যে, বিগত ২৪ ঘণ্টাত সুস্পষ্টভাৱে আক্রান্তৰ সংখ্যা ১১,৮৪৬ বৃদ্ধি পাইছে।


দেশত সুস্পষ্টভাৱে মুঠ ক’ৰোনাত আক্ৰান্তৰ ৭৯.৩০ শতাংশই মহাৰাষ্ট্র, কর্ণাটক, কেৰালা, পাঞ্জাৱ আৰু ছত্তিশগড়- এই ৫খন ৰাজ্যৰ। কেৱল মহাৰাষ্ট্রতেই আক্রান্তৰ হাৰ ৬১ শতাংশৰ অধিক।


দেশত কোভিড টিকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭বজা পর্যন্ত ৬,৩০,৫৪,৩৫৩টা টিকাৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৮২,১৬,২৩৯ জন স্বাস্থ্যকর্মীক প্রথম ডোজ, ৫২,১৯,৫২৫ জন স্বাস্থ্যকর্মীক দ্বিতীয় ডোজ প্ৰদান কৰা হৈছে। লগতে, ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আগশাৰীত অংশ লোৱা ৯০,৪৮,৪১৭ জন কর্মীক প্রথম পালি আৰু ৩৭,৯০,৪৬৭ জন কর্মীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। সুনির্দিষ্ট কেইবাটাও উপসর্গবিশিষ্ট ৪৫ বছৰৰ অধিক বয়সৰ ৭৩,৫২,৯৫৭ হিতাধিকাৰীক প্রথম পালি আৰু ৬,৮২৪ হিতাধিকাৰীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। ইয়াৰোপৰি, ৬০ বছৰৰ অধিক বয়সৰ ২,৯৩,৭১,৪২২ গৰাকী হিতাধিকাৰীক প্রথম পালি আৰু ৪৮,৫০২ গৰাকী হিতাধিকাৰীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে।


টিকাকৰণ অভিযানৰ ৭৪তম দিনত (৩০ মার্চ) ১৯,৪০,৯৯৯টা টিকাৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১৭,৭৭,৬৩৭ জন হিতাধিকাৰীক প্রথম পালি আৰু ১,৬৩,৬৩২ গৰাকী হিতাধিকাৰীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে।


ভাৰতত ক’ৰোনাত আৰোগ্য লাভৰ সংখ্যা আজি ১,১৪,৩৪,৩০১ জন হৈছে। ৰাষ্ট্ৰীয় স্তৰত সুস্থতাৰ হাৰ ৯৪.১১ শতাংশ।

 

দেশত বিগত ২৪ ঘণ্টাত ৪১,২৮০ জন লোকে আৰোগ্য লাভ কৰিছে।

 

আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৫৪ জন লোকৰ।

 

৬খন ৰাজ্যত মৃত্যুৰ হাৰ ৮২.২০ শতাংশ। কেৱল মহাৰাষ্ট্রতেই এদিনত সৰ্বাধিক মৃত্যু হৈছে ১৩৯ জন লোকৰ। পাঞ্জাৱত মৃত্যু হৈছে ৬৪ জন লোকৰ।


দেশত ১৪খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত ক’ৰোনাত  মৃত্যুৰ কোনো বাতৰি লাভ কৰা নাই। এই ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে-ৰাজস্থান, অসম, ওড়িশা, লাডাখ, মণিপুৰ, ত্রিপুৰা, ছিকিম, লাক্ষাদ্বীপ, মেঘালয়, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্রদেশ, নগালেণ্ড ।

 

 

     *************

MV/SJ/KG



(Release ID: 1708903) Visitor Counter : 214