প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এক্সাম ৱাৰিয়ৰ্চ’ৰ শেহতীয়া সংস্কৰণ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
আমি সকলোৱে কিশোৰ-কিশোৰীসকলক সহায় কৰিব লাগিব, কাৰণ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলি কয় প্রধানমন্ত্রীয়ে
प्रविष्टि तिथि:
29 MAR 2021 5:47PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ‘এক্সাম ৱাৰিয়ৰ্ছ’ৰ শেহতীয়া সংস্কৰণটো ঘোষণা কৰি সন্তোষ প্রকাশ কৰে।
তেওঁ কয় যে এক্সাম ৱাৰিয়ৰ্ছৰ নতুন সংস্কৰণটো ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, অভিভাৱিকাসকলৰ পৰা লাভ কৰা মূল্যবান মতামতেৰে সমৃদ্ধ হৈছে।
নতুন সংযোজিত অংশটো অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰীক উৎসাহ যোগাব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমি সকলোৱে কিশোৰ-কিশোৰীসকলক সহায় কৰিব লাগিব, কাৰণ তেওঁলোকে পৰীক্ষাত অৱত্তীৰ্ণ হ’ব!“
এলানি টুইটত প্রধানমন্ত্রীয়ে কয়, “ পৰীক্ষাৰ বতৰ আৰম্ভ হ’বলৈ লৈছে। #ExamWarriorsৰ শেহতীয়া সংস্কৰণটো প্রকাশ কৰি মোৰ ভাল লাগিছে।
এই গ্ৰন্থখনিত নতুন নতুন মন্ত্র আৰু আকর্ষণীয় কাম-কাজৰ কথা কোৱা হৈছে। পৰীক্ষাৰ পূৰ্বে চাপমুক্ত হৈ থকাৰ প্রয়োজনীয়তাও এই গ্ৰন্থখনি উল্লেখ কৰা হৈছে।
পৰীক্ষাৰ প্রস্তুতিক কিদৰে আকর্ষণীয় কৰিব পৰা যায়?
গ্ৰন্থখনিত পৰীক্ষাৰ প্রস্তুতিৰ সময়ত আমি কি ভাললগা কাম কৰিব পাৰো?
ইয়াৰ এটা সমাধান আছে...... ইত্যাদি সম্পৰ্কীয় যাৱতীয় তথ্য লাভ কৰিব NaMo এপৰ #ExamWarriors মডিউলত।
ছাত্র-ছাত্রী আৰু অভিভাৱক-অভিভাৱিকাসকলৰ বাবে ইয়াত বহু মত-বিনিময়ৰ কৰাৰ সুযোগ আছে।
#ExamWarriors-ৰ নতুন সংস্কৰণে ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাসকলৰ পৰা পোৱা মূল্যবান মতামতেৰে সমৃদ্ধ হৈছে।
নতুনকৈ সংযোজিত অংশটোৱে অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰীসকলক উৎসাহ যোগাব।
আমি সকলোৱে কিশোৰ-কিশোৰীসকলক সহায় কৰিব লাগিব, কাৰণ তেওঁলোকে পৰীক্ষাত অৱত্তীৰ্ণ হ’ব!“
***
DS/SH
(रिलीज़ आईडी: 1708378)
आगंतुक पटल : 281
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Kannada
,
Malayalam