কেবিনেট

মন্ত্ৰীসভাক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) ২০১৯-২০ৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰোৱা হয়

Posted On: 23 MAR 2021 3:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বিত্তীয় বৰ্ষ ২০১৯-২০ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম)ৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰোৱা হয় য'ত মাতৃত্ব মৃত্যুৰ হাৰ (এমএমআৰ), শিশু মৃত্যুৰ হাৰ (আইএমআৰ), ৫ বছৰৰ কম বয়সৰ শিশুৰ মৃত্যুৰ হাৰ (ইউ৫এমআৰ) আৰু মুঠ প্ৰজনন হাৰ (টিএফআৰ)ত হোৱা হ্ৰাসৰ তথ্য প্ৰদান কৰা হয়। বৈঠকত বিভিন্ন ৰোগ- টিবি, মেলেৰিয়া, ক'লাজ্বৰ, ডেংগু, কুষ্ঠ ৰোগ আৰু বীষাণুজনিত হেপাটাইটিছৰ সন্দৰ্ভত কাৰ্যক্ৰমৰ অগ্ৰগতিৰ তথ্য প্ৰদান কৰা হয়।

 

বিৱৰণঃ

মন্ত্ৰীসভাক এই কথাৰ তথ্য প্ৰদান কৰা হয় যে এনএইচএমে ২০১৯-২০ত নতুন প্ৰয়াসৰ সম্ভাৱনাৰ ওপৰত জোৰ দিছেঃ

 

  • শিশুৰ নিউমোনিয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাত হ্ৰাস অনাৰ দিশত সামাজিক সজাগতা আৰু কাৰ্য সম্পৰ্কীয় কাৰ্যক্ৰম (এছএএএনএছ) প্ৰয়াস আৰম্ভ কৰা হৈছে।
  • সুৰক্ষিত মাতৃত্ব আশ্বাস (সুমন) পদক্ষেপক গৰ্ভৱতী মহিলাৰ বাবে আৰম্ভ কৰা হৈছে যাতে তেওঁলোকক সন্মানজনক আৰু মানদণ্ড পূৰ্ণ বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰা হয় আৰু ইয়াত কোনোধৰণৰ হেমাহি কৰা নহয়। এই যোজনাত মাতৃত্ব আৰু নৱজাত শিশু সম্পৰ্কীয় বৰ্তমান যোজনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
  •  মিডৱাইফেৰী সেৱাৰ পদক্ষেপৰ উদ্দেশ্য প্ৰসৱ কৰাবৰ বাবে উন্নত প্ৰশিক্ষিত নাৰ্ছক প্ৰস্তুত কৰা, য'ত ইণ্টাৰনেচনেল কনফেডাৰেচন অফ মিডৱাইভছ (আইচিএম)ৰ দিশ-নিৰ্দেশনা পালন কৰা হৈছে। এনেদৰে প্ৰশিক্ষিত মিডৱাইভছ মহিলামুখী, প্ৰজনন সম্পৰ্কীয়, মাতৃত্ব তথা নৱজাত শিশু স্বাস্থ্য যতন সেৱা প্ৰদান কৰাত সক্ষম।
  • শিক্ষা মন্ত্ৰালয়ৰ সহযোগিতাত এবি-এইচডব্লিউচি কাৰ্যক্ৰমৰ জৰিয়তে স্কুলীয়া স্বাস্থ্য আৰু স্বাস্থ্য এম্বেছেডৰ পদক্ষেপ আৰম্ভ কৰা হৈছে যাতে স্কুলীয়া শিশুৰ মাজত সক্ৰিয় জীৱন-শৈলীক উদগণি দি তেওঁলোকক উন্নত স্বাস্থ্যৰ বাবে অনুপ্ৰাণিত কৰিব পৰা যায়।

 

ৰূপায়ণৰ ৰণনীতি আৰু লক্ষ্যঃ

 

ৰূপায়ণৰ ৰণনীতিঃ

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰূপায়ণ ৰণনীতিৰ উদ্দেশ্য সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক বিত্তীয় তথা কাৰিকৰী সহযোগ প্ৰদান কৰা, যাতে তেওঁলোকে জিলা স্তৰত বিশেষকৈ দুখীয়া আৰু অন্য শ্ৰেণীক সহজে পাব পৰা, বহনযোগ্য, ফলদায়ক আৰু প্ৰভাৱশালী স্বাস্থ্য সেৱা উপলব্ধ কৰাব পৰা যায়। এই পদক্ষেপৰ উদ্দেশ্য হৈছে গ্ৰামীণ অঞ্চলত স্বাস্থ্য যতন সেৱাত নাটনিৰ ব্যৱধানক স্বাস্থ্য আন্তঃগাঁথনিত সংশোধন, মানৱ সম্পদৰ দক্ষতাৰ উন্নয়ন আৰু গ্ৰামীণ অঞ্চলত সেৱাসমূহৰ যোগানত সংশোধন কৰা। ইয়াত আৱশ্যকীয়, বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু সম্পদৰ প্ৰভাৱশালী ব্যৱহাৰত জোৰ দিয়া হৈছে।

 

লক্ষ্যঃ

  • এমএমআৰত হ্ৰাস কৰি ইয়াক ১/১০০০ জীৱিত জন্ম হাৰলৈ অনা
  • আইএমআৰত হ্ৰাস কৰি ইয়াক ২৫/১০০০ জীৱিত জন্ম হাৰলৈ অনা
  • টিএফআৰ হ্ৰাস কৰি ২.১ স্তৰলৈ অনা
  • কুষ্ঠ ৰোগৰ প্ৰসাৰত হ্ৰাস কৰি ইয়াক ১/১০০০০ ব্যক্তিৰ পৰা কম কৰা আৰু সকলো জিলাত শূন্য স্তৰলৈ অনা
  • মেলেৰিয়াত বছৰি হোৱা মৃত্যুক ১/১০০০তকৈ কম কৰা
  • সংক্ৰামক, অ-সংক্ৰামক ৰোগ, বিভিন্ন ধৰণৰ আঘাত আৰু অন্য বৃদ্ধি পোৱা ৰোগৰ বাবে হোৱা মৃত্যু আৰু স্বাস্থ্য সম্পৰ্কীয় ব্যাধি হ্ৰাস কৰাৰ প্ৰয়াস কৰা
  • স্বাস্থ্য যতনৰ ওপৰত হ'বলগীয়া খৰচ প্ৰতি পৰিয়াল অনুসৰি কম কৰা
  • দেশত ২০২৫ চনলৈকে টিবি মহামাৰী শেষ কৰা।

 

নিয়োগ সৃষ্টি সম্পৰ্কীয় ক্ষমতাসহ অন্য প্ৰভাৱঃ

  • ২০১৯-২০ বৰ্ষত এনএইচএমৰ ৰূপায়ণৰ ফলত ১৮,৭৭৯ অতিৰিক্ত মানৱ সম্পদক ইয়াত সংলগ্ন কৰা হয় য'ত জিডিএমঅ', বিশেষজ্ঞ, এএনএম, ষ্টাফ নাৰ্ছ, আয়ুস চিকিৎসক, পেৰামেডিকছ, আয়ুস পেৰামেডিকছ, কাৰ্যক্ৰম পৰিচালনা ষ্টাফ আৰু জনস্বাস্থ্য পৰিচালকক নিয়মাৱলীৰ আধাৰত ভৰ্তি কৰোৱা হয়।
  • ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ২০১৯-২০ত ৰূপায়ণৰ জৰিয়তে জনস্বাস্থ্য প্ৰণালী অধিক শক্তিশালী হয় আৰু ইয়াত কোভিড মহামাৰীৰ সৈতে মোকাবিলা কৰাত প্ৰভাৱশালী আৰু সমন্বিত উপায়েৰে কাম কৰা হয়।
  • ভাৰতত ৫ বছৰতকৈ কম বয়সৰ শিশু (ইউ৫এমআৰ)ৰ মৃত্যুৰ হাৰ ২০১২ৰ ৫২ৰ ঠাইত ২০১৮ত ৩৬ লৈ আহে। ১৯৯০ চনৰ পৰা ২০১২ৰ সময়ত এই বয়সৰ শিশুৰ মৃত্যুৰ বাৰ্ষিক শতাংশ হাৰ ৩.৯% আছিল যি ২০১৩-২০১৮ৰ সময়ছোৱাত ৬.০% নথিভুক্ত কৰা হয়।
  • দেশত মাতৃত্ব মৃত্যুৰ হাৰ (এমএমআৰ)ত ৪৪৩ অংকৰ হ্ৰাস হৈছে আৰু এই সংখ্যা ১৯৯০ত ৫৫৬ প্ৰতি এক লাখ জীৱিত জন্ম আছিল যি ২০১৬-২০১৮ত হ্ৰাস হৈ ১১৩ হ'লগৈ। ১৯৯০ৰ পৰা এমএমআৰত ৮০%ৰ হ্ৰাস আহৰণ কৰা হয় যি বৈশ্বিক হ্ৰাসৰ ৪৫%ৰ গড়তকৈ যথেষ্ট অধিক। যোৱা ৫ বছৰত মাতৃত্ব মৃত্যুৰ হাৰতো হ্ৰাস পৰিলক্ষিত হৈছে আৰু ২০১১-১৩ নমুনা পঞ্জীকৰণ প্ৰণালীত ই ১৬৭ আছিল যি ২০১৬-১৮ত হ্ৰাস পাই ১১৩ হয়গৈ।
  • মৃত্যু হাৰ (এমআৰ) ১৯৯০ত ৮০ আছিল যি ২০১৮ত হ্ৰাস হৈ ৩২ হয়গৈ আৰু যোৱা ৫ বছৰত ইয়াত মিশ্ৰিত বাৰ্ষিক শতাংশ হ্ৰাস নথিভুক্ত কৰা হৈছে। ১৯৯০-২০১২ৰ সময়ছোৱাত এই সংখ্যা ২.৯% আছিল যি ২০১৩-১৮ত ৪.৪% হ'লগৈ।
  • নমুনা পঞ্জীকৰণ প্ৰণালী (এছআৰএছ) অনুসৰি ভাৰতত মুঠ প্ৰজনন হাৰতো হ্ৰাস পৰিলক্ষিত হয় আৰু ২০১৩ বৰ্ষৰ ২.৩ৰ তুলনাত ই ২০১৮ত হ্ৰাস হৈ ২.২ হয়গৈ। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (এনএফএইচএছ-৪, ২০১৫-১৬)য়েও ২.২ টিএফআৰ নথিভুক্ত কৰিছে। ২০১৩-১৮ৰ মাজত টিএফআৰত মিশ্ৰিত বাৰ্ষিক শতাংশ হ্ৰাসৰ হাৰ ০.৮৯% নথিভুক্ত কৰা হৈছে।
  • ২০১৮ বৰ্ষত মেলেৰিয়াৰ ঘটনা আৰু তাৰ ফলত হোৱা মৃত্যুৰ তুলনাত ২০১৯ত মেলেৰিয়াৰ ঘটনাত ২১.২৭% আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত ২০% হ্ৰাস হয়।
  • দেশত প্ৰতি ১ লাখ জনসংখ্যাত টিবিৰ ঘটনাৰ হাৰ যি ২০১২ত ২৩৪ আছিল সেয়া ২০১৯ত হ্ৰাস হৈ ১৯৩ হয়গৈ আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ২০১২ত ৪২ ব্যক্তি প্ৰতি লাখৰ পৰা হ্ৰাস হৈ ২০১৯ত ৩৩ ব্যক্তি প্ৰতি লাখ হয়গৈ।
  • প্ৰতি ১০ হাজাৰ জনসংখ্যাত ক'লাজ্বৰ ৰোগৰ ঘটনা একতকৈ কম কৰাৰ লক্ষ্য আহৰণ কৰা স্থানীয় ব্লকছৰ সংখ্যা ২০১৪ৰ ৭৪.২%ৰ তুলনাত ২০১৯-২০ত বাঢ়ি ৯৪% হয়গৈ।
  • কেছ মৃত্যু হাৰৰ ১%তকৈ কম কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য আহৰণ কৰা হৈছে আৰু ২০১৯ত ডেংগুত হোৱা মৃত্যুৰ হাৰ ০.১% আছিল।

 

ব্যয়ঃ ২৭,৯৮৯.০০ কোটি (কেন্দ্ৰীয় অংশ)

লাভাৰ্থীঃ

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক সাৰ্বভৌমিক লাভ-সম্পূৰ্ণ জনসংখ্যাৰ উদ্দেশ্যে ৰূপায়ণ কৰা হৈছে আৰু এই সেৱাসমূহ জনস্বাস্থ্য কেন্দ্ৰবিলাকলৈ অহা সকলো লোকক প্ৰদান কৰা হয় আৰু ইয়াত সেই লোকসকলৰ ওপৰত অধিক মনোযোগ দিয়া হয় যি বয়স আৰু ৰোগৰ দিশত অধিক আশংকাত থাকে।

 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক ২০১৯-২০ৰ সময়ছোৱাত অগ্ৰগতি আৰু বিৱৰণ এনেকুৱাঃ

  • এই যোজনাৰ জৰিয়তে ৩১ মাৰ্চ ২০২০লৈকে ৬৩,৭৬১ আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু স্বাস্থ্য যতন কেন্দ্ৰ মঞ্জুৰী দিয়া হৈছে। এই সময়লৈকে লক্ষিত ৪০,০০০টা এনেকুৱা কেন্দ্ৰৰ তুলনাত ৩৮,৫৯৫ স্বাস্থ্য আৰু স্বাস্থ্য যতন কেন্দ্ৰ ক্ৰিয়াশীল আছিল। এই সময়লৈকে মুঠ ৩,০৮,৪১০ স্বাস্থ্য কৰ্মী ইয়াৰ সৈতে জড়িত আছিল য'ত আশা কৰ্মী, বিবিধ কাম কৰা কৰ্মী (এমপিডব্লিউএছ-এফ)/এএনএম, ষ্টাফ নাৰ্ছ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চিকিৎসা বিষয়া অন্তৰ্ভুক্ত আছিল।
  • ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন আৰম্ভ হোৱাৰ পিছৰ পৰা মাতৃত্ব মৃত্যুৰ হাৰ (এমএমআৰ), ৫ বছৰতকৈ কম বয়সৰ শিশুৰ মৃত্যুৰ হাৰ (ইউ৫এমআৰ), আৰু আইএমআৰত হ্ৰাস নথিভুক্ত কৰা হৈছে যি ইয়াৰ সকাৰাত্মক অগ্ৰগতিৰ সংকেত আৰু অৱনতিৰ এই হাৰ লক্ষ্য কৰি ভাৰতে নিজৰ সাম্প্ৰতিক বিকাশৰ লক্ষ্য (এমএমআৰ-৭০, ইউ৫এমআৰ-২৫)ক লক্ষিত বৰ্ষ ২০৩০ৰ যথেষ্ট আগতেই আহৰণ কৰা উচিত।
  • দেশৰ ২৯খন ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশ সমূহৰ ৩৮১ জিলাত ২০১৯-২০ বৰ্ষত মিছন ইন্দ্ৰধনুষ ২.০ আৰম্ভ কৰা হৈছে, যাৰ উদ্দেশ্য এনেকুৱা শিশুৰ টীকাকৰণ কৰোৱা যি হয় টীকা দিয়া হোৱা নাছিল বা তেওঁলোকৰ টীকাকৰণ সম্পূৰ্ণ হোৱা নাছিল।
  • সকলো ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশত ২০১৯-২০ বৰ্ষৰ সময়ত ৫২৯.৯৮ লাখ ৰোটা ভাইৰাছ ভেকচিনৰ ডোজ আৰু মিজলছ-ৰুবেলা ভেকচিনৰ ৪৬৩.৮৮ লাখ ডোজ দিয়া হৈছে।
  • ছখন ৰাজ্য বিহাৰ, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত নিউমকক্কেল কনজুগেটেড ভেকচিনৰ প্ৰায় ১৬৪.১৮ লাখ ডোজ দিয়া হৈছে।
  • পশ্চিমবংগৰ ৯খন জিলাৰ ২৫টা স্থানীয় ব্লকত ২০১৯-২০ৰ সময়ছোৱাত ২৫.২৭ লাখ বয়স্কক জাপানি এনকেফেলাইটিছ ভেকচিন দিয়া হৈছে।
  • সকলো ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশৰ ১৬,৯০০ স্বাস্থ্য কেন্দ্ৰত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (পিএমএছএমএ) কাৰ্যক্ৰমৰ জৰিয়তে ২০১৯-২০ত ৪৫.৪৫ লাখ এএনচি স্বাস্থ্য পৰীক্ষা আয়োজন কৰা হয়।

 

প্ৰসৱ কক্ষ মানদণ্ড সংশোধন পদক্ষেপ-(লক্ষ্য) : ২০২০ৰ মাৰ্চলৈকে দেশত ৫৪৩টা প্ৰসৱ কক্ষ আৰু ৪৯১টা মাতৃত্ব অপাৰেচন থিয়েটাৰক ৰাজ্য লক্ষ্য প্ৰমাণিকৃত আৰু ২২০টা প্ৰসৱ কক্ষ তথা ১৯০টা মাতৃত্ব অপাৰেচন থিয়েটাৰক ৰাষ্ট্ৰীয় লক্ষ্য প্ৰমাণিকৃত কৰা হৈছিল।

  • দেশত ভেকচিন আৰু ঔষধৰ সুৰক্ষিত জমা কৰাৰ দিশত ক'ল্ড চেইন প্ৰণালী শক্তিশালী কৰি ২০১৯-২০ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক বিভিন্ন প্ৰকাৰৰ ক'ল্ড চেইন উপকৰণ-আইএলআৰ-২৮৩, ডিএফ-১৮৭, ক'ল্ড বক্স (ডাঙৰ)-১৩৬০৯, ক'ল্ড বক্স (সৰু)-১১০১০, ভেকচিন কেৰিয়াৰ-২৭০,২৩০ আৰু আইচ পেক-১০,৯৪,৬৫০ৰ যোগান ধৰা হৈছিল।
  • এই যোজনাৰ জৰিয়তে ৩১ মাৰ্চ, ২০২০লৈকে ৬৩,৭৬১টা আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু স্বাস্থ্য যতন কেন্দ্ৰ মঞ্জুৰ কৰা হৈছে। এই সময়লৈকে লক্ষিত ৪০,০০০টা এনেকুৱা কেন্দ্ৰৰ তুলনাত ৩৮,৫৯৫টা স্বাস্থ্য আৰু স্বাস্থ্য যতন কেন্দ্ৰ ক্ৰিয়াশীল আছিল। এই সময়লৈকে মুঠ ৩,০৮,৪১০জন স্বাস্থ্য কৰ্মী ইয়াৰ সৈতে জড়িত আছিল য'ত আশা কৰ্মী, বিভিন্ন কাম কৰা কৰ্মী (এমপিডব্লিউএছ-এফ)/এএনএম, ষ্টাফ নাৰ্ছ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চিকিৎসা বিষয়া অন্তৰ্ভুক্ত আছিল।
  • ২০১৯-২০ বৰ্ষত মুঠ ১৬,৭৯৫ আশা কৰ্মী বাছনি কৰা হয় আৰু মাৰ্চ ২০২০লৈকে দেশত আশা কৰ্মীৰ মুঠ সংখ্যা ১০.৫৬ লাখ আছিল।
  • ৰাষ্ট্ৰীয় এম্বুলেঞ্চ সেৱা (এনএএছ) দেশৰ ৩৩খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত মাৰ্চ, ২০২০লৈকে এই সুবিধা আছিল য'ত মানুহে কোনো জৰুৰীকালীন স্থিতিত ১০৮ বা ১০২ নম্বৰত ডায়েল কৰি এম্বুলেঞ্চ সেৱা পাব পাৰে। ইয়াৰ উপৰিও ২০১৯-২০ত ১০৯৬টা এনেকুৱা অতিৰিক্ত জৰুৰী প্ৰতিক্ৰিয়া সেৱা বাহন অন্তৰ্ভুক্ত কৰা হয়।
  • ২০১৯-২০ৰ সময়ছোৱাত ১৮৭খন অতিৰিক্ত সচল মেডিকেল ইকাই অন্তৰ্ভুক্ত কৰা হয়।

 

২৪× সেৱা আৰু প্ৰথম ৰেফাৰেল সুবিধা (এফআৰইউ): ২০১৯-২০ৰ সময়ছোৱাত অতিৰিক্ত ৫৩টা সুবিধা কেন্দ্ৰক এফআৰইউ হিচাপে সঞ্চালিত কৰা হয়।

 

কায়াকল্পঃ দেশৰ ২৫ ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশত ২০১৯-২০ত ২৯৩খন জিলা হাস্পতাল, ১২০১টা সামূহিক স্বাস্থ্য কেন্দ্ৰ/এছডিএইচ, ২৮০২টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৬৬৮টা ইউএইচচি আৰু ৩০৫টা স্বাস্থ্য আৰু স্বাস্থ্য যতন কেন্দ্ৰই ৭০%তকৈ অধিক স্ক'ৰ আহৰণ কৰিছিল। এই যোজনাৰ জৰিয়তে ২০১৯-২০ বৰ্ষত ৫,২৬৯ জনস্বাস্থ্য কেন্দ্ৰক অন্তৰ্ভুক্ত কৰা হৈছিল।

 

মেলেৰিয়াঃ দেশত ২০১৮ত মেলেৰিয়াৰ মুঠ ঘটনা ৪,২৯,২৮টা আছিল আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ৯৬টা আছিল ইয়াৰ বিপৰীতে ২০১৪ত এই সংখ্যা ক্ৰমে ১১, ০২, ২০৫ আৰু ৫৬১ আছিল, যি এই সময়ছোৱাৰ তুলনাত মেলেৰিয়াৰ ঘটনাত ৬১% হ্ৰাস আৰু মৃত্যুৰ ঘটনাত ৮৩% হ্ৰাসৰ সংকেত।

 

'লা- জ্বৰঃ দেশত ৯৪% ক'লা-জ্বৰ স্থানীয় ব্লকত ডিচেম্বৰ ২০১৯ৰ শেষলৈকে ব্লক স্তৰত প্ৰতি ১০,০০০ৰ জনসংখ্যাত ক'লা-জ্বৰ হোৱাৰ ১তকৈও কম ঘটনাৰ লক্ষ্য আহৰণ কৰা হৈছিল।

 

লিম্ফেটিক ফাইলেৰিয়াছিছঃ ইয়াক গোধা বা হস্তিপদ বুলিও কোৱা হয় য'ত ৰোগীৰ ভৰি ফুলি বহুত শকত হৈ যায়। ২০১৯ বৰ্ষত দেশত এই ৰোগৰ প্ৰকোপ থকা ২৫৭ স্থানীয় জিলাৰ ভিতৰত ৯৮খন জিলাত ইয়াৰ প্ৰসাৰ হাৰৰ ১%তকৈ কম কৰাৰ লক্ষ্য আহৰণ কৰা হৈছিল আৰু ইয়াৰ পুষ্টি সংক্ৰমণ পৰিসংখ্যা সমীক্ষা (টিএএছ-১)ত হৈছে আৰু ব্যাপক হাৰত ঔষধ দিয়াৰ কাৰ্যক্ৰম (এমডিএ) ৰখাই দিয়া হৈছে।

 

ডেংগু ৰোগৰ ক্ষেত্ৰত কেছ মৃত্যুৰ হাৰ (টিএফআৰ)ৰ ৰাষ্ট্ৰীয় লক্ষ্য ১%তকৈ কম কৰা। এই লক্ষ্য ২০১৪ত ০.৩% আহৰণ কৰা হৈছিল তথা ২০১৫-১৮ৰ সময়ত ই ০.২% আছিল আৰু ২০১৯ত ই আৰু হ্ৰাস হৈ ০.১% হয়গৈ।

 

ৰাষ্ট্ৰীয় টিবি অপসাৰণ কাৰ্যক্ৰম (এনটিইপি) : দেশত প্ৰত্যেক জিলা স্তৰত মুঠ ১২৬৪ কাৰ্ট্ৰেজ আধাৰিত নিউক্লিক এচিড এমপ্লিফিকেচন টেষ্ট (চিবিএএটি) মেচিন আৰু ২,২০৬টা ট্ৰুনেট মেচিন সম্পূৰ্ণৰূপে কৰ্মৰত হৈ আছে। ২০১৯ বৰ্ষত ৪০,৩৯৭টা মাল্টি ড্ৰাগছ ৰেজিষ্টেণ্ট (এমডিআৰ/আৰআৰ) টিবি ৰোগীৰ বাবে কম সময়ৰ উপচাৰ কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে।

 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে বেচৰকাৰী সাৰ্বজনীন অংশগ্ৰহণৰ মোডত দেশৰ সকলো জিলা হাস্পতালত ৰোগীক ডাইলেছিছ সুবিধা উপলব্ধ কৰাবলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডাইলেছিছ কাৰ্যক্ৰম (পিএমএনডিপি) কাৰ্যক্ৰম ২০১৬ত আৰম্ভ কৰা হৈছিল। বিত্তীয় বৰ্ষ ২০১৯-২০ৰ সময়ছোৱাত এই কাৰ্যক্ৰম ৩খন ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশৰ ৫২খন জিলাৰ ১০৫টা কেন্দ্ৰত ৮৮৫টা মেচিনৰ জৰিয়তে কাৰ্যকৰী কৰা হয়।

 

পৃষ্ঠভূমিঃ

 

ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন (এনআৰএইচএম)ৰ আৰম্ভণি মাননীয় প্ৰধানমন্ত্ৰীয়ে ১২ এপ্ৰিল, ২০০৫ত কৰিছিল। এনআৰএইচএমো ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এক উপ-মিছন।

 

মন্ত্ৰীসভাই ২১ মাৰ্চ, ২০১৮ৰ নিজৰ বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক ১ এপ্ৰিল, ২০১৭ৰ পৰা ৩১ মাৰ্চ, ২০২০লৈকে জাৰি ৰখাৰ অনুমতি দিছিল।

 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন তন্ত্ৰক মন্ত্ৰীসভাৰ মঞ্জুৰী পোৱাত এই কথাৰ সম্ভাৱনা প্ৰতিপন্ন কৰিছে যে এই প্ৰদত্ত শক্তিৰ প্ৰয়োগ এই কথাৰ ওপৰতো নিৰ্ভৰ কৰিব যে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ অগ্ৰগতিৰ ৰিপ'ৰ্ট, ব্যয় মানকত কোনো ব্যৱধান, বৰ্তমানৰ যোজনাত কোনো পৰিৱৰ্তন আৰু নতুন যোজনাত বিৱৰণ বাৰ্ষিক আধাৰত তথ্যৰ বাবে মন্ত্ৰীসভাৰ সন্মুখত ৰখা হ'ব।

 

****

DS



(Release ID: 1707174) Visitor Counter : 185