কেবিনেট

জল সম্পদৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত স্বাক্ষৰিত সহযোগিতামূলক চুক্তিত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 23 MAR 2021 3:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত জল সম্পদৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগ আৰু জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন মন্ত্ৰালয়ৰ জল আৰু দুৰ্যোগ ব্যৱস্থাপনা ব্যুৰ’ৰ মাজত স্বাক্ষৰিত সহযোগিতামূলক চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়৷

লাভালাভঃ

দুয়োখন দেশৰ মাজত তথ্য, জ্ঞান, প্ৰযুক্তি আৰু বিজ্ঞানসন্মত প্ৰাসংগিক অভিজ্ঞতাৰ লগতে যুটীয়া প্ৰকল্প ৰূপায়ণৰ বাবে জল আৰু ডেল্টা ব্যৱস্থাপনা তথা জল প্ৰযুক্তিৰ ক্ষেত্ৰত দীৰ্ঘকালীন সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছে৷

এই সহযোগিতামূলক চুক্তিখনে জল নিৰাপত্তা, জলসিঞ্চনৰ সা-সুবিধাৰ উন্নয়ন আৰু জল সম্পদৰ উন্নয়নত বহনযোগ্যতা আহৰণৰ ক্ষেত্ৰত সহায় কৰিব৷

*******

 

DS/DB


(रिलीज़ आईडी: 1707138) आगंतुक पटल : 239
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam