স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

পাঁচ ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, পঞ্জাব, কৰ্ণাটক, গুজৰাট আৰু তামিলনাডুত ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানত এতিয়ালৈকে ৩.৫ কোটি টিকাকৰণ সম্পন্ন হৈছে

কালি ২১ লাখৰো অধিক টিকা দিয়া হৈছে

Posted On: 17 MAR 2021 10:42AM by PIB Guwahati

মহাৰাষ্ট্ৰ, পঞ্জাব, কৰ্ণাটক, গুজৰাট আৰু তামিলনাডুত দৈনিক ক’ভিডৰ সংক্ৰমণ উচ্চ হাৰত অব্যাহত আছে। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্ৰমণ হোৱা ২৮,৯০৩গৰাকী ব্যক্তিৰ ভিতৰত ৭১.১০ শতাংশ এই ৰাজ্যকেইখনৰ।

নতুন সংক্ৰণৰ ঘটনাৰ ৮৩.৯১ শতাংশ মহাৰাষ্ট্ৰ, পঞ্জাব, কৰ্ণাটক, গুজৰাট, তামিলনাডু আৰু কেৰালাৰ পৰা দেখা গৈছে।

কেৱল মহাৰাষ্ট্ৰতে দৈনিক ১৭,৮৬৪গৰাকী নতুনকৈ আক্ৰান্ত হৈছে, যি মুঠ আক্ৰান্তৰ ৬১.৮ শতাংশ। ইয়াৰ পাছতে আছে কেৰালা আৰু পঞ্জাব। কেৰালাত দৈনিক ১,৯৭০ আৰু পঞ্জাবত ১,৪৬৩গৰাকী নতুন আক্ৰান্ত দেখা গৈছে।

আজিৰ দিনটোত ভাৰতৰ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২,৩৪,৪০৬গৰাকী। মুঠ পৰিঘটনাৰ ই হ’ল ২.০৫ শতাংশ।

মহাৰাষ্ট্ৰ, কেৰালা আৰু পঞ্জাবৰ আক্ৰান্তৰ সংখ্যা ভাৰতৰ মুঠ সক্ৰিয় পৰিঘটনাৰ ৭৬.৪ শতাংশ। ইয়াৰে মহাৰাষ্ট্ৰই অকলে ৬০ শতাংশ অৰিহণা আগবঢ়াইছে।

আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি, দেশত ৫,৮৬,৮৫৫টা টিকাকৰণ কেন্দ্ৰত ৩.৫ কোটি টিকাকৰণ সম্পন্ন হৈছে।

আজিলৈকে ভাৰতৰ মুঠ সুস্থ লোকৰ সংখ্যা হ’ল ১,১০,৪৫,২৮৪। ৰাষ্ট্ৰীয় সুস্থতাৰ হাৰ ৯৬.৫৬ শতাংশ।

যোৱা ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা হ’ল ১৮৮গৰাকী। ১৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত যোৱা ২৪ঘণ্টাত কোনো ক’ভিড জনিত মৃত্যুৰ তথ্য পোহৰলৈ অহা নাই। এই ৰাজ্যসমূহ হ’লঃ অসম, অন্ধ্ৰ প্ৰদেশ, ওড়িশা, উত্তৰাখণ্ড, লক্ষদ্বীপ, ছিকিম, মেঘালয়, দমন আৰু দিউ, দাদৰ আৰু নগৰ হাভেলী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, নাগালেণ্ড, ত্ৰিপুৰা, লাডাখ, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ।

****

MV/SJ/MS



(Release ID: 1705697) Visitor Counter : 159