স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্বৰ বৃহত্তম টীকাকৰণ অভিযানত ভাৰতত প্রায় ৩ কোটি টীকাৰ ডোজ দিয়া হৈছে

দেশত যোৱা ২৪ ঘণ্টাযত ১৫ লক্ষৰ বেছি টীকাকৰণ

মহাৰাষ্ট্র, কেৰালা, পাঞ্জাব, কর্ণাটক, গুজৰাত, তামিলনাডু আৰু মধ্যপ্রদেশত দৈনিক আক্রান্তৰ সংখ্যাত ক্রমাগত বৃদ্ধি

Posted On: 14 MAR 2021 11:36AM by PIB Guwahati

ভাৰতত বিশ্বৰ বৃহত্তম টীকাকৰণ অভিযান আৰম্ভ হৈছে। এই টীকাকৰণ অভিযানৰ আওতাত সুফলভোগীসকলক প্রায় ৩ কোটি টীকাৰ ডোজ দিয়া হৈছে। আজি পুৱা ৭টা পর্যন্ত ২ কোটি ৯৭ লক্ষ ৩৮ হাজাৰ ৪০৯টা টীকাৰ ডোজ দিয়া হৈছে। ইয়াৰ মাজত ৭৩ লক্ষ ৪৭ হাজাৰ ৮৯৫ জন স্বাস্থ্য কর্মীক প্রথম ডোজ, ৪২ লক্ষ ৯৫ হাজাৰ ২০১ জন স্বাস্থ্য কর্মীক দ্বিতীয় ডোজ, কৰোণাৰ বিৰুদ্ধেযুঁজত আগশাৰীত থকা ৭৩ লক্ষ ৩২ হাজাৰ ৬৪১ জন কর্মীক প্রথম ডোজ আৰু ১১ লক্ষ ৩৫ হাজাৰ ৫৭৩ জন কর্মীক দ্বিতীয় ডোজ দিয়া হৈছে। ইয়াৰ উপৰিও, একাধিক উপসর্গ বিশিষ্ট ৪৫ বছৰৰ বেছি বয়সীয়া ১৪ লক্ষ ৪০ হাজাৰ ৯২ জন সুফলভোগী আৰু ৬০ বছৰৰ বেছি বয়সীয়া ৮১ লক্ষ ৮৭ হাজাৰ ৭ জন সুফলভোগীক প্রথম ডোজ দিয়া হৈছে।

 

 

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০ বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৭৩,৪৭,৮৯৫

৪২,৯৫,২০১

৭৩,৩২,৬৪১

১১,৩৫,৫৭৩

১৪,৪০,০৯২

৮১,৮৭,০০৭

২,৯৭,৩৮,৪০৯

 

 

টীকাকৰণ অভিযানৰ ৫৭ তম দিনত (১৩ মার্চ) ১৫ লক্ষ ১৯ হাজাৰ ৯৫২টা টীকাৰ ডোজ দিয়া হৈছে। ইয়াৰ মাজত ১২ লক্ষ ৩২ হাজাৰ ১৩১ জন সুফলভোগীক প্রথম ডোজ আৰু ২ লক্ষ ৮৭ হাজাৰ ৮২১ জন সুফলভোগীক টীকাৰ দ্বিতীয় ডোজ দিয়া হৈছে।

 

 

তাৰিখঃ ১৩ মাৰ্চ, ২০২১

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০ বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ প্ৰাপ্তি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৫৪,৩২০

১,০১,১৭১

৯৬,৮৯৬

১,৮৬,৬৫০

১,৮৫,৬২৪

৮,৯৫,২৯১

১২,৩২,১৩১

২,৮৭,৮২১

 

 

দেশত দৈনিক ভিত্তিত টীকাকৰণৰ হাৰ একেৰাহে বাঢ়িছে।

অন্যহাতে কেইবাখনো ৰাজ্যত নতুন কোভিডত আক্রান্তৰ ঘটনাত দৈনিক বৃদ্ধি লক্ষ্য কৰা গৈছে। মহাৰাষ্ট্র, কেৰালা, পাঞ্জাব, কর্ণাটক, গুজৰাত, তামিলনাডু আৰু মধ্যপ্রদেশত যোৱা ২৪ ঘণ্টাযত ২৫ হাজাৰ ৩২০ জন আক্রান্ত হৈছে, যি দেশত একেদিনাই মুঠ আক্রান্তৰ ৮৭.৭৩ শতাংশ।

 

মহাৰাষ্ট্রত একেদিনাই সর্বাধিক ১৫ হাজাৰ ৬০২ জন আক্রান্ত হৈছে। কেৰালাত আক্রান্ত হৈছে ২ হাজাৰ ৩৫ জন। অন্যহাতে পাঞ্জাবত নতুন আক্রান্তৰ সংখ্যা ১ হাজাৰ ৫১০।

৮খন ৰাজ্যত দৈনিক আক্রান্তৰ ৰেখাচিত্রত উর্দ্ধগতি লক্ষ্য কৰা গৈছে।

দেশত আজি সুস্পষ্টভাবে কৰোণাত আক্রান্তৰ সংখ্যা হৈছেগৈ ২ লক্ষ ১০ হাজাৰ ৫৪৪। কেৱল মহাৰাষ্ট্র, কেৰালা আৰু পাঞ্জাবতে আক্রান্তৰ হাৰ ৭৬.৯৩ শতাংশ।

দেশত আজি পর্যন্ত কৰোণাত আৰোগ্য লাভৰ সংখ্যা ১ কোটি ৯ লক্ষ ৮৯ হাজাৰ ৮৯৭। জাতীয় স্তৰত সুস্থতাৰ হাৰ ৯৬.৭৫ শতাংশ। দেশত যোৱা ২৪ ঘণ্টাযত ১৬ হাজাৰ ৬৩৭ জন কৰোণা মুক্ত হৈছে। কেৱল ৬খন ৰাজ্যতে আৰোগ্য লাভৰ হাৰ ৮৩.১৩ শতাংশ। মহাৰাষ্ট্রত একেদিনাই সর্বাধিক ৭ হাজাৰ ৪৬৭ জনে আৰোগ্য লাভ কৰিছে।

দেশত যোৱা ২৪ ঘণ্টাযত কৰোণাত ১৬১ জনৰ মৃত্যু হৈছে। ইয়াৰ মাজত ৬খন ৰাজ্যতে মৃত্যুৰ হাৰ ৮৪.৪৭ শতাংশ। মহাৰাষ্ট্রত সর্বাধিক ৮৮ জনৰ মৃত্যু হৈছে। পাঞ্জাবত একেদিনাই মৃত্যু হৈছে ২২ জনৰ। অন্যহাতে কেৰালাত মৃত্যু হৈছে ১২ জনৰ।

দেশত যোৱা ২৪ ঘণ্টাযত ১৪খন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত কৰোণাত মৃত্যুৰ খবৰ নাই। এই ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ মাজত আছে - ৰাজস্থান, ঝাড়খণ্ড, লাক্ষাদ্বীপ, মেঘালয়, নাগালেণ্ড, ত্রিপুৰা, ছিক্কিম, লাদাখ, মিজোৰাম, অৰুণাচল প্রদেশ প্রভৃতি।

 *******

MV/SJ



(Release ID: 1704787) Visitor Counter : 179