স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

২০.৫৩লাখ ড’জতকৈ অধিক টিকাকৰণেৰে এদিনত সৰ্বাধিক ক’ভিড-১৯ৰ টিকাকৰণৰ বৃহৎ সফলতা অৰ্জন ভাৰতৰ

মুঠ টিকাকৰণৰ সংখ্যা প্ৰায় ৩ কোটি হৈছে

Posted On: 13 MAR 2021 11:22AM by PIB Guwahati

১৬ জানুৱাৰী, ২০২১ৰ পৰা দেশজুৰি আৰম্ভ হোৱা টিকাকৰণ অভিযানৰ অধীনত বৃহৎ সফলতা অৰ্জন কৰিছে ভাৰতে৷ ১২ মাৰ্চ, ২০২১ত এদিনতে ৩০,৫৬১টা পৰ্বত ৫৬দিনীয়া টিকাকৰণ অভিযানৰ ভিতৰতে সৰ্বাধিক ২০,৫৩,৫৩৭জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

ইয়াৰে ১৬,৩৯,৬৬৩গৰাকী হিতাধিকাৰীক (এইচচিড়ব্লিউ আৰু এফএলডব্লিফ) প্ৰথম ড’জ আৰু ৪,১৩,৮৭৪ গৰাকী হিতাধিকাৰীক(এইচচিড়ব্লিউ আৰু এফএলডব্লিফ) দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

আজি পুৱা ৭ বজালৈকে মুঠ ৪,৮৬,৩১৪টা পৰ্বৰ জৰিয়তে ২.৮২ কোটি লোকক টিকাকৰণ কৰা হৈছে৷

বিগত ২৪ ঘণ্টাত টিকাকৰণ কৰা মুঠ ২০,৫৩,৫৩৭জন হিতাধিকাৰীৰ ৭৪%ই ৮খন ৰাজ্যৰ৷

উত্তৰপ্ৰদেশত সৰ্বাধিক ৩.৩লাখ ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001GRZH.jpg

দ্বিতীয় ড’জ প্ৰদান কৰা লোকৰ ৬৯%ই ১০খন ৰাজ্যৰ৷ উত্তৰপ্ৰদেশত সৰ্বাধিক ৯.৭১% হিতাধিকাৰীক দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image002JOKW.jpg

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা আজি ২,০২,০২২জন হৈছে৷ বিগত ২৪ ঘণ্টাত ২৪,৮৮২জন নতুন আক্ৰান্তসহ মুঠ আক্ৰান্ত ৰোগীৰ ১.৭৮% বৰ্তমান চিকিৎসাধীন হৈ আছে৷

বিগত ২৪ ঘণ্টাৰ নতুন আক্ৰান্তৰ ৮৭.৭২%ই মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক, গুজৰাট, তামিলনাডু আৰু মধ্যপ্ৰদেশৰ৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগী ৬৩.৫৭%ই মহাৰাষ্ট্ৰৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image003B1GW.jpg

আঠখন ৰাজ্যত নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0048IJJ.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image0056D3J.jpg

অন্যহাতে ২০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১,০০০তকৈ কম ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image006V1M7.jpg

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা আজি ১,০৯,৭৩,২৬০জন হৈছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৬.৮২% হৈছে৷

বিগত ২৪ ঘণ্টাত ১৯,৯৫৭জন ৰোগী আৰোগ্য হৈছে৷ নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮৬.৪২%ই ৬খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ১১,৩৪৪জন ৰোগী আৰোগ্য হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image007NNK4.jpg

বিগত ২৪ ঘণ্টাত দেশত ১৪০জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮১.৪৩%ই পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৬, পাঞ্জাৱত ৩৪ আৰু কেৰালাত ১৪জন ৰোগীৰ মৃত্যু হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image008RN3W.jpg

১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত এজনো ৰোগী ক’ভিডত মৃত্যু হোৱা নাই৷

সেইবোৰ হৈছে-ৰাজস্থান, চত্তীশগড়, হিমাচলপ্ৰদেশ, ওড়িশা, ঝাৰখণ্ড, পুডুচেৰী, অসম, লাক্ষাদ্বীপ, লাডাখ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, ছিকিম, নাগালেণ্ড, ত্ৰিপুৰা, মনিপুৰ, মেঘালয়. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, মিজোৰাম আৰু অৰুণাচলপ্ৰদেশ৷

****

MV/SJ/DB



(Release ID: 1704670) Visitor Counter : 163