স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
মহাৰাষ্ট্ৰ, কেৰালা, পাঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিলনাডুত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা
বৃহৎ প্ৰতিষেধক অভিযানৰ অংশ হিচাপে মুঠ প্ৰতিষেধক ২.৫৬ কোটিৰ সীমা অতিক্ৰম কৰিছে
বিগত ২৪ ঘণ্টাত ১৩ লক্ষাধিক ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে
प्रविष्टि तिथि:
11 MAR 2021 11:02AM by PIB Guwahati
মহাৰাষ্ট্ৰ, কেৰালা, পাঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিলনাডুত নিতৌ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত ২৪ ঘণ্টাত ৮৫.৯১% লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
বিগত ২৪ ঘণ্টাত ২২,৮৫৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
ভাৰতত আজি পৰ্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৮৯,২২৬ জন৷
৪,৭৮,১৬৮ টা ছেছনৰ জৰিয়তে ২.৫৬ কোটিতকৈও অধিক (২,৫৬,৮৫,০১১) প্ৰতিষেধক আজি পুৱা ৭ বজা পৰ্যন্ত প্ৰদান কৰা হৈছে৷
বিগত ২৪ ঘণ্টাত ১২৬ জন লোকৰ মৃত্যু হৈছে৷
গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, অসম, ওড়িশা, গোৱা, ঝাৰখণ্ড, পুডুচেৰী, লাক্ষাদ্বীপ, ছিক্কিম, লাডাখ, মণিপুৰ, ডিএণ্ডএন আৰু ডিএণ্ডএন, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, আন্দামান নিকোবাৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশকে ধৰি ১৯ খন ৰাজ্যত বিগত ২৪ ঘণ্টাত এজনো লোকৰ মৃত্যু হোৱা নাই৷
****
MV/SJ
(रिलीज़ आईडी: 1704279)
आगंतुक पटल : 284