প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী ছুগা য়’শীহিডৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 09 MAR 2021 8:17PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি জাপানৰ প্রধানমন্ত্রী ছুগা য়’শীহিডৰ সৈতে টেলিফোনযোগে কথা পাতে৷

দুয়োগৰাকী নেতাই ভাৰত–জাপান বিশেষ কৌশলগত অংশীদাৰিত্ব আৰু পাৰস্পৰিক বিশ্বাস আৰু মিলিত মূল্যবোধৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ ক্ষেত্রত বিগত বছৰসমূহত যি ইতিবাচক প্রভাৱ পৰিলক্ষিত হৈছে, তাক লৈ সন্তোষ প্রকাশ কৰে৷ ক’ভিড–১৯ মহামাৰী সত্ত্বেও বিগত বৰ্ষত বিভিন্ন দ্বিপাক্ষিক ক্ষেত্রত মত বিনিময়ৰ বিষয়ে দুয়োগৰাকী নেতাই প্রয়োজনীয় প্ৰচেষ্টাৰ প্রশংসা কৰে৷ নির্দিষ্ট খণ্ডত দক্ষ কর্মী সংক্রান্তীয় সহযোগিতামূলক চুক্তি স্বাক্ষৰিত হোৱাৰ বিষয়টো তেওঁলোকে আদৰণি জনায়৷ এই সহযোগিতামূলক চুক্তিৰ সিদ্ধান্তবোৰ দ্রুতগতিত বাস্তবায়িত কৰাৰ ক্ষেত্ৰত তেওঁলোকে অগ্রাধিকাৰ দিয়ে৷

মুম্বাই–আমেদাবাদ হাইস্পীড ৰে’ল প্রকল্প (এমএএইচএছআৰ)ক ভাৰত–জাপান দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ উজ্জ্বল নিদৰ্শন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ সফল ৰূপায়ণত তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰে৷

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ত মত বিনিময় কৰে৷ তেওঁলোকে দুয়োখন দেশৰ সমস্যাৱলীৰ সমাধানৰ বাবে যুটীয়াভাৱে কাম কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে৷ এই প্রসংগত আন একাংশ দেশ যেনে-অষ্ট্ৰেলিয়া আৰু মার্কিন যুক্তৰাষ্ট্রৰ সৈতে কোৱাড আলোচনাৰ ওপৰত জোৰ দি এই ধৰণৰ কার্যকৰ আলোচনা চলাই যোৱাৰ প্রসংগত দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷

দুয়োগৰাকী নেতাই ২০২২চনত দুয়োকন দেশৰ কূটনৈতিক সম্পর্কৰ ৭০সংখ্যক বৰ্ষপূৰ্তি সঠিকভাৱে পালনৰ সিদ্ধান্ত লয়৷

প্ৰধানমন্ত্ৰী মোদীয়ে বার্ষিক দ্বিপাক্ষিক সন্মিলন উপলক্ষে যিমান পাৰি সোনকালে প্ৰধানমন্ত্ৰী ছুগাক ভাৰতলৈ আহিবলৈ আমন্ত্ৰন জনায়৷.

***

DS/SH/DB



(Release ID: 1704034) Visitor Counter : 184