স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কোভিড-১৯ টীকাকৰণত ভাৰতে এক মাইলৰ খুটি অতিক্ৰম কৰিলে

যোৱা ২৪ ঘণ্টাত ২ নিযুততকৈ অধিক ভেকচিনৰ ডোজ দিয়া হৈছে

মুঠ টীকাকৰণৰ পৰিসৰে ২.৩ কোটি অতিক্ৰম কৰিলে

Posted On: 09 MAR 2021 11:27AM by PIB Guwahati

ভাৰতে ১৬ জানুৱাৰী, ২০২১ৰ পৰা আৰম্ভ হোৱা ইয়াৰ দেশজোৰা কোভিড-১৯ টীকাকৰণ অভিযানত এক উল্লেখযোগ্য প্ৰাপ্তি আহৰণ কৰিছে। যোৱা ২৪ ঘণ্টাত ২ নিযুততকৈও অধিক ডোজ (পালি) ভেকচিন দিয়া হৈছে।

 

টীকাকৰণ অভিযানৰ ৫২তম দিনত (৮ মাৰ্চ, ২০২১), ২০,১৯,৭২৩ পালি ভেকচিন দিয়া হৈছে। যাৰ মাজত, ১৭,১৫,৩৮০ সুফলভোগীক ২৮,৮৮৪টা সত্ৰত ১ম পালি (এইচচিডব্লিউ আৰু এফএলডব্লিউ)ক আৰু ৩,০৪,৩৪৩ এইচচিডব্লিউ আৰু এফএলডব্লিউক ২য় পালি টীকাকৰণ কৰা হয়।

 

তাৰিখঃ ৮ মাৰ্চ, ২০২১

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০ বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ প্ৰাপ্তি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৮৯,০৯৯

১,৯১,৯৩০

১,৮২,৭৮২

১,১২,৪১৩

২,২১,১৪৮

১২,২২,৩৫১

১৭,১৫,৩৮০

৩,০৪,৩৪৩

 

 

প্ৰভিজনেল ৰিপ'ৰ্ট অনুসৰি, আজি পুৱা ৭ বজালৈকে ৪,০৫,৫১৭টা সত্ৰৰ জৰিয়তে ২.৩ কোটি (২,৩০,০৮,৭৩৩) পালি ভেকচিন দিয়া হৈছে। ইয়াৰ ভিতৰত আছে ৭০,৭৫,০১০ এইচচিডব্লিউ (১ম পালি), ৩৭,৩৯,৪৭৮ এইচচিডব্লিউ (২য় পালি), ৬৭,৯২,৩১৯ এফএলডব্লিউ (১ম পালি) আৰু ৩,২৫,৯৭২ এফএলডব্লিউ (২য় পালি), নিৰ্দিষ্ট ৰুগ্নতা বিশিষ্ট ৪৫ বছৰৰ ওপৰৰ ৭,০১,৮০৯ আৰু ৬০ বছৰৰ ওপৰৰ ৪৩,৭৪,১৪৫ সুফলভোগী।

 

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০ বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৭০,৭৫,০১০

৩৭,৩৯,৪৭৮

৬৭,৯২,৩১৯

৩,২৫,৯৭২

৭,০১,৮০৯

৪৩,৭৪,১৪৫

২,৩০,০৮,৭৩৩

 

মহাৰাষ্ট্ৰ, কেৰালা, পঞ্জাৱ, তামিলনাডু, গুজৰাট আৰু কৰ্ণাটকত দৈনিক নতুন কোভিড ৰোগী পোৱাৰ তথ্য আহিছে। যোৱা ২৪ ঘণ্টাত পোৱা এনে মুঠ নতুন ঘটনাৰ হাৰ হৈছে ৮৪.০৪%।

 

 যোৱা ২৪ ঘণ্টাত ১৫,৩৮৮টা নতুন ঘটনা পঞ্জীভুক্ত কৰা হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক দৈনিক নতুন ঘটনা ৮,৭৪৪টাৰ তথ্য পোৱা গৈছে। ইয়াৰ পিছতে আছে কেৰালাত ১,৪১২ আৰু পঞ্জাৱত নতুন ঘটনা ১,২২৯।

দৈনিক নতুন ঘটনাৰ ক্ষেত্ৰত আঠখন ৰাজ্যত ঊৰ্ধমুখী গতি পৰিলক্ষিত হৈছে।

আজি ভাৰতৰ মুঠ সক্ৰিয় ঘটনা হৈছেগৈ ১,৮৭,৪৬২। ভাৰতৰ বৰ্তমান সক্ৰিয় ঘটনা হৈছে মুঠ পজিটিভ কেছৰ ১.৬৭%।

 

যোৱা ২৪ ঘণ্টাত নতুন ঘটনাৰ বিতৰণ তলত দিয়া ৰেখাচিত্ৰত দেখা গৈছে। যোৱা ২৪ ঘণ্টাত চাৰিখন ৰাজ্য- অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাত কোভিড-১৯ৰ কোনো নতুন ঘটনা পোৱা হোৱা নাই, তাৰ বিপৰীতে ৩খন ৰাজ্য -মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু কেৰালাত যোৱা ১০০০তকৈ অধিক নতুন কোভিড-১৯ কেছ পোৱা গৈছে।

 *******

MV/SJ



(Release ID: 1703684) Visitor Counter : 200