প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ ভেকচিনৰ প্ৰথম ড’জ ল’লে প্ৰধানমন্ত্ৰীয়ে

Posted On: 01 MAR 2021 7:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লী এইমছত ক’ভিড-১৯ ভেকচিনৰ প্ৰথম ড’জ গ্ৰহণ কৰে৷

টুইটাৰযোগে এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “এইমছত মই ক’ভিড-১৯ ভেকচিনৰ প্ৰথম ড’জ গ্ৰহণ কৰিলো৷ ক’ভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ যুঁজক শক্তিশালী কৰাৰ জটিল সন্ধিক্ষণত আমাৰ চিকিৎসক আৰু বিজ্ঞানীসকলে উল্লেখযোগ্য কাম কৰিছে৷ মই যোগ্য সকলো ব্যক্তিকে ক’ভিড ভেকচিন ল’বলৈ আহ্বান জনালো৷ আহক, আমি সকলোৱে ভাৰতক ক’ভিড-১৯ মুক্ত দেশ হিচাপে গঢ় দিও৷”

***************

DS/ VJ/DB



(Release ID: 1701922) Visitor Counter : 223