প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৬ ফেব্ৰুৱাৰীত দা তামিলনাডু ড০ এম জি আৰ মেডিকেল ইউনিভাৰ্চিটীৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 24 FEB 2021 7:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ফেব্ৰুৱাৰী ২০২১ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দা তামিলনাডু ড০ এম জি আৰ মেডিকেল ইউনিভাৰ্চিটীৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব৷ দীক্ষান্ত সমাৰোহত মুঠ ১৭৫৯১ গৰাকী প্ৰাৰ্থীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হ’ব৷ সমাৰোহত তামিলনাডুৰ ৰাজ্যপালো উপস্থিত থাকিব৷

বিশ্ববিদ্যালয়ৰ বিষয়ে

এই বিশ্ববিদ্যালয়খন তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ এম জি ৰামাচন্দ্ৰমৰ নামত স্থাপন কৰা হৈছিল৷ বিশ্ববিদ্যালয়খনৰ অধীনত মুঠ ৬৮৬খন অনুমোদিত অনুষ্ঠান আছে৷

****

DS/AKJ/MANN


(रिलीज़ आईडी: 1700673) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam