স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশৰ দ্বাৰা মিছন ইন্দ্ৰধনুষ (আইএমআই) ৩.০ৰ আৰম্ভণি

কোভিড-১৯ মহামাৰীৰ সময়ত টীকাকৰণৰ পৰা বঞ্চিত শিশু আৰু গৰ্ভৱতী মহিলাক চিনাক্ত কৰা হ'ব আৰু তেওঁলোকক টীকাৰ খোৰাক দিয়া হ'ব

এদিনত ২৯,০০০তকৈ অধিক শিশু আৰু ৫,০০০ গৰ্ভৱতী মহিলাক টীকাকৰণ কৰা হয়

Posted On: 23 FEB 2021 1:43PM by PIB Guwahati

বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ দ্বাৰা তীব্ৰ মিছন ইন্দ্ৰধনুষ (আইএমআই) ৩.০ৰ আৰম্ভণি কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে সেই শিশু আৰু গৰ্ভৱতী মহিলাকচিনাক্ত কৰা যি নিয়মীয়া টীকাকৰণ কাৰ্যক্ৰমৰ পৰা বঞ্চিত বা থাকি গ'ল। ইয়াৰ উদ্দেশ্য হৈছে মিছন মোডত হস্তক্ষেপৰ মাধ্যমত শিশু আৰু গৰ্ভৱতী মহিলাক পূৰ্ণ টীকাকৰণত দ্ৰুততা অনা। প্ৰথম পৰ্যায় ২২ ফেব্ৰুৱাৰী ২০২১ৰ পৰা ১৫ দিনৰ বাবে আৰম্ভ কৰা হৈছে।

 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধনে ১৯ ফেব্ৰুৱাৰী, ২০২১ত এই অভিযানৰ আৰম্ভ কৰে আৰু ৰাজ্য আৰু জিলাসমূহৰ বিষয়াসকলক প্ৰতিটো শিশুৰ ওচৰলৈ যোৱা আৰু পূৰ্ণ টীকাকৰণৰ লক্ষ্যত উপনীত হোৱাৰ আহ্বান জনায়। এই অভিযানত ৰাজ্য স্তৰত শীৰ্ষ নেতৃত্বৰ দ্বাৰা টীকাকৰণ কাৰ্যক্ৰমৰ দায়িত্ব অৰ্পণ কৰা হৈছে। উত্তৰ প্ৰদেশত এই অভিযানৰ উদ্বোধন মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে ২১ ফেব্ৰুৱাৰী ২০২১ত কৰিছিল। ৰাজস্থানত ২২ ফেব্ৰুৱাৰী ২০২১ত এই অভিযানৰ আৰম্ভ স্বাস্থ্য মন্ত্ৰী ড৹ ৰঘু শৰ্মাই কৰে। মধ্যপ্ৰদেশত স্বাস্থ্য মন্ত্ৰী ড৹ প্ৰভু ৰাম চৌধুৰীয়ে ২২ ফেব্ৰুৱাৰী ২০২১ত ভূপালত আয়োজিত এক সমাৰোহত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে।

কামৰূপ জিলাত ইটাভাটাত টীকাকৰণ

যোৰহাট জিলাত টীকাকৰণ

১৫ দিন (নিয়মীয়া টীকাকৰণ আৰু বন্ধদিন বাদ দি)লৈকে চলা এই অভিযানত টীকাকৰণৰ দুটা পৰ্যায় নিৰ্দ্ধাৰিত কৰা হৈছে। ই দেশৰ ২৯খন ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশত পূৰ্ব চিহ্নিত ২৫০খন জিলা/চহৰ ক্ষেত্ৰত চলোৱা হৈছে। কোভিড-১৯ৰ সময়ত টীকাৰ খোৰাকৰ পৰা বঞ্চিত হোৱা বাহিৰা প্ৰদেশৰ লাভাৰ্থী আৰু যি ক্ষেত্ৰলৈকে গৈ পোৱাত অসুবিধা হ'ল, তেওঁলোকৰ ওচৰ পাবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

 

আইএমআই ৩.০ৰ বাবে জাৰি দিশ নিৰ্দেশনা অনুসৰি জিলাসমূহক কম প্ৰত্যাহ্বানপূৰ্ণ ৩১৩, মধ্যমীয়া প্ৰত্যাহ্বানপূৰ্ণ ১৫২ আৰু সবাতোকৈ অধিক প্ৰত্যাহ্বানপূৰ্ণ ২৫০ জিলাত শ্ৰেণীভুক্ত কৰা হৈছে।

 

টীকাকৰণ গতিবিধিৰ সময়ত কোভিডৰ পৰা ৰক্ষা সম্পৰ্কীয় নিয়মাৱলী (চিএবি)ৰ পালনৰ ওপৰত জোৰ দিয়া হৈছে। ইয়াৰ বাবে ৰাজ্যসমূহৰ পৰা সত্ৰ স্থলসমূহত ভীৰৰ পৰা বাচিবৰ বাবে প্ৰভাৱশালী উপায় অৱলম্বন কৰা আৰু যদি ভীৰৰ পৰা বাচিবৰ উপায় প্ৰভাৱশালী নহয়, এনেকুৱা অৱস্থাত সেই সত্ৰসমূহৰ বেলেগ বিৱৰণ প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিবলৈও কোৱা হৈছে। টীকাকৰণ সত্ৰৰ যোজনা এনেকুৱাকৈও প্ৰস্তুত কৰা হৈছে যাতে একে সময়তে ১০তকৈ অধিক লাভাৰ্থী সত্ৰস্থলত উপস্থিত নহয়।

 

আইএমআই ৩.০ৰ প্ৰথম পৰ্যায়ত অভিযানত সেইসকল শিশু আৰু গৰ্ভৱতী মহিলাক কেন্দ্ৰত ৰখা হৈছে, যি কোভিড মহামাৰীৰ কাৰণে টীকাৰ খোৰাক লোৱাৰ পৰা থাকি গ'ল। ২২ ফেব্ৰুৱাৰীত সন্ধিয়া ৫ বজালৈকে পৰিসংখ্যা অনুসৰি প্ৰায় ২৯,০০০ শিশু আৰু ৫,০০০ গৰ্ভৱতী মহিলাক টীকাকৰণ কৰা হৈছে (পৰিসংখ্যা অনন্তিম)।

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰায়োজিত আইএমআই ৩.০ অভিযানক প্ৰমুখ বিভাগৰ সহযোগত ইয়াত ভাগ লোৱা লোক, নাগৰিক সমাজ সংগঠন, যুৱক-যুৱতী আৰু বিভিন্ন সমুদায়ৰ সদস্যৰ শক্তিশালী নেটৱৰ্কৰ মাধ্যমত মিছন মোডত কাৰ্যকৰী কৰা হ'ব। ইয়াক কোভিড-১৯ মহামাৰীৰ কাৰণে টীকাকৰণত হোৱা হ্ৰাস সম্পূৰ্ণ কৰাৰ সুযোগ হিচাপে লোৱা হ'ব।

**********

 

MV/SJ



(Release ID: 1700376) Visitor Counter : 157