প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২২ ফেব্ৰুৱাৰীত অসম আৰু পশ্চিম বংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে অসমৰ গুৰুত্বপূৰ্ণ তেল ও গেছ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু অভিযান্ত্ৰিক মহাবিদ্য়ালয়সমূহ উদ্বোধন আৰু শিলান্যাস কৰিব

পশ্চিম বংগৰ বহুকেইটা ৰেলৱে প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 20 FEB 2021 1:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ২২ ফেব্ৰুৱাৰীত অসম আৰু পশ্চিম বংগ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১১:৩০ বজাত, অসমৰ ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত এটি কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে তেল ও গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তেখেতে তদুপৰি এই কাৰ্যসূচীতে অভিযান্ত্ৰিক মহাবিদ্য়ালয়সমূহৰ উদ্বোধন আৰু শিলান্যাস কৰিব। বিয়লি প্ৰায় ৪:৩০ বজাত, প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ হুগলীত বহুকেইটা ৰেলৱে প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু উদ্বোধন কৰিব।

অসমত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত INDMAX ইউনিট, ডিব্ৰুগড়ৰ মধূবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱত গেছ কমপ্ৰেছৰ ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তেখেতে তদুপৰি ধেমাজি অভিযান্ত্ৰিক মহাবিদ্য়ালয় উদ্বোধন আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্য়ালয়ৰ শিলান্যাস কৰিব। এই প্ৰকল্পসমূহে শক্তি সুৰক্ষা আৰু সমৃদ্ধিৰ এটা যুগৰ উন্মেষ ঘটাব আৰু স্থানীয় যুৱ প্ৰজন্মৰ অৰ্থে সুযোগৰ উজ্জ্বল পথ প্ৰশস্ত কৰি তুলিব। পূৰ্ব ভাৰতৰ আৰ্থ-সামাজিক বিকাশক চালিত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ পূৰ্বোদয়া দৃষ্টিৰ সৈতে সংগতি ৰাখিয়েই এইসমূহৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী উপস্থিত থাকিব।

ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰৰ INDMAX ইউনিটটোক গুৰু ফীডষ্টকৰপৰা প্ৰস্তুত অধিক এলপিজি আৰু হাই-অক্টেন গেছ’লিন উৎপন্ন কৰিবলৈ ইণ্ডিয়ান অইল-আৰএণ্ডডিৰদ্বাৰা থলুৱাভাৱে বিকাশ সাধন কৰা প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই ইউনিটে ৰিফাইনেৰীটোৰ ক্ৰুড সংসাধন ক্ষমতা ২.৩৫ এমএমটিপিএ (প্ৰতি বছৰে নিযুত মেট্ৰিক টন) ৰপৰা ২.৭ এমএমটিপিএ লৈ বৃদ্ধি কৰিব। তদুপৰি ইয়াৰ কমিছনিঙে এলপিজিৰ উৎপাদন ৫০ টিএমটি (হাজাৰ মেট্ৰিক টন) ৰপৰা ২৫৭ টিএমটি লৈ লক্ষ্যণীয়ভাৱে বৃদ্ধি কৰিব আৰু মটৰ স্পিৰিট (পেট্ৰ’ল) উৎপাদন ২১০ টিএমটিৰপৰা ৫৩৩ টিএমটিলৈ বৃদ্ধি পাব।

অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম নিৰ্মাণৰ লক্ষ্য হৈছে প্ৰায় ৪০,০০০ কিলো লিটাৰ অপৰিশোধিত তেলৰ সুৰক্ষিত মজুতকৰণ আৰু ৱেট ক্ৰুড অইলৰপৰা ফৰ্মেশ্যন ৱাটাৰৰ পৃথকীকৰণ। ৪৯০ কোটি টকা ব্য়য়সাপেক্ষে স্থাপন কৰা এই প্ৰকল্পটোত লগতে থাকিব এটা ডিহাইড্ৰেশ্যন ইউনিট যাৰ সঞ্চালন ক্ষমতা হ’ব প্ৰতি দিনে ১০,০০০ কিলো লিটাৰ।

তিনিচুকীয়াৰ মাকুমৰ গেছ কমপ্ৰেছৰ ষ্টেচনে ৰাষ্ট্ৰখনৰ খাৰুৱা তেলৰ উৎপাদন ক্ষমতা বছৰি প্ৰায় ১৬৫০০ মেট্ৰিক টন বৃদ্ধি কৰিব। ১৩২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ষ্টেচনটোত আছে ৩ ল’-প্ৰেচাৰ বুষ্টাৰ কমপ্ৰেছৰ আৰু ৩ হাই-প্ৰেচাৰ লিফ্টাৰ কমপ্ৰেছৰ।

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্য়ালয়খনি প্ৰায় ৪৫ কোটি টকা ব্যয় সাপেক্ষে ২৭৬ বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা হৈছে। এইখনি হৈছে ৰাজ্যখনৰ সপ্তমখন চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্য়ালয় আৰু ইয়াত চিভিল, মেকানিকেল আৰু কম্পিউটাৰ চায়েন্সৰ বি.টেক পাঠ্যক্ৰম আগবঢ়োৱা হ’ব। শিলান্যাস কৰিবলগীয়া শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্য়ালয়খনি প্ৰায় ৫৫ কোটি টকা ব্যয় সাপেক্ষে ১১৬ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব।

পশ্চিম বংগত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে নোৱাপাৰাৰপৰা দক্ষিণেশ্বৰলৈ মেট্ৰ’ ৰেলৱেৰ সম্প্ৰসাৰণৰ কাম উদ্বোধন কৰিব আৰু এই সম্প্ৰসাৰণেদি প্ৰথম সেৱাৰ ফ্লেগ অফ কৰিব। কেন্দ্ৰীয় চৰকাৰখনৰ সম্পূৰ্ণ পুঁজিৰে ৪৬৪ কোটি কোটি টকা ব্য়য় সাপেক্ষে এই ৪.১ কিঃমিঃ সম্প্ৰসাৰণ নিৰ্মাণ কৰি উলিওৱা হৈছে। ই পথৰ যানজঁট ৰোধ কৰিব আৰু নগৰীয়া চলা-ফুৰাৰ উন্নয়ন সাধন কৰিব। এই সম্প্ৰসাৰণে লাখ-লাখ পৰ্যটক আৰু ভক্তৰ বাবে কালিঘাট আৰু দক্ষিণেশ্বৰস্থিত বিশ্বৰ দুই প্ৰসিদ্ধ কালী মন্দিৰলৈ যোৱাটো সহজ কৰি তুলিব। বাৰানগৰ আৰু দক্ষিণেশ্বৰ নামৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ষ্টেচন দুটাত যাত্ৰীৰ বাবে সকলোখিনি আধুনিক ব্যৱস্থা কৰা হৈছে আৰু তদুপৰি মুৰাল, ফটোগ্ৰাফ, ভাস্কৰ্য্য আৰু মূৰ্তিৰে নান্দনিকভাৱে ডিজাইন আৰু সজাই তোলা হৈছে।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি কালাইকুণ্ডা আৰু ঝাৰগ্ৰামৰ মাজত তৃতীয় লাইনৰ উদ্বোধন কৰিব। যি হৈছে দক্ষিণ পূব ৰেলৱেৰ ১৩২ কিঃমিঃ দৈৰ্ঘ্যৰ খড়গপুৰ-আদিত্যপুৰ থাৰ্ড লাইন প্ৰকল্পৰ ৩০ কিঃমিঃ ৰৰোধিক সম্প্ৰসাৰণ। ১৩১২ কোটি টকা আনুমানিক ব্যয় সাপেক্ষে ইয়াত অনুমোদন জনোৱা হয়। কালাইকুণ্ডা আৰু ঝাৰগ্ৰামৰ মাজৰ চাৰিটা ষ্টেচন চাৰিটা নতুন ষ্টেচন ভৱন, ছখন নতুন ফুট অ’ভাৰ ব্ৰীজ আৰু এঘাৰ নতুন প্লেটফৰ্ম নিৰ্মাণৰদ্বাৰা পুনৰাই উন্নয়ন সাধন কৰা হয় তথা বৰ্তমানে থকা আন্তঃগাঁথনিৰ আধুনিকীকৰণ কৰা হয়। ই হাওৰা-মুম্বাই ট্ৰাংক পথত যাত্ৰী আৰু ফ্ৰেইট ৰেলৰ নিৰন্তৰ আহ-যাহৰ সুনিশ্চিতিত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে আজিমগঞ্জৰপৰা খড়গ্ৰাঘাট পথ শাখালৈ দ্বৈতকৰণ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ই হৈছে পূব ৰেলৱেৰ হাওৰা-বান্দেল-আজিমগঞ্জ শাখাৰ এটা অংশ। প্ৰায় ২৪০ কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে ইয়াৰ নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি হাওৰা-বৰ্ধমান চৰ্ড লাইনৰ দানকুনি আৰু বাৰুইপাৰা (১১.২৮ কিঃমিঃ) ৰ মাজত চতুৰ্থটো লাইন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব তথা কলাকাতাৰ প্ৰধান গেটৱে হিচাপে ভূমিকা পালন কৰা হাওৰা-বৰ্ধমান মেইন লাইনৰ ৰচুলপুৰ আৰু মাগ্ৰা (৪২.৪২ কিঃমিঃ) ৰ মাজত তৃতীয়টো লাইন ৰাষ্ট্ৰলৈ সমৰ্পণ কৰিব। ৰচুলপুৰ আৰু মাগ্ৰাৰ মাজত তৃতীয়টো লাইন ৭৫৯ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে। একেদৰে ১৯৫ কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে দানকুনি আৰু বাৰুইপাৰাৰ মাজত চতুৰ্থটো লাইন স্থাপন কৰা হৈছে।

এই প্ৰকল্পসমূহে উত্তম সঞ্চালন নিশ্চিত কৰাৰ সমান্তৰালভাৱে ভ্ৰমণ ব্যয় হ্ৰাস কৰিব আৰু ট্ৰেইন সঞ্চালনৰ সুৰক্ষা বৃদ্ধি কৰি তুলিব তথা একেদৰে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ সাধনত উদ্দীপনা যোগাব।

****

DS/SH/SB



(Release ID: 1699638) Visitor Counter : 179