স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কভিড-১৯ৰ বিৰুদ্ধে যুঁজত ১ কোটিতকৈও অধিক টিকাকৰণেৰে

সফলতাৰ ক্ষেত্ৰত ভাৰতে আৰু এক মাইলৰ খুঁটি অর্জন কৰিছে

১৬খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত বিগত ২৪ ঘন্টাত ক’ৰোনাত মৃত্যুৰ খবৰ নাই

Posted On: 19 FEB 2021 2:12PM by PIB Guwahati

বিশ্ব মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতে আৰু এক সাফল্যৰ মাইলৰ খুঁটি অর্জন কৰিছে। কভিড-১৯ৰ বিৰুদ্ধে যুঁজত আজি পুৱা ৮বজা পর্যন্ত ১ কোটিতকৈ অধিক স্বাস্থ্য কর্মী আৰু আগশাৰীৰ কর্মীক টিকাকৰণ কৰা হৈছে। ১ কোটি টিকাকৰণৰ বাবে ভাৰতত ৩৪ দিন সময়ৰ প্ৰয়োজন হৈছে, যি বিশ্বত দ্বিতীয় দ্রুততম।

 

আজি পুৱা ৮বজা পর্যন্ত ১,০১,৮৮,০০৭ গৰাকী লোকক টিকা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৬২,৬০,২৪২ জন স্বাস্থ্য কর্মীক টিকাৰ প্রথম ডোজ প্ৰদান কৰা হৈছে।  দ্বিতীয় ডোজ প্ৰদান কৰা হৈছে ৬,১০,৮৯৯ জন স্বাস্থ্য কর্মীক।

 

ইয়াৰোপৰি, ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আগশাৰীত থকা ৩৩,১৬,৮৬৬জন কর্মীক টিকাৰ প্রথম ডোজ প্ৰদান কৰা হৈছে। টিকাৰ প্রথম ডোজ গ্ৰহণৰ পাছত যি সমূহ হিতাধিকাৰীৰ ২৮ দিন সম্পূর্ণ হৈছে, তেওঁলোকৰ যোৱা ১৩ ফেব্রুৱাৰীৰ পৰা দ্বিতীয় পর্যায়ত টিকাকৰণ আৰম্ভ হৈছে। অসমত ১,৩৮,৭৯৫ জন লোকক টিকাৰ প্রথম ডোজ আৰু ৭,৯৫৩ জন লোকক দ্বিতীয় ডোজ প্ৰদান কৰা হৈছে।

 

টিকাকৰণ অভিযানৰ ৩৪তম দিনত (১৮ ফেব্রুৱাৰী পর্যন্ত) ৬,৫৮,৬৭৪ জন লোকক টিকা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৪,১৬,৯৪২ জনক প্রথম ডোজ আৰু ২,৪১,৭৩২ জনকে দ্বিতীয় ডোজ প্ৰদান কৰা হৈছে। দেশত দৈনিক ভিত্তিত টিকাকৰণৰ ক্ষেত্রত ক্রমাগত অগ্রগতি লক্ষ্য কৰা হৈছে।

 

বৰ্তমান পর্যন্ত দেশত মুঠ টিকাকৰণৰ ৫৭.৪৭ শতাংশই ৮খন ৰাজ্যত প্ৰদান কৰা হৈছে। কেবল উত্তৰ প্রদেশতেই টিকাকৰণ হৈছে ১০.৫ শতাংশ বা ১০,৭০,৮৯৫। দ্বিতীয় পর্যায়ত টিকাকৰণৰ ৬০.৮৫ শতাংশই ৭খন ৰাজ্যৰ। তেলেংগানাত সর্বাধিক ৭৩,২৮১ জন হিতাধিকাৰীক টিকাৰ দ্বিতীয় ডোজ প্ৰদান কৰা হৈছে।

 

দেশত ১৬খন ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত বিগত ২৪ ঘন্টাত কভিডত মৃত্যু হোৱাৰ খবৰ লাভ কৰা নাই। এই ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে- গুজৰাট, হিমাচল প্রদেশ, গোৱা, ছিকিম, লাডাখ, ত্রিপুৰা, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ, দমন আৰু ডিউ আৰু দাদৰা আৰু নাগৰ হাভেলী।

 

দেশত ১৫খন ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত বিগত ২৪ ঘন্টাত ১-৫ জনৰ ক’ৰোনাত মৃত্যু হৈছে। আনহাতে, ৩খন ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত মৃত্যু হৈছে ৬-১০ জন লোকৰ।

 

ভাৰতত আজি সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ১,৩৯,৫৪২। মুঠ ক’ৰোনাত আক্রান্তৰ কেৱল ১.২৭ শতাংশই সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্ত। দেশত আজি ক’ৰোনাত আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি পাই হৈছে ১,০৬,৬৭,৭৪১। ৰাষ্ট্ৰীয় স্তৰত সুস্থতাৰ হাৰ বৃদ্ধি পাই হৈছে ৯৭.৩০ শতাংশ। বিগত ২৪ ঘন্টাত আৰোগ্য লাভ কৰিছে ১০,৮৯৬ জনে।

 

দেশৰ ৬খন ৰাজ্যত সুস্থতাৰ হাৰ ৮৩.১৫ শতাংশ। কেৰালাত একেদিনাই সর্বাধিক ৫,১৯৩ জনে আৰোগ্য লাভ কৰিছে। মহাৰাষ্ট্রত সুস্থ হৈছে ২,৫৪৩ জন। আনহাতে, তামিলনাডুত ৪৭০ জন ক’ৰোনামুক্ত হৈছে।

 

দেশত বিগত ২৪ ঘন্টাত ১৩,১৯৩ জন লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে। ইয়াৰ ভিতৰত ৮৬.৬ শতাংশই ৬খন ৰাজ্যৰ বাসিন্দা। মহাৰাষ্ট্রত একেদিনাই ৫,৪২৭ জন লোক আক্রান্ত হৈছে। কেৰালাত আক্রান্তৰ সংখ্যা ৪,৫৮৪। তামিলনাডুত নতুনকৈ আক্রান্ত হৈছে ৪৫৭ জন।

 

দেশত বিগত ২৪ ঘন্টাত ক’ৰোনাত ৯৭ জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা ৭৬.২৯ শতাংশই ৫খন ৰাজ্যৰ। মহাৰাষ্ট্রত একেদিনাই ৩৮ জন লোকৰ মৃত্যু হৈছে। কেৰালাত মৃত্যু হৈছে ১৪ জন লোকৰ আৰু পাঞ্জাৱত মৃত্যু হৈছে ১০ জন লোকৰ।

 

****************

MV/SJ/KG

 



(Release ID: 1699587) Visitor Counter : 188