প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সিধিত সংঘটিত বাছ দুৰ্ঘটনাত হতাহতৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক, ক্ষতিপূৰণত অনুমোদন

Posted On: 16 FEB 2021 3:34PM by PIB Guwahati

মধ্য় প্ৰদেশৰ সিধিত সংঘটিত বাছ দুৰ্ঘটনাত হতাহতৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইবুলি টুইট কৰে “মধ্য প্ৰদেশৰ সিধিৰ বাছ দুৰ্ঘটনা ভয়াৱহ। শোকাহত পৰিয়ালসমূহলৈ সমবেদনা জনাইছো। স্থানীয় প্ৰশাসনে সক্ৰিয়তাৰে উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান অব্যাহত ৰাখিছে।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ক্ষতিপূৰণত অনুমোদন জনাইছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইবুলি টুইট কৰে “মধ্য প্ৰদেশৰ সিধিত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ নিকট আত্মীয়লৈ প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য্য নিধিৰপৰা ২ লাখ টকাকৈ ক্ষতিপূৰণত প্ৰধানমন্ত্ৰী @narendramodi এ অনুমোদন জনাইছে। গুৰুতৰভাৱে আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।”

****

DS/SB




(Release ID: 1698619) Visitor Counter : 137