প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাজা সুহেলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 14 FEB 2021 11:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২১ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে মহাৰাজা সুহেলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰিব৷ মহাৰাজা সুহেলদেৱৰ জন্ম বাৰ্ষিকী উপলক্ষে উত্তৰপ্ৰদেশৰ বাহৰেইচত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো অনুষ্ঠানত উপস্থিত থাকিব৷

সুহেলদেৱৰ অশ্বাৰোহণ অৱস্থাত থকা মূর্তি আৰু কাফেটেৰিয়া, অতিথিশালা আৰু শিশু উদ্যানকে ধৰি পর্যটন সম্পৰ্কীয় বিভিন্ন আন্তঃগাথনি এই প্রকল্পৰ অধীনত নির্মাণ কৰা হ’ব৷

দেশৰ প্রতি মহাৰাজা সুহেলদেৱৰ নিষ্ঠা আৰু কর্তব্য সকলোৰে বাবে অনুপ্রেৰণাৰ উৎস। এই স্মাৰক স্থলৰ উন্নয়নৰ জৰিয়তে মহাৰাজৰ বীৰত্বপূর্ণ কাম-কাজ সম্পর্কে দেশবাসীয়ে জানিব পাৰিব৷ তদুপৰি, ই পর্যটন কেন্দ্র হিচাপে ঠাইডোখৰৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব৷

*****

DS /AKJ/DB



(Release ID: 1698012) Visitor Counter : 159