স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে; আৰোগ্যৰ হাৰো উন্নীত হৈছে
বিগত এমাহত গড় দৈনিক মৃত্যুৰ হাৰ ৫৫% হ্ৰাস পাইছে
৬২.৬লাখ হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকাকৰণ কৰা হৈছে
Posted On:
09 FEB 2021 11:09AM by PIB Guwahati
ভাৰতৰ দৈনিক নতুন আক্ৰান্তৰ গতি হ্ৰাস পাইছে৷ বিগত ২৪ ঘণ্টাত ৯,১১০গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ কম সংখ্যক আক্ৰান্ত আৰু অধিক হাৰত আৰোগ্যই চিকিৎসাধীন ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱাটো সুনিশ্চিত কৰিছে৷
আজি ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৪৩,৬২৫জনলৈ হ্ৰাস পাইছে৷ মুঠ আক্ৰান্তৰ বিপৰীতে ভাৰতৰ চিকিৎসাধীন ৰোগীৰ পৰিমাণ ১.৩২% হৈছে৷
বৰ্তমানলৈকে ১,০৫,৪৮,৫২১জন লোক আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ১৪,০১৬গৰাকী ৰোগী আৰোগ্য হৈছে৷ আৰোগ্য আৰু চিকিৎসাধীন ৰোগীৰ মাজৰ ব্যৱধান আজি ১,০৪,০৪,৮৯৬জনলৈ বৃদ্ধি পাইছে৷

সামগ্ৰিক আৰোগ্যৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ আৰোগ্যৰ হাৰ ৯৭.২৫%লৈ উন্নীত হৈছে৷ ভাৰতৰ এই হাৰ ব্ৰিটেইন, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইটালী, ৰাছিয়া, ব্ৰাজিল আৰু জাৰ্মেনীকে ধৰি সকলো দেশতকৈ সৰ্বাধিক৷

ভাৰতৰ গড় মৃত্যুৰ হাৰ ক্ষিপ্ৰগতিত হ্ৰাস পাইছে৷ জানুৱাৰী, ২০২১ৰ দ্বিতীয় সপ্তাহত সৰ্বাধিক ২১১জনৰ বিপৰীতে ফেব্ৰুৱাৰী, ২০২১ৰ দ্বিতীয় সপ্তাহত ৯৬জনলৈ হ্ৰাস পাইছে৷ এই হাৰ ৫৫%৷

ইফালে, ভাৰতৰ মৃত্যুৰ হাৰ ১.৪৩শতাংশৰে বিশ্বৰ ভিতৰতে সৰ্বনিম্ন হিচাপে বিবেচিত হৈছে৷ বিশ্বৰ গড় মৃত্যুৰ হাৰ ২.১৮%৷

২০২১ৰ ৯ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণৰ অধীনত ৬২,৫৯,০০৮জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷ ইয়াৰে ৫৪,৮২,১০২জন স্বাস্থ্যকৰ্মী আৰু ৭,৭৬,৯০৬জন অগ্ৰণী কৰ্মী৷

বিগত ২৪ ঘণ্টাত ১০,২৬৯টা পৰ্বত ৪,৪৬,৬৪৬গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ১,২৬,৭৫৬টা পৰ্ব সম্পন্ন কৰা হৈছে৷ টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আহিছে৷
ক্ৰমিক নং
|
ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল
|
প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা
|
১
|
আন্দামান আৰু নিকোবৰ
|
৩,৩৯৭
|
২
|
অন্ধ্ৰপ্ৰদেশ
|
৩,১৪,৩১৬
|
৩
|
অৰুণাচল প্ৰদেশ
|
১৩,৪৭৯
|
৪
|
অসম
|
৯৯,৮৮৯
|
৫
|
বিহাৰ
|
৩,৯৭,৫৫৫
|
৬
|
চণ্ডীগড়
|
৬,০২৭
|
৭
|
চত্তীশগড়
|
১,৮৪,৭৩৩
|
৮
|
দাদৰা আৰু নগৰ হাভেলী
|
১,৫৫০
|
৯
|
দমন আৰু দিউ
|
৭৪৫
|
১০
|
দিল্লী
|
১,১৯,৩২৯
|
১১
|
গোৱা
|
৮,৩৫২
|
১২
|
গুজৰাট
|
৫,০৫,৯৬০
|
১৩
|
হাৰিয়ানা
|
১,৬৯,০৫৫
|
১৪
|
হিমাচল প্ৰদেশ
|
৫৮,০৩১
|
১৫
|
জম্মু আৰু কাশ্মীৰ
|
৬১,০৩৫
|
১৬
|
ঝাৰখণ্ড
|
১,২৪,৫০৫
|
১৭
|
কৰ্ণাটক
|
৪,১৫,৪০৩
|
১৮
|
কেৰালা
|
৩,০৭,৯৯৮
|
১৯
|
লাডাখ
|
২,২৩৪
|
২০
|
লাক্ষাদ্বীপ
|
৮৬৮
|
২১
|
মধ্যপ্ৰদেশ
|
৩,৭৯,২৫১
|
২২
|
মহাৰাষ্ট্ৰ
|
৫,১২,৪৭৬
|
২৩
|
মণিপুৰ
|
৯,৯৮৯
|
২৪
|
মেঘালয়
|
৭,৬৬২
|
২৫
|
মিজোৰাম
|
১০,৯৩৭
|
২৬
|
নাগালেণ্ড
|
৪,৯৭৩
|
২৭
|
ওড়িশা
|
৩,১৫,৭২৫
|
২৮
|
পুডুচেৰী
|
৩,৮৮১
|
২৯
|
পাঞ্জাৱ
|
৮২,১২৭
|
৩০
|
ৰাজস্থান
|
৪,৮৭,৮৪৮
|
৩১
|
ছিকিম
|
৬,০০৭
|
৩২
|
তামিলনাডু
|
১,৭৫,০২৭
|
৩৩
|
তেলেংগানা
|
২,২৯,০২৭
|
৩৪
|
ত্ৰিপুৰা
|
৪৫,৬৭৪
|
৩৫
|
উত্তৰপ্ৰদেশ
|
৬,৭৩,৫৪২
|
৩৬
|
উত্তৰাখণ্ড
|
৭৯,২৮৩
|
৩৭
|
পশ্চিমবংগ
|
৩,৭৭,৬০৮
|
৩৮
|
অন্যান্য
|
৬৩,৫১০
|
মুঠ
|
৬২,৫৯,০০৮
|
নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮১.০২%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ৫,৯৫৯গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ৩,৪২৩ আৰু বিহাৰত ৫৫০গৰাকী ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ গণ্টাত ৯,১১০জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াৰে ৮১.৩৯%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ৩,৭৪২গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,২১৬ আৰু তামিলনাডুত ৪৬৪জন লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৭৮জন ৰোগীৰ মৃত্যু হৈছে৷ বিগত ৪দিন একেৰাহে ১০০জনতকৈ কম ৰোগীৰ মৃত্যু তথ্য পোৱা গৈছে৷
নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৬৪.১% ৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ১৬জনৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱত ক্ৰমে ১৫ আৰু ১১জন ৰোগীৰ মৃত্যু হৈছে৷

*****
MV/SJ/DB
(Release ID: 1696654)
Visitor Counter : 247
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam