স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মৃত্যুৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে; বিগত ১০দিনত একেৰাহে ১৫০তকৈ কম ৰোগীৰ মৃত্যু হৈছে

বিগত ২৪ ঘণ্টাত ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজনো ৰোগী ক’ভিড-১৯ত মৃত্যু হোৱা নাই

৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,০০০তকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে

৫৮লাখতকৈ অধিক হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকা প্ৰদান কৰা হৈছে-সৰ্বাধিক টিকাকৰণৰ শিতানত শীৰ্ষ দেশৰ তৃতীয় স্থানত আছে ভাৰত

Posted On: 08 FEB 2021 11:06AM by PIB Guwahati

বিগত ১০দিনত একেৰাহে ১৫০তকৈ কম ৰোগীৰ মৃত্যু হৈছে, যিটো ভাৰতৰ বাবে এক উল্লেখযোগ্য সফলতা হিচাপে বিবেচিত হৈছে৷ বিগত ২৪ ঘণ্টাত কেৱল ৮৪জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷

বৰ্ধিত চিনাক্তকৰণ, আগ্ৰাসী আৰু ব্যাপক পৰীক্ষণৰ লগতে সংসহত মানসম্পন্ন চিকিৎসা ব্যৱস্থাপনাকে ধৰি ফলপ্ৰসু নিয়ন্ত্ৰণ কৌশলে মৃত্যু হাৰ কম কৰাৰ লগতে দৈনিক আক্ৰান্তৰ সংখ্যাও কম হোৱাত ইন্ধন যোগাইছে৷

’ভিড নিয়ন্ত্ৰণ আৰু সঁহাৰি নীতিৰ উপৰি কেন্দ্ৰীয় চৰকাৰে কেৱল মৃত্যুৰ হাৰ কম কৰাতে গুৰুত্ব দিয়া নাই বৰঞ্চ মানসম্পন্ন চিকিৎসাৰ জৰিয়তে গুৰুত্বৰ ৰোগীৰ জীৱন ৰক্ষা কৰাত সফল হৈছে৷

কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সামগ্ৰিক প্ৰচেষ্টাই মৃত্যুৰ হাৰ হ্ৰাসত সফলতা আনিছে৷

বিগত ২৪ ঘণ্টাত ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজনো কভিড-১৯ত মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচলপ্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, লাক্ষাদ্বীপ, লাদাখ(কে.শা..), ছিকিম, ৰাজস্থান, মেঘালয়, মধ্যপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু অসম৷

বিগত ২৪ ঘণ্টাত দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৪৮,৬০৯জনলৈ হ্ৰাস পাইছে৷ বৰ্তমান দেশত মুঠ আক্ৰান্ত কেৱল ১.৩৭%হে চিকিৎসাধীন হৈ আছে৷

বিগত ২৪ ঘণ্টাত দেশত ১১,৮৩১গৰাকী নতুন আক্ৰান্তৰ বিপৰীতে ১১,৯০৪জন ৰোগী আৰোগ্য হৈছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮১%ই ৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালা আৰু মহাৰাষ্ট্ৰত ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৭০% আছে৷

৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,০০০তকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে৷

ৰাষ্ট্ৰীয় হাৰৰ লগতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহতো দ্ৰুতগতিত চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাইছে৷

বিগত মাহত মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশত সৰ্বাধিক চিকিৎসাধীন ৰোগী হ্ৰাস পাইছে৷

২০২১ৰ ৮ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণৰ অধীনত ৫৮,১২,৩৬২জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

 

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা

আন্দামান আৰু নিকোবৰ

,৩৯৭

অন্ধ্ৰপ্ৰদেশ

,৯৯,৬৪৯

অৰুণাচল প্ৰদেশ

১২,৩৪৬

অসম

৮৮,৫৮৫

বিহাৰ

,৮০,২২৯

চণ্ডীগড়

,৬৪৫

চত্তীশগড়

,৬৮,৮৮১

দাদৰা আৰু নগৰ হাভেলী

,৫০৪

দমন আৰু দিউ

৭০৮

১০

দিল্লী

,০৯,৫৮৯

১১

গোৱা

,২৫৭

১২

গুজৰাট

,৫১,০০২

১৩

হাৰিয়ানা

,৩৯,১২৯

১৪

হিমাচল প্ৰদেশ

৫৪,৫৭৩

১৫

জম্মু আৰু কাশ্মীৰ

৪৯,৪১৯

১৬

ঝাৰখণ্ড

,০৬,৫৭৭

১৭

কৰ্ণাটক

,৮৮,৭৬৯

১৮

কেৰালা

,৯২,৩৪২

১৯

লাডাখ

,৯৮৭

২০

লাক্ষাদ্বীপ

৮৩৯

২১

মধ্যপ্ৰদেশ

,৪২,০১৬

২২

মহাৰাষ্ট্ৰ

,৭৩,৪৮০

২৩

মণিপুৰ

,৩৩৪

২৪

মেঘালয়

,৮৫৯

২৫

মিজোৰাম

১০,৯৩৭

২৬

নাগালেণ্ড

,৫৩৫

২৭

ওড়িশা

,৭৬,৩২৩

২৮

পুডুচেৰী

,৫৩২

২৯

পাঞ্জাৱ

৭৬,৪৩০

৩০

ৰাজস্থান

,৬০,৯৯৪

৩১

ছিকিম

,৩৭২

৩২

তামিলনাডু

,৬৬,৪০৮

৩৩

তেলেংগানা

,০৯,১০৪

৩৪

ত্ৰিপুৰা

৪০,৪০৫

৩৫

উত্তৰপ্ৰদেশ

,৭৩,৫৪২

৩৬

উত্তৰাখণ্ড

৭৪,৬০৭

৩৭

পশ্চিমবংগ

,৫৪,০০০

৩৮

অন্যান্য

৬২,০৫৭

মুঠ

৫৮,১২,৩৬২

 

বিগত ২৪ ঘণ্টাত ১,৩০৪টা পৰ্বত ৩৬,৮০৪গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ১,১৬,৪৮৭টা পৰ্ব সম্পন্ন কৰা হৈছে৷ টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আহিছে৷

আজি দেশত মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১.০৫ কোটিতকৈ অধিক হৈছে হৈছে৷ আৰোগ্যৰ হাৰ ৯৭.২০% হৈছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮০.৫৩%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৫,৯৪৮গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ১,৬২২ আৰু উত্তৰপ্ৰদেশত ৬৭০গৰাকী ৰোগী আৰোগ্য হৈছে৷

নতুন আক্ৰান্তৰ ৮৫.৮৫%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৬,০৭৫গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৬৭৩ আৰু কৰ্ণাটকত ৪৮৭গৰাকী লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৮৪জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৭৯.৭৬% ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৩০জনৰ বিপৰীতে কেৰালাত ১৯জন ৰোগীৰ মৃত্যু হৈছে৷

 

*******

MV/SJ/DB



(Release ID: 1696185) Visitor Counter : 155