স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        বৰ্তমান ক’ভিড-১৯ৰ সৰ্বাধিক টিকাকৰণ কৰা তৃতীয় শীৰ্ষ দেশত পৰিণত ভাৰত 
                    
                    
                        ৫৭.৭৫লাখতকৈ অধিক হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকাকৰণ কৰা হৈছে
বিগত ২৪ ঘণ্টাত ৮০জনতকৈ কম ৰোগীৰ মৃত্যু হৈছে, ৯ মাহৰ ভিতৰতে সৰ্বনিম্ন
বিগত ২৪ ঘণ্টাত ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজনো ক’ভিড-১৯ত মৃত্যু হোৱা নাই
                    
                
                
                    Posted On:
                07 FEB 2021 11:59AM by PIB Guwahati
                
                
                
                
                
                
                ক’ভিড-১৯ বিৰোধী যুঁজত ভাৰতে আন এক বিশ্বস্তৰীয় কৃতিত্ব অৰ্জন কৰিছে৷
বৰ্তমান ক’ভিড-১৯ৰ সৰ্বাধিক টিকাকৰণ কৰা তৃতীয় শীৰ্ষ দেশত পৰিণত হৈছে ভাৰত৷ ভাৰততকৈ এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনহে আগত আছে৷

ভাৰত ১২খন ৰাজ্যৰ প্ৰত্যেকতে ২লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে৷ উত্তৰপ্ৰদেশতে ৬,৭৩,৫৪২গৰাকী হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

২০২১ৰ ৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণৰ অধীনত ৫৭,৭৫,৩২২জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷ ইয়াৰে ৫৩,০৪,৫৪৬ স্বাস্থ্যকৰ্মী আৰু ৪,৭০,৭৭৬গৰাকী অগ্ৰণী কৰ্মী৷
	
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল 
			 | 
			
			 প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা 
			 | 
		
		
			| 
			 ১ 
			 | 
			
			 আন্দামান আৰু নিকোবৰ 
			 | 
			
			 ৩,১৬১ 
			 | 
		
		
			| 
			 ২ 
			 | 
			
			 অন্ধ্ৰপ্ৰদেশ 
			 | 
			
			 ২,৯৯,৬৪৯ 
			 | 
		
		
			| 
			 ৩ 
			 | 
			
			 অৰুণাচল প্ৰদেশ 
			 | 
			
			 ১২,৩৪৬ 
			 | 
		
		
			| 
			 ৪ 
			 | 
			
			 অসম 
			 | 
			
			 ৮৭,২৬৯ 
			 | 
		
		
			| 
			 ৫ 
			 | 
			
			 বিহাৰ 
			 | 
			
			 ৩,৭৪,৫৩৮ 
			 | 
		
		
			| 
			 ৬ 
			 | 
			
			 চণ্ডীগড় 
			 | 
			
			 ৫,৬৪৫ 
			 | 
		
		
			| 
			 ৭ 
			 | 
			
			 চত্তীশগড় 
			 | 
			
			 ১,৬৮,৮৮১ 
			 | 
		
		
			| 
			 ৮ 
			 | 
			
			 দাদৰা আৰু নগৰ হাভেলী 
			 | 
			
			 ১,৫০৪ 
			 | 
		
		
			| 
			 ৯ 
			 | 
			
			 দমন আৰু দিউ 
			 | 
			
			 ৭০৮ 
			 | 
		
		
			| 
			 ১০ 
			 | 
			
			 দিল্লী 
			 | 
			
			 ১,০৯,৫৮৯ 
			 | 
		
		
			| 
			 ১১ 
			 | 
			
			 গোৱা 
			 | 
			
			 ৮,২৫৭ 
			 | 
		
		
			| 
			 ১২ 
			 | 
			
			 গুজৰাট 
			 | 
			
			 ৪,৩৮,৫৭৩ 
			 | 
		
		
			| 
			 ১৩ 
			 | 
			
			 হাৰিয়ানা 
			 | 
			
			 ১,৩৯,০৬৮ 
			 | 
		
		
			| 
			 ১৪ 
			 | 
			
			 হিমাচল প্ৰদেশ 
			 | 
			
			 ৫৪,৫৭৩ 
			 | 
		
		
			| 
			 ১৫ 
			 | 
			
			 জম্মু আৰু কাশ্মীৰ 
			 | 
			
			 ৪৯,৪১৯ 
			 | 
		
		
			| 
			 ১৬ 
			 | 
			
			 ঝাৰখণ্ড 
			 | 
			
			 ৯৫,৯৩৪ 
			 | 
		
		
			| 
			 ১৭ 
			 | 
			
			 কৰ্ণাটক 
			 | 
			
			 ৩,৮৬,১৮৬ 
			 | 
		
		
			| 
			 ১৮ 
			 | 
			
			 কেৰালা 
			 | 
			
			 ২,৯১,৮৫২ 
			 | 
		
		
			| 
			 ১৯ 
			 | 
			
			 লাডাখ 
			 | 
			
			 ১,৯৮৭ 
			 | 
		
		
			| 
			 ২০ 
			 | 
			
			 লাক্ষাদ্বীপ 
			 | 
			
			 ৮৩৯ 
			 | 
		
		
			| 
			 ২১ 
			 | 
			
			 মধ্যপ্ৰদেশ 
			 | 
			
			 ৩,৪২,০১৬ 
			 | 
		
		
			| 
			 ২২ 
			 | 
			
			 মহাৰাষ্ট্ৰ 
			 | 
			
			 ৪,৭৩,৪৮০ 
			 | 
		
		
			| 
			 ২৩ 
			 | 
			
			 মণিপুৰ 
			 | 
			
			 ৮,২৫৬ 
			 | 
		
		
			| 
			 ২৪ 
			 | 
			
			 মেঘালয় 
			 | 
			
			 ৬,৮৫৯ 
			 | 
		
		
			| 
			 ২৫ 
			 | 
			
			 মিজোৰাম 
			 | 
			
			 ১০,৯৩৭ 
			 | 
		
		
			| 
			 ২৬ 
			 | 
			
			 নাগালেণ্ড 
			 | 
			
			 ৪,৫৩৫ 
			 | 
		
		
			| 
			 ২৭ 
			 | 
			
			 ওড়িশা 
			 | 
			
			 ২,৭৫,০৫৫ 
			 | 
		
		
			| 
			 ২৮ 
			 | 
			
			 পুডুচেৰী 
			 | 
			
			 ৩,৫৩২ 
			 | 
		
		
			| 
			 ২৯ 
			 | 
			
			 পাঞ্জাৱ 
			 | 
			
			 ৭৬,৪৩০ 
			 | 
		
		
			| 
			 ৩০ 
			 | 
			
			 ৰাজস্থান 
			 | 
			
			 ৪,৫৯,৬৫২ 
			 | 
		
		
			| 
			 ৩১ 
			 | 
			
			 ছিকিম 
			 | 
			
			 ৫,৩৭২ 
			 | 
		
		
			| 
			 ৩২ 
			 | 
			
			 তামিলনাডু 
			 | 
			
			 ১,৬৬,৪০৮ 
			 | 
		
		
			| 
			 ৩৩ 
			 | 
			
			 তেলেংগানা 
			 | 
			
			 ২,০৯,১০৪ 
			 | 
		
		
			| 
			 ৩৪ 
			 | 
			
			 ত্ৰিপুৰা 
			 | 
			
			 ৪০,৩৪৭ 
			 | 
		
		
			| 
			 ৩৫ 
			 | 
			
			 উত্তৰপ্ৰদেশ 
			 | 
			
			 ৬,৭৩,৫৪২ 
			 | 
		
		
			| 
			 ৩৬ 
			 | 
			
			 উত্তৰাখণ্ড 
			 | 
			
			 ৭৩,৭৬২ 
			 | 
		
		
			| 
			 ৩৭ 
			 | 
			
			 পশ্চিমবংগ 
			 | 
			
			 ৩,৫৪,০০০ 
			 | 
		
		
			| 
			 ৩৮ 
			 | 
			
			 অন্যান্য 
			 | 
			
			 ৬২,০৫৭ 
			 | 
		
		
			| 
			 মুঠ 
			 | 
			
			 ৫৭,৭৫,৩২২ 
			 | 
		
	
 
বিগত ২৪ ঘণ্টাত ৮,৮৭৫টা পৰ্বত ৩,৫৮,৪৭৩গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ১,১৫,১৭৮টা পৰ্ব সম্পন্ন কৰা হৈছে৷ টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আহিছে৷

আন এক উল্লেখযোগ্য সফলতা হিচাপে দেশত বিগত ২৪ ঘণ্টাত ৮০জনতকৈ কম ৰোগীৰ মৃত্যু হৈছে, যিটো বিগত ৯ মাহৰ ভিতৰতে সৰ্বনিম্ন হিচাপে বিবেচিত হৈছে৷

দেশত বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৪৮,৭৬৬জনলৈ হ্ৰাস পাইছে৷ বৰ্তমান মুঠ আক্ৰান্তৰ কেৱল ১.৩৭%হে চিকিৎসাধীন হৈ আছে৷
আজি মুঠ আৰোগ্যৰ সংখ্যা ১.০৫ কোটি হৈছে৷ আৰোগ্যৰ হাৰ ৯৭.১৯% হৈছে৷ 
বিগত ২৪ ঘণ্টাত দেশত ১২,০৫৯গৰাকী নতুন আক্ৰান্তৰ বিপৰীতে ১১,৮০৫জন ৰোগী আৰোগ্য হৈছে৷
নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮১.০৭%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ৬,১৭৮গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ১,৭৩৯ আৰু তামিলনাডুত ৫০৩গৰাকী ৰোগী আৰোগ্য হৈছে৷

নতুন আক্ৰান্তৰ ৮৪.৮৩%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ 
কেৰালাত সৰ্বাধিক ৫,৯৪২গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৭৬৮ আৰু কৰ্মাটকত ৫৩১গৰাকী লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৭৮জন ৰোগীৰ মৃত্যু হৈছে৷
নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৬৯.২৩% ৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ 
মহাৰাষ্ট্ৰত সৰ্বাধিক ২৫জনৰ বিপৰীতে কেৰালাত ১৬জন আৰু পাঞ্জাৱত ৫জন ৰোগীৰ মৃত্যু হৈছে৷

বিগত ২৪ ঘণ্টাত ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজনো ক’ভিড-১৯ত মৃত্যু হোৱা নাই ৷ সেইবোৰ হৈছে হাৰিয়ানা, গোৱা, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, পুডুচেৰী, মেঘালয়, নাগালেণ্ড, লাক্ষাদ্বীপ, অসম, মনিপুৰ, ছিকিং, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাদাখ(কে.শা.অ.) মিজোৰাম, ত্ৰিপুৰা, আৰু দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী৷
 
****
MV/SJ/DB
                
                
                
                
                
                (Release ID: 1695962)
                Visitor Counter : 291