স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১৮ দিনতে ৪০লাখ লোকক ক’ভিড টিকাকৰণ কৰা ক্ষিপ্ৰতম দেশত পৰিণত ভাৰত

মুঠ আক্ৰান্তৰ বিপৰীতে চিকিৎসাধীন ৰোগীৰ হাৰ ১.৫%লৈ নিম্নগামী

১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত এজনো ৰোগীৰ মৃত্যু তথ্য পোৱা নাই

Posted On: 03 FEB 2021 11:38AM by PIB Guwahati

বিশ্ব মহামাৰীৰ বিৰুদ্ধে ভাৰতে ইয়াৰ যুঁজৰ ধাৰাবাহিকতা অব্যাহত ৰাখি বৃহৎ সাফল্য অৰ্জন কৰিছে৷ এক উল্লেখযোগ্য সফলতা হিচাপে ভাৰতে অতি কম সময়তে ৪০লাখ লোকক ক’ভিড টিকাকৰণ কৰা বিশ্বৰ ক্ষিপ্ৰতম দেশত পৰিণত হৈছে৷ ভাৰতে ১৮ দিনতে এই কৃতিত্ব অৰ্জন কৰিছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001DB9L.jpg

২০২১ৰ ১ ফেব্ৰুৱাৰীলৈকে জনসাধাৰণক টিকাকৰণ কৰাৰ দিশত ভাৰত বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ শাৰীত আছে৷ ভাৰতে টিকাকৰণ অভিযানৰ গতি সদায়েই বৃদ্ধি কৰি আহিছে৷

অন্যান্য দিশতো ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজে সদায় সফলতা লাভ কৰিছে৷

১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত এজনো ৰোগীৰ মৃত্যু তথ্য পোৱা নাই৷ সেই ৰাজ্যসমূহ হৈছে- অসম, আন্দামান আৰু নিকোবৰ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, অৰুণাচলপ্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, লাক্ষাদ্বীপ, লাডাখ(কে.শা.অ) ছিকিম, মনিপুৰ, পুডুচেৰী, গোৱা আৰু ওড়িশা৷

প্ৰতিদিনে সৰ্বাধিক সংখ্যক ৰোগীৰ আৰোগ্য লাভ আৰু মৃত্যুৰ হাৰৰ নিম্নগামীতাই ভাৰতৰ চিকিৎসাধীন ৰোগীৰ হ্ৰাস পোৱাত অৰিহণা যোগাইছে৷

বিগত ২৪ ঘণ্টাত দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৬০,০৫৭জনলৈ হ্ৰাস পাইছে৷ মুঠ আক্ৰান্ত ৰোগীৰ বিপৰীতে দেশৰ চিকিৎসাধীন ৰোগীৰ হাৰ ১.৪৯%লৈ হ্ৰাস পাইছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image002C422.jpg

বিগত ২৪ ঘণ্টাত ১১,০৩৯জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে একে সময়তে ১৪,২২৫গৰাকী ৰোগী আৰোগ্য হৈছে৷ ফলত ২৪ ঘণ্টাতে ৩,২৯৬জন ৰোগী হ্ৰাস পাইছে৷

দেশৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,০৪,৬২,৬৩১জনলৈ বৃদ্ধি পাইছে৷ আৰোগ্য হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ৯৭.০৮%লৈ উন্নীত হৈছে৷

৩১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,০০০তকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image003UH6B.jpg

৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সাপ্তাহিক পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰ ১.৯১%তকৈ কম৷ কেৰালা(১২%) আৰু চত্তীশগড়(৭%)ত এই হাৰ সৰ্বাধিক৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image004L3F7.jpg

৩ ফেব্ৰুৱাৰীৰ পুৱা ৮বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত ৪১,৩৮,৯১৮গৰাকী হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

 

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা

আন্দামান আৰু নিকোবৰ

২,৭২৭

অন্ধ্ৰপ্ৰদেশ

১,৮৭,২৫২

অৰুণাচল প্ৰদেশ

৯,৭৯১

অসম

৪২,৪৩৫

বিহাৰ

২,২২,১৫৩

চণ্ডীগড়

৪,০১৯

চত্তীশগড়

৭৯,৬৭৬

দাদৰা আৰু নগৰ হাভেলী

৮৬৭

দমন আৰু দিউ

৪৬৯

১০

দিল্লী

৭৪,০৬৮

১১

গোৱা

৫,৪২২

১২

গুজৰাট

২,৮৭,৮৫২

১৩

হাৰিয়ানা

১,২৭,৮৯৩

১৪

হিমাচল প্ৰদেশ

৩৯,৫৭০

১৫

জম্মু আৰু কাশ্মীৰ

২৬,৬৩৪

১৬

ঝাৰখণ্ড

৫৫,৬৭১

১৭

কৰ্ণাটক

৩,১৬,৩৬৮

১৮

কেৰালা

২,২৪,৮৪৬

১৯

লাডাখ

১,২৩৪

২০

লাক্ষাদ্বীপ

৮০৭

২১

মধ্যপ্ৰদেশ

২,৯৮,৩৭৬

২২

মহাৰাষ্ট্ৰ

৩,১৮,৭৪৪

২৩

মণিপুৰ

৪,৭৩৯

২৪

মেঘালয়

৪,৬৯৪

২৫

মিজোৰাম

৯,৯৩২

২৬

নাগালেণ্ড

৪,০৯৩

২৭

ওড়িশা

২,০৮,২০৫

২৮

পুডুচেৰী

৩,০৭৭

২৯

পাঞ্জাৱ

৬১,৩৮১

৩০

ৰাজস্থান

৩,৩৯,২১৮

৩১

ছিকিম

২,৬৪৭

৩২

তামিলনাডু

১,২০,৭৪৫

৩৩

তেলেংগাণা

১,৭০,০৪৩

৩৪

ত্ৰিপুৰা

৩২,১৯৬

৩৫

উত্তৰপ্ৰদেশ

৪,৬৩,৭৯৩

৩৬

উত্তৰাখণ্ড

৪৩,৪৩০

৩৭

পশ্চিমবংগ

২,৮৮,২৪৫

৩৮

অন্যান্য

৫৫,৬০৬

মুঠ

৪১,৩৮,৯১৮

 

বিগত ২৪ ঘণ্টাত ৩,৮৪৫টা পৰ্বত ১,৮৮,৭৬২গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ৭৬,৫৭৬টা পৰ্ব সম্পন্ন কৰা হৈছে৷ টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা দৈনিত বৃদ্ধি পাই আহিছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image005QB6K.jpg

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮৫.৬২%ই ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৫,৭৪৭গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ৪,০১১ আৰু তামিলনাডুত ৫২১গৰাকী ৰোগী আৰোগ্য হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image006JHW2.jpg

নতুন আক্ৰান্তৰ ৮৩.০১%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৫,৭১৬গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ১,৯২৭ আৰু তামিননাডুত ৫১০গৰাকী লোক আক্ৰান্ত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image007EQ6R.jpg

বিগত ২৪ ঘণ্টাত ১১০জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৬৬.৩৬% ৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৩০জনৰ বিপৰীতে কেৰালাত ১৬জন ৰোগীৰ মৃত্যু হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image008VBJ7.jpg

*****

MV/SJ/DB



(Release ID: 1695049) Visitor Counter : 205