প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৪ ফেব্ৰুৱাৰীত ‘চৌৰী চৌৰা’ৰ শতবৰ্ষ উদযাপন অনুষ্ঠান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 FEB 2021 11:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ফেব্ৰুৱাৰী, ২০২১ৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে উত্তৰপ্ৰদেশৰ গোৰখপুৰৰ চৌৰী চৌৰাত ‘চৌৰী চৌৰা’ৰ শতবৰ্ষ উদযাপন অনুষ্ঠান উদ্বোধন কৰিব৷ দেশৰ স্বাধীনতা যুঁজত অন্যতম ঘটনা হিচাপে বিবেচিত ‘চৌৰী-চৌৰা’ৰ শতবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰিব৷ অনুষ্ঠানত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব৷

শতবৰ্ষ অনুষ্ঠান উপলক্ষে ৰাজ্য চৰকাৰে ৪ ফেব্ৰুৱাৰী, ২০২১ৰ পৰা ৪ ফেব্ৰুৱাৰী, ২০২২ৰ লৈ ৭৫খন জিলাত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিছে৷

 

**********

DS /AKJ/DB



(Release ID: 1694638) Visitor Counter : 146