বিত্ত মন্ত্ৰালয়

বাজেটত গুণগত সৱলীকৰণৰ বাবে ১৫,০০০ স্কুলক ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সকলো উপাদানেৰে সাঙুৰি লোৱাৰ প্ৰস্তাৱ

এনজিঅ’, ব্যক্তিগত স্কুল, ৰাজ্যৰ সৈতে অংশীদাৰিত্বত ১০০খন নতুন সৈনিক স্কুল স্থাপন কৰা হ’ব

মানক নিৰ্ধাৰণ, স্বীকৃতি দিয়া, নিয়ম প্ৰণয়ন আৰু পুঁজিৰ বাবে ভাৰতীয় উচ্চ শিক্ষা আয়োগ গঠন

লাডাখত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব

Posted On: 01 FEB 2021 1:43PM by PIB Guwahati

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সকলো উপাদান অন্তৰ্ভুক্ত হবলগীয়া ১৫,০০০ৰো অধিক স্কুল গুণগতভাৱে সৱল কৰা হব। আজি সংসদত বাজেট ২০২১-২২ দাখিল কৰাৰ সময়ত এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ পুনৰ কয় যে এনজিঅ, ব্যক্তিগত স্কুল, ৰাজ্যৰ সৈতে অংশীদাৰিত্বত ১০০খন নতুন সৈনিক স্কুল স্থাপন কৰা হ

উচ্চ শিক্ষাঃ

বিত্তমন্ত্ৰীয়ে লগতেএখন ভাৰতীয় উচ্চ শিক্ষা আয়োগ গঠনৰ প্ৰস্তাৱ দিছে। এই আয়োগৰ কাম হব মানক নিৰ্ধাৰণ, স্বীকৃতি দিয়া, নিয়ম প্ৰণয়ন আৰু পুঁজি সংগ্ৰহ।

আমাৰ বহুতো চহৰত বিভিন্ন গৱেষণা প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আৰু বিদ্যালয় আছে, যাক ভাৰত চৰকাৰে সমৰ্থন আগবঢ়ায়। উদাহৰণস্বৰূপে হায়দৰাবাদৰ কথা কব পাৰিব। হায়দৰাবাদত এনে ধৰণৰ প্ৰায় ৪০খন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আছে। ৯খন চহৰত আমি এক আনুষ্ঠানিক গাঁঠনি তৈয়াৰ কৰিম, যাতে এই প্ৰতিষ্ঠানসমূহৰ মাজত উন্নত যোগসূত্ৰ স্থাপন হয়।এই ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহৰ স্বতন্ত্ৰতা অক্ষুন্ন থাকিব। এই উদ্দেশ্যে এক বিশেষ অনুদান নিৰ্ধাৰণ কৰা হব।”,সীতাৰমণে কয়।

লেহত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ঃ

বিত্তমন্ত্ৰীয়ে লগতে লেহত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে, যাতে লাডাখত উচ্চ শিক্ষা উপলব্ধ হয়।

 

*******

RM/BB/MC/JK/MS



(Release ID: 1694045) Visitor Counter : 199