বিত্ত মন্ত্ৰালয়

ৰেলৱেৰ বাবে ৰেকৰ্ড ১,১০,০৫৫ কোটি টকা ব্যয়ৰ যোজনা, ইয়াৰে ১,০৭,১০০ কোটি টকা মূলধনী ব্যয়ৰ বাবে আৱণ্টিত

ভাৰতীয় ৰেলৱে প্ৰণালীক ২০৩০ পৰ্যন্ত ভৱিষ্যতৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰিবৰ বাবে সক্ষম কৰি তুলিবলৈ ৰাষ্ট্ৰীয় ৰে'ল যোজনা

পশ্চিমীয়া সমৰ্পিত মাল বোজাই কৰিডৰ (ডিএফচি) আৰু পূব সমৰ্পিত মাল বোজাই কৰিডৰ জুন ২০২০লৈকে আৰম্ভ হৈ যাব

ভৱিষ্যতে সমৰ্পিত মাল বোজাই কৰিডৰ বৃদ্ধিৰ যোজনা-ইয়াত পূব তীৰৱৰ্তী কৰিডৰ, পূব-পশ্চিম কৰিডৰ আৰু উত্তৰ-দক্ষিণ কৰিডৰ আৰম্ভ হ'ব

পৰ্যটনযুক্ত ৰে'লপথত সৰ্বাধিক ভিষ্টা ড'ম এলএইচবি ৰে'ল কোচক উদগণি

ব্যস্ত ৰে'লপথ আৰু অধিক প্ৰয়োগ কৰা পথত চলা ৰে'ল গাড়ীৰ বাবে স্বদেশত নিৰ্মিত স্বয়ংচালিত ৰে'ল সুৰক্ষা প্ৰণালী

Posted On: 01 FEB 2021 1:49PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২১-২২ দাখিল কৰি কয় যে ভাৰতীয় ৰেলৱেৰ বাবে ৰেকৰ্ড ১,১০,০৫৫ কোটি টকাৰ ব্যয়ক স্বীকৃতি দিয়া হৈছে যাৰ মাজৰ পৰা ১,০৭,১০০ কোটি টকা মূলধনী ব্যয়ৰ বাবে দিয়া হ'ব। ভাৰতীয় ৰেলৱেই ইণ্ডিয়া-২০৩০ৰ বাবে ৰাষ্ট্ৰীয় ৰে'ল যোজনা প্ৰস্তুত কৰিছে। ইয়াৰ জৰিয়তে ভাৰতীয় ৰে'ল প্ৰণালীক ২০৩০ পৰ্যন্ত ভৱিষ্যতৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰিবৰ বাবে প্ৰস্তুত কৰা হ'ব।

 

শ্ৰীমতী সীতাৰমণে কয়, ''মেক ইন ইণ্ডিয়া'' পদক্ষেপক উদগণি দিয়াত আমাৰ উদ্যোগ জগতৰ সহায়ৰ বাবে মাল বোজাইৰ ব্যয় সংকোচন কৰা হ'ব। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে জুন ২০২২লৈকে পশ্চিমীয়া সমৰ্পিত মাল বোজাই কৰিডৰ (ডিএফচি) আৰু পূব সমৰ্পিত মাল বোজাই কৰিডৰৰ আৰম্ভ হৈ যাব। বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ৰেলৱেক উন্নত কৰি তুলিবলৈ আৰু কেইবাটাও উপায় অৱলম্বন কৰা হ'ব যাৰ ভিতৰত প্ৰধান হৈছেঃ

 

পূব মাল বোজাই কৰিডৰৰ সোণানগৰ-গোমোহ খণ্ড (২৬৩.৭ কিলোমিটাৰ)ক ৰাজহুৱা বেচৰকাৰী অংশীদাৰত্বৰ জৰিয়তে ২০২১-২২ পৰ্যন্ত আৰম্ভ কৰা হ'ব। ২৭৪.৩ কিলোমিটাৰৰ গোমোহ-দনকুনী খণ্ডও কিছু সময়ৰ পিছত প্ৰাৰম্ভ হৈ যাব।

railway.jpg

ভৱিষ্যতৰ বাবে সমৰ্পিত কেইবাটাও মাল বোজাই কৰিডৰ আৰম্ভ হ'ব। ইয়াৰ ভিতৰত পূব তীৰৱৰ্তী কৰিডৰ খৰ্গপুৰৰ পৰা বিজয়ৱাড়ালৈকে, পূব-পশ্চিম কৰিডৰ ভূছাৱলৰ পৰা খৰ্গপুৰ হৈ দনকুনীলৈ যাব আৰু উত্তৰ-দক্ষিণ কৰিডৰ ইটাৰছীৰ পৰা বিজয়ৱাড়ালৈকে হ'ব। বিস্তৃত পৰিকল্পনা ৰিপ'ৰ্ট প্ৰথম পৰ্যায়ত প্ৰস্তুত কৰা হ'ব।

 

ডিচেম্বৰ, ২০২৩ পৰ্যন্ত ব্ৰডগজ ৰে'লপথৰ এশ শতাংশ বৈদ্যুতিকীকৰণ কৰা হ'ব। ২০২১ৰ শেষলৈকে ৭২ শতাংশ প্ৰায় ৪৬ হাজাৰ ব্ৰডগজ ৰুট কিলোমিটাৰ-আৰকেএমৰ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব। প্ৰথম অক্টোবৰ, ২০২০ পৰ্যন্ত ৪১,৫৪৮ ব্ৰডগজ ৰুট কিলোমিটাৰৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ কৰা হৈছে।

 

যাত্ৰীসকলৰ বাবে সুৰক্ষা আৰু সুবিধা

শ্ৰীমতী সীতাৰমণে ৰে'ল যাত্ৰীসকলৰ সুৰক্ষা আৰু সুবিধাৰ বাবে কেইবাটাও উপায় ঘোষণা কৰিছেঃ

দেশত পৰ্যটনযুক্ত ৰে'লপথত যাত্ৰীসকলক উন্নত যাত্ৰা প্ৰদান কৰিবলৈ আধুনিক সুবিধাৰে জড়িত ভিষ্টা ড'ম এলএইচবি কোচ ৰে'লগাড়ীত লগোৱা হ'ব।

 

অত্যাধিক ব্যস্ত আৰু অধিক প্ৰয়োগ কৰা ৰে'লপথত যাত্ৰীসকলক সুবিধা প্ৰদান কৰা আৰু ৰে'ল দুৰ্ঘটনাত ন্যূনতম মানবীয় হানিৰ বাবে স্বদেশত বিকশিত ৰে'ল সুৰক্ষা প্ৰণালীৰ প্ৰয়োগ কৰা হ'ব।

 

                                                              *******                                        

RM/DJN/AS



(Release ID: 1694032) Visitor Counter : 184