বিত্ত মন্ত্ৰালয়

পেন্সন, সুদযুক্ত আয় থকা ৭৫বছৰৰ উৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকক আয় কৰ বিৱৰণী দাখিৰ পৰা ৰেহাই দান

সুলভ/ভাড়াতীয়া গৃহৰ বাবে উদগণী

বিবাদ মীমাংসাৰ বাবে ‘ফেচলেছ কমিটী’ গঠনৰ প্ৰস্তাৱ

আন্তঃগাঁথনি নিৰ্মাণ খণ্ডলৈ বিদেশী বিনিয়োগ আকৰ্ষিত কৰাৰ উদ্দেশ্যে কৰ ৰেহাইৰ ব্যৱস্থা

ষ্টাৰ্টআপৰ বাবে কৰ ৰেহাইৰে উত্সাহ প্ৰদানৰ প্ৰস্তাৱ

৬ বছৰত আয় কৰ বিৱৰণী দাখিল কৰোতাৰ সংখ্যা ৩.৩১ কোটিৰ পৰা ৬.৪৮ কোটিলৈ বাঢ়িল

Posted On: 01 FEB 2021 1:37PM by PIB Guwahati

সদনত ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰি বিত্ত তথা কৰ্পোৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কৰ প্ৰাধিকৰণ, বিবাদ প্ৰবন্ধন আৰু প্ৰত্যক্ষ কৰ প্ৰাধিকৰণৰ বিধি-ব্যৱস্থাসমূহক আৰু অধিক সৰলীকৃত কৰাৰ প্ৰস্তাৱ উথ্থাপন কৰে।

সদনত প্ৰদান কৰা বাজেট ভাষণত বিত্ত মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিকৰ বাবে আয় কৰ বিৱৰণী দাখিলৰ ক্ষেত্ৰত সকাহ দান কৰাৰ লগতে আয় কৰ প্ৰক্ৰিয়াৰ সময় সীমা হ্ৰাস, বিবাদ মীমাংসাৰ বাবে কমিটী গঠন, ফেচলেছ আইটিএটি গঠন, প্ৰবাসী ভাৰতীয়ৰ বাবে সকাহদান, গণনাৰ পৰা ৰেহাই দানৰ সীমা সম্প্ৰসাৰণ কৰা, আয়ৰ লভ্যাংশৰ ক্ষেত্ৰত সকাহ দানৰ প্ৰস্তাৱ উথ্থাপন কৰে। তেওঁ আন্তগাঁথনি নিৰ্মাণ শিতানলৈ বিদেশী বিনিয়োগ আকৰ্ষণৰ বাবে পদক্ষেপ গ্ৰহণ, সুলভ হাৰৰ গৃহ তথা ভাড়াতীয়া গৃহলৈ সকাহ দান, আইএফএছচি লৈ কৰ ৰেহাইৰে উত্সাহ দান, ক্ষুদ্ৰ দাতব্য ন্যাসলৈ সকাহ আৰু দেশৰ ষ্টাৰ্টআপ প্ৰতষ্ঠানসমূহক উত্সাহ দানৰ প্ৰস্তাৱো বাজেটত উথ্থাপন কৰিছে

ভিড মহামাৰীৰ পিচৰ পৰিস্থিতিত সলনি হোৱা পৃথিৱীৰ নতুন প্ৰেক্ষাপটটোত ভাৰতে এক নেতৃত্ব প্ৰদানকাৰীৰ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে এনে পৰিস্থিতিত আমাৰ কৰ ব্যৱস্থা স্বচ্ছ, পাৰদৰ্শী আৰু দেশলৈ বিনিয়োগ আহৰণকাৰী তথা কৰ্ম-সংস্থান সৃষ্টিকাৰী হবই লাগিব। অৱশ্যে তাকে কৰিবলৈ যাওতে ই কৰদাতাসকলৰ ওপৰত যতদূৰ সম্ভৱ কম ছাপ সৃষ্টিকাৰীও হব লাগিব। কৰ্পোৰেট কৰৰ হাৰ অৱনমিত কৰা, লভ্যাংশ বিতৰণ কৰৰ প্ৰথা বাতিল কৰা আৰু ক্ষুদ্ৰ কৰদাতালৈ ৰেহাই দানৰ দৰে কৰদাতা আৰু দেশৰ অৰ্থনীতিক উপকৃত কৰিব পৰাকৈ বহুলানি সংস্কাৰমূলক পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ তথ্য দাঙি ধৰি কয় যে ২০১৪ চনৰ ৩.৩১ কোটি কৰ বিৱৰণী দাখিল কৰোতাৰ বিপৰীতে ২০২০চনত এই সংখ্যা ৬.৪৮লৈ বৃদ্ধি পোৱাতো নিতান্তই আশা ব্যঞ্জক কথা।

DIRECT TAX.jpg

জ্যেষ্ঠ নাগৰিকলৈ সকহ

স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী বৰ্ষত দেশৰ ৭৫ অথবা ততোধিক বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকললৈ পালনীয় বাধ্যবাধকতাৰ বোজা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেৱল পেন্সন আৰু সুদযুক্ত আয়ৰে জীৱন অতিবাহিত কৰা ৭৫উৰ্ধ্ব জ্যেষ্ঠ নাগৰিকসকলক আয় কৰ বিৱৰণী দাখিলৰ পৰা ৰেহাই দিয়া হব। তেওঁলোকৰ আয়ৰ পৰা নিৰ্দ্ধাৰিত কৰৰ ধন কাটি ৰখাৰ দায়িত্ব দিয়া হব দাতা বেংকসমূহক।

 

এনআৰআই-লৈ সকাহ, লভ্যংশৰ ক্ষেত্ৰত ৰেহাই

প্ৰবাসত অৱসৰ গ্ৰহণ কৰি ভাৰতলৈ উভতি অহা প্ৰবাসী ভাৰতীয় (এনআৰআই)সকলে তেওঁলোকৰ একিউৰড একাউণ্টৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা অসুবিধা আঁতৰাই বিধি অধিসূচিত কৰাৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে। সেইদৰে বাজেটখনত আৰইআইটি/এনভিআইটি-ত জমা দিয়া লভ্যাংশৰ ধনো টিডিএছ মুক্ত কৰাৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে।

 

সুলভ গৃহ/ভাড়াতীয়া গৃহ

সুলভ গৃহ ক্ৰয়ৰ বাবে গ্ৰহণ কৰা ঋণৰ বাবদ অতিৰিক্ত সুদ ৰেহাইৰ বাবে দাবী উথ্পনৰ সময় সীমা ২০২২চনৰ ৩১ মাৰ্চ পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। সেইদৰে প্ৰব্ৰজিত শ্ৰমিকসকলক উপকৃত কৰিব পৰাকৈ অধিসূচিত সুলভ ভাড়াতীয় গৃহ প্ৰকল্পৰ গৃহৰ ক্ষেত্ৰতো নতুনকৈ কৰ ৰেহাইৰ দিহা কৰাৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে।

 

ষ্টাৰ্টআপ প্ৰতিষ্ঠানলৈ উত্সাহ দানৰ দিহা

ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহক উত্সাহিত কৰাৰ উদ্দেশ্যেই শ্ৰীমতী সীতাৰমণে ষ্টাৰ্ট আপসমূহে লাভ কৰি অহা কৰ ৰেহাইৰ ম্যাদ ২০২২ চনৰ ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ উথ্থপন কৰে।

তদুপৰি, বিবাদ মীমাংসাৰ বাবে কমিটী গঠন, ফেচলেছ আইটিএটি গঠন, প্ৰবাসী ভাৰতীয়ৰ বাবে সকাহদান, গণনাৰ পৰা ৰেহাই দানৰ সীমা সম্প্ৰসাৰণ কৰা, আয়ৰ লভ্যাংশৰ ক্ষেত্ৰত সকাহ দানৰ দৰে বিভিন্ন প্ৰস্তাৱ উথ্থাপন কৰা হৈছে

 

.

 

******

RM/YB/AA/SJ/YK/KB



(Release ID: 1694025) Visitor Counter : 280