স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাই ১.৬৮লাখ হৈছে

বিগত ২৪ দিনত নতুন আক্ৰান্ততকৈ নতুন আৰোগ্যৰ সংখ্যা অধিক হৈছে

৩৭লাখতকৈ অধিক হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকাকৰণ কৰা হৈছে

Posted On: 31 JAN 2021 12:25PM by PIB Guwahati

ভাৰতৰ চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাই আজি ১,৬৮,৭৮৪জন হৈছে৷

বৰ্তমান মুঠ আক্ৰান্তৰ কেৱল ১.৫৭% ৰোগীহে চিকিৎসাধীন হৈ আছে৷

৩১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,০০০তকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে৷ আন্দামান আৰু নিকোবৰত ৪জনৰ বিপৰীতে দমন আৰু দিউ আৰু দাদৰা আৰু নগৰহাভেলীত ৬জন লোক চিকিৎসাধীন হৈ আছে৷

মুঠ চিকিৎসাধীন ৰোগী ৭৯.৬৯%ই ৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত৷ দুখন ৰাজ্য ক্ৰমে কেৰালা আৰু মহাৰাষ্ট্ৰত ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৬৯.৪১% চিকিৎসাধীন হৈ আছে৷

ভাৰতৰ সামগ্ৰিক আৰোগ্য লোকৰ সংখ্যা ১,০৪,২৩,১২৫জনলৈ বৃদ্ধি পাইছে৷ আৰোগ্যৰ হাৰ ৯৬.৯৯%লৈ উন্নীতৰ হৈছে৷

বিগত ২৪ দিনত নতুন আক্ৰান্ততকৈ নতুন আৰোগ্যৰ সংখ্যা অধিক হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১৩,০৫২জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩,৯৬৫গৰাকী ৰোগী আৰোগ্য হৈছে৷

ভাৰতৰ ক’ভিড টিকাকৰণ অভিযানৰ অধীনত ৩১ জানুৱাৰীৰ পুৱা ৮ বজালৈকে ৩৭.৪৪ লাখ হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

 

ক্ৰ. নং

ৰাজ্য/কে.শা.অ.

টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা

 

আন্দামান আৰু নিকোবৰ

,৭২৭

অন্ধ্ৰপ্ৰদেশ

,৮৭,২৫২

অৰুণাচল প্ৰদেশ

,৬৫১

অসম

৩৮,১০৬

বিহাৰ

,৪৬,০১৫

চণ্ডীগড়

,৪৪৭

চত্তীশগড়

৭২,৭০৪

দাদৰা আৰু নগৰ হাভেলী

৬৯২

দমন আৰু দিউ

৩৯১

১০

দিল্লী

৫৬,৮১৮

১১

গোৱা

,১১৭

১২

গুজৰাট

,৪৬,০৫৪

১৩

হাৰিয়ানা

,২৫,৮৯৮

১৪

হিমাচল প্ৰদেশ

২৭,৭৩৪

১৫

জম্মু আৰু কাশ্মীৰ

২৬,৬৩৪

১৬

ঝাৰখণ্ড

৪০,৭২৬

১৭

কৰ্ণাটক

,১৫,৩৭০

১৮

কেৰালা

,৫৮,৬৮৭

১৯

লাডাখ

,১২৮

২০

লাক্ষাদ্বীপ

৮০৭

২১

মধ্যপ্ৰদেশ

,৯৮,৩৭৬

২২

মহাৰাষ্ট্ৰ

,৬৯,০৬৪

২৩

মণিপুৰ

,৯৮৭

২৪

মেঘালয়

,৩২৪

২৫

মিজোৰাম

,৩৪৬

২৬

নাগালেণ্ড

,৯৯৩

২৭

ওড়িশা

,০৬,৪২৪

২৮

পুডুচেৰী

,৭৩৬

২৯

পাঞ্জাৱ

৫৭,৪৯৯

৩০

ৰাজস্থান

,২৯,৬১১

৩১

ছিক্কিম

,০২০

৩২

তামিলনাডু

,০৫,৮২১

৩৩

তেলেংগাণা

,৬৮,৬০৬

৩৪

ত্ৰিপুৰা

২৯,৭৯৬

৩৫

উত্তৰপ্ৰদেশ

,৬৩,৭৯৩

৩৬

উত্তৰাখণ্ড

২৮,৭৯১

৩৭

পশ্চিমবংগ

,৪৩,০৬৯

৩৮

অন্যান্য

৫২,১২০

মুঠ

৩৭,৪৪,৩৩৪

 

বিগত ২৪ ঘণ্টাত ৫,২৭৫টা পৰ্বত ২,৪৪,৩০৭গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ৬৮,৯৬২টা পৰ্ব সম্পন্ন কৰা হৈছে৷

ক’ভিডৰ টিকাকৰণৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ পঞ্চম স্থানত আছে৷ অৱশ্যে বহু দেশে ভাৰততকৈ আগতেই টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে৷

মুঠ টিকাকৰণৰ ৬৩.৩৪%ই ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

উত্তৰপ্ৰদেশ, ৰাজস্থান আৰু কৰ্ণাটকত সৰ্বাধিক টিকাকৰণ কৰা হৈছে৷

নতুনকৈ আৰোগ্য ৰোগীৰ ৮৫.৭২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৭,০৩২গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ১,৫৩৫ আৰু কৰ্ণাটকত ৫৪৭গৰাকী ৰোগী আৰোগ্য হৈছে৷

নতুন আক্ৰান্তৰ ৮৩.৭২%ই ৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৬,২৮২গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৬৩০ আৰু তামিলনাডুত ৫০৫গৰাকী লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ১২৭জন ৰোগীৰ মৃত্যু হৈছে৷

এই ক’ভিড ৰোগীৰ ৭৪.০২% ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৪২জনৰ বিপৰীতে কেৰালাত ১৮জন আৰু চত্তীশগড় আৰু পঞ্জাৱত ৯জনকৈ ৰোগীৰ মৃত্যু হৈছে৷

*****

MV/SJ/DB



(Release ID: 1693755) Visitor Counter : 180