বিত্ত মন্ত্ৰালয়

ভাৰতীয় কৃষি খণ্ডত ক’ভিড-১৯ মহামাৰীৰ পিছতো ৩.৪ শতাংশ বৃদ্ধিৰ দৰৰ সৈতে ভাৰতীয় অৰ্থব্যৱস্থাৰ উত্তৰণ হৈছে

আৰ্থিক সমীক্ষা অনুসৰি শেহতীয়া কৃষি সংস্কাৰৰ উদ্দেশ্য হ’ল পৰিস্থিতি উন্নত কৰা, অৱৰোধ কৰা নহয়

Posted On: 29 JAN 2021 3:39PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত তথা ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমমে আজি সংসদত আৰ্থিক সমীক্ষা ২০২০-২১ উত্থাপন কৰি কয় যে ভাৰতীয় কৃষি ক্ষেত্ৰত ক’ভিড-১৯ৰ ফলত বলৱৎ কৰা লকডাউনৰ সময়তো নিজৰ উপযোগীতা তথা নমনীয়তা প্ৰদৰ্শিত কৰিছে৷ আৰ্থিক সমীক্ষা অনুসৰি কৃষি ক্ষেত্ৰ আৰু সম্বন্ধীয় গতিবিধিয়ে বৰ্ষ ২০২০-২১ (প্ৰথম অগ্ৰীম অনুমান)ৰ সময়ছোৱাত স্থিৰ মূল্যত ৩.৪ শতাংশৰ বৃদ্ধি প্ৰদৰ্শিত কৰিছে৷

মুখ্য গাণনিক বিষয়াৰ দ্বাৰা ২৯ মে’ ২০২০ তাৰিখে উত্থাপন কৰা ৰাষ্ট্ৰীয় আয় সম্বন্ধীয় সংখ্যাৰ আধাৰত আৰ্থিক সমীক্ষা অনুসৰি ২০১৯-২০ চনত দেশত জিবিএত কৃষি আৰু সম্বন্ধীয় গতিবিধিসমূহৰ অৱদান ১৭.৮ শতাংশ হৈছে৷

অভিলেখসংখ্যক খাদ্যান্ন উৎপাদন

২০১৯-২০ বৰ্ষত কৃষি ক্ষেত্ৰৰ আৰ্থিক সমীক্ষা (চতুৰ্থ অগ্ৰীম অনুমান) অনুসৰি দেশত ২৯৬.৬৫ মিলিয়ন টন খাদ্যান্নৰ উৎপাদন হৈছিল য’ত ২০১৮-১৯ বৰ্ষত ২৮৫.২১ মিলিয়ন টন খাদ্যান্নৰ উৎপাদন হৈছিল৷ ঠিক সেইদৰে বৰ্তমানৰ সময়ত  ১১.৪৪ মিলিয়ন টন অধিক খাদ্যান্নৰ উৎপাদন হৈছে৷ 

কৃষি ৰপ্তানি

২০১৯-২০ বৰ্ষৰ আৰ্থিক সমীক্ষা অনুসৰি ভাৰতৰ কৃষি আৰু সম্বন্ধীয় সামগ্ৰীৰ ৰপ্তানি প্ৰায় ২৫২ হাজাৰ কোটি টকাৰ হল৷ ভাৰতৰ পৰা সৰ্বাধিক ৰপ্তানি আমেৰিকা, ছৌদি আৰৱ, ইৰাণ, নেপাল আৰু বাংলাদেশলৈ কৰা হৈছে৷ ভাৰত আৰু অন্য দেশলৈ প্ৰেৰণ কৰিবলগীয়া মুখ্য সামগ্ৰীসমূহৰ ভিতৰত মাছ আৰু সামুদ্ৰিক সম্পদ, বাচমতী চাউল, হৰ মাংস, মছলা, সাধাৰণ চাউল, কেঁচা কঁপাহ, তেল, চেনী, এড়ী তেল আৰু চাহ পাতো অন্তৰ্ভুক্ত আছে৷ কৃষিভিত্তিক আৰু সম্বন্ধীয় সামগ্ৰীসমূহৰ ৰপ্তানিত ভাৰতৰ স্থিতি অগ্ৰণী হৈছে৷ এই ক্ষেত্ৰসমূহত বিশ্বৰ প্ৰায় ২.৫ শতাংশ ৰপ্তানি ভাৰতৰ পৰাই কৰা হৈছে৷

ন্যূনতম সমৰ্থন মূল্য

আৰ্থিক সমীক্ষা অনুসৰি বৰ্ষ ২০১৮-১৯ৰ বাজেটত ফচলসমূহৰ ন্যূনতম সমৰ্থন মূল্য ফচলৰ বাস্তৱিক ব্যয়ৰ ডেৰ গুণ বুলি ঘোষণা কৰা হৈছিল৷ এই সিদ্ধান্ত অগ্ৰসৰ হৈ ভাৰত চৰকাৰৰ দ্বাৰা ২০২০-২১ বৰ্ষৰ সময়ছোৱাত খাৰিফ আৰু ৰবি ফচলৰ বাবে ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধি কৰা হৈছে৷

কৃষি সংস্কাৰ

শেহতীয়া কৃষি সংস্কাৰৰ ওপৰত আৰ্থিক সমীক্ষাত কোৱা হৈছে যে তিনিটা নতুন আইন ক্ষুদ্ৰ আৰু প্ৰান্তৱৰ্তী কৃষকক অধিকতম লাভ সুনিশ্চিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে৷ এনে কৃষকৰ সংখ্যা দেশৰ মুঠ কৃষকৰ প্ৰায় ৮৫ শতাংশ আৰু  এওঁলোকৰ ফচলসমূহ এপিএমচি আধাৰিত বজাৰত বিক্ৰী কৰা হয়৷ নতুন কৃষি আইন প্ৰণয়ন হোৱাৰ দ্বাৰা কৃষকসকলে বজাৰৰ অৱৰোধকসমূহৰ পৰা স্বাধীনতা লাভ কৰিব আৰু কৃষি ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ব৷ ইয়াৰ দ্বাৰা ভাৰতৰ কৃষকে অধিক ধৰণে উপকৃত হ’ব আৰু  তেওঁলোকৰ জীৱনৰ পৰ্যায়ৰ উত্তৰণ হ’ব৷

আত্মনিৰ্ভৰ ভাৰত অভিযান

আৰ্থিক সমীক্ষাত কোৱা হৈছে যে আত্মনিৰ্ভৰ অভিযানৰ অধীনত কৃষি আৰু খাদ্য ব্যৱস্থাপনা ক্ষেত্ৰত অনেক বৃহৎ ঘোষণা কৰা হৈছে৷ কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এক লাখ কোটি টকাৰ ধনৰাশি সুনিশ্চিত কৰা হৈছে৷ সুক্ষ্ম খাদ্য প্ৰসংস্কৰণ (এমএফই) স্থাপনৰ বাবে ১০ হাজাৰ কোটি টকাৰ ঘোষণা কৰা হৈছে৷ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই)ৰ বাবে ২০ বাজাৰ কোটি টকা নিৰ্ধাৰিত কৰা হৈছে৷ ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী তথা পশুপালন আন্তঃগাঁথনি নিৰ্মাণৰ বিকাশৰ বাবে  ১৫ হাজাৰ কোটি টকাৰ ঘোষণা কৰা হৈছে৷ ইয়াৰোপৰি আৱশ্যকীয় বস্তু অধিনিয়ম, কৃষি বিপণন আৰু কৃষি উৎপাদন মূল্য তথা গুণগতমান; প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা; আৰু এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ দৰে যোজনাসমূহ আৰম্ভ কৰা হৈছে৷

কৃষি ঋণ

আৰ্থিক সমীক্ষা অনুসৰি ভাৰতত ক্ষুদ্ৰ আৰু প্ৰান্তৱৰ্তী কৃষকক বৃহৎ পৰিসৰত বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে৷ কৃষকসকলৰ কৃষি সম্বন্ধীয় গতিবিধিসমূহ সুচাৰূৰূপত চলাই নিয়াৰ বাবে সময়মতে ঋণৰ উপলব্ধতাক গুৰুত্ব প্ৰদান কৰা হৈছে৷ বৰ্ষ ২০১৯-২০ত ১৩ লাখ ৫০ বাজাৰ কোটি টকাৰ ঋণ নিৰ্ধাৰণ কৰা হৈছিল৷ তাৰ বিপৰীতে কৃষকসকলক ১৩,৯২,৪৬৯.৮১ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছিল যি নিৰ্ধাৰিত সীমাতকৈ বহু অধিক আছিল৷ ২০২০-২১ বৰ্ষত ১৫ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ ৩০ নৱেম্বৰ ২০২০ তাৰিখ পৰ্যন্ত ৯,৭৩,৫১৭.৮০ কোটি টকাৰ ঋণ কৃষকসকলক প্ৰদান কৰা হৈছিল৷ আৰ্থিক সমীক্ষাত কোৱা হৈছে যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এক অংশৰ ৰূপত কৃষি আন্তঃগাঁথনি বিনিৰ্মাণ কোষৰ অধীনত প্ৰদান কৰিবলগীয়া ঋণে কৃষি ক্ষেত্ৰক অধিক লাভান্বিত কৰিব৷

আৰ্থিক সমীক্ষা অনুসৰি ফেব্ৰুৱাৰী ২০২০ৰ বাজেটত ঘোষণা কৰা  অনুসৰি কিষাণ ক্ৰেডিট কাৰ্ডত গুৰুত্ব প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অংশৰ ৰূপত ডেৰ কোটি দুগ্ধ ডেইৰী উৎপাদক আৰু দুগ্ধ নিৰ্মাতা উদ্যোগক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ সংখ্যা অনুসৰি মধ্য জানুৱাৰী ২০২১ পৰ্যন্ত মুঠ ৪৪,৬৭৩ কিষাণ ক্ৰেডিট কাৰ্ড মৎস্যজীৱিক উপলব্ধ কৰোৱা হৈছে য’ত ইয়াৰ অতিৰিক্ত মাছমৰীয়া আৰু মৎস্য পালকক ৪.০৪ লাখ আবেদন বেংকসমূহত কাৰ্ড প্ৰদান কৰাৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আছে৷

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

আৰ্থিক সমীক্ষা অনুসৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে৷ পিএমএফবিৱাইৰ অধীনত বাৰ্ষিক ৫.৫ কোটিতকৈও অধিক আবেদন স্বীকাৰ কৰি কৃষকক যোজনাৰ লাভ প্ৰদান কৰা হৈছে৷ এই যোজনাৰ অধীনত ১২ জানুৱাৰী  ২০২১ পৰ্যন্ত ৯০ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছে৷ বিদ্যমান ক’ভিড-১৯ মহামাৰীৰ ফলত লকডাউনৰ পিছতো ৭০ লাখ কৃষকে এই যোজনাৰ লাভ আদায় কৰিছে আৰু হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ৮৭৪১.৩০ কোটি টকা ব্যয় কৰা হৈছে৷

প্ৰধানমন্ত্ৰী কৃষক যোজনা

আৰ্থিক সমীক্ষাত এয়া কোৱা হৈছে যে প্ৰধানমন্ত্ৰী কৃষক যোজনাৰ অধীনত প্ৰদান কৰা বিত্তীয় সাহায্যৰ সাতটা কিস্তিৰ ৰূপত ডিচেম্বৰ ২০২০ত দেশৰ ৯ কোটি কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ ১৮ হাজাৰ কোটি টকা বিতৰণ কৰা হৈছে৷

পশুধন ক্ষেত্ৰ

পশুধন ক্ষেত্ৰৰ আৰ্থিক সমীক্ষা অনুসৰি ২০১৪-১৫ৰ তুলনাত ২০১৮-১৯ত পশুধন ক্ষেত্ৰত সংযুক্ত বাৰ্ষিক বিকাশ দৰৰ আধাৰত ৮.২৪ শতাংশ বৃদ্ধি হৈছে৷  ২০১৪-১৫ত এয়া ২৪.৩২ শতাংশ আছিল যি ২০১৮-১৯ত আছিল ২৮.৬৩ শতাংশ৷

মৎস্য পালন

আৰ্থিক সমীক্ষাত এই তথ্য প্ৰদান কৰা হৈছে ভাৰতৰ মৎস্য উৎপাদনৰ ক্ষেত্ৰত ২০১৯-২০ বৰ্ষত ১৪.১৬ মিলিটন মেট্ৰিকটন মৎস্য উৎপাদন কৰা হৈছিল৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাই মৎস্য ক্ষেত্ৰত ২,১২,৯১৫ কোটি টকাৰ অংশীদাৰীত্ব নথিভুক্ত কৰিছে৷ এয়া মুঠ ৰাষ্ট্ৰীয় মূল্য সংবৰ্ধনৰ ১.২৪ শতাংশ আৰু কৃষি ক্ষেত্ৰৰ মুঠ সংবৰ্ধনৰ ৭.২৮ শতাংশ৷

 

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা

আৰ্থিক সমীক্ষাত এয়া কোৱা হৈছে যে বিত্তীয় বৰ্ষ  ২০২০-২১ৰ সময়ছোৱাত খাদ্যান্নৰ বিতৰণ দুটা চেনেলৰ জৰিয়তে কৰা হৈছে৷ এয়া হৈছে- ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধিনিয়ম আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা৷ বৰ্তমানে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধিনিয়মক ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত প্ৰৱৰ্তন কৰা হৈছে আৰু এই আটাইবোৰ এনএফএছএৰ অধীনত মাহিলীভিত্তিত খাদ্যান্ন প্ৰাপ্ত কৰিছে৷ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ আৰম্ভ কৰিছিল৷ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত নৱেম্বৰ ২০২০ পৰ্যন্ত নৱেম্বৰ ২০২০ পৰ্যন্ত প্ৰতিগৰাকী ব্যক্তিক ৫ কিলোকৈ খাদ্যান্ন প্ৰদান কৰাৰ ব্যৱস্থাৰ অধীনত ৮০.৯৬ কোটি হিতাধিকাৰীক অতিৰিক্ত খাদ্যান্ন প্ৰদান কৰা হৈছিল৷ এই সময়ছোৱাত ৭৫০০০ কোটি টকাৰ অধিক মূল্যত ২০০ লাখ মেট্ৰিকটনতকৈও অধিক খাদ্যৰ বিতৰণ কৰা হৈছে৷ ইয়াৰোপৰি আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত চাৰি মাহলৈ (মে’ৰ পৰা আগষ্টৰ মাজত) প্ৰতি গৰাকী ব্যক্তিক ৫ কিলো খাদ্যান্ন উপলব্ধ কৰোৱা হৈছিল যাৰ দ্বাৰা ৮ কোটি প্ৰবাসী শ্ৰমিক উপকৃত হৈছিল যি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধিনিয়ম তথা ৰাজ্য ৰেচন কাৰ্ড যোজনাৰ অন্তৰ্গত নহয়, যাৰ সাহায্য ব্যয় প্ৰায় ৩১০৯ কোটি টকা আছিল৷

খাদ্য প্ৰসংস্কৰণ উদ্যোগ

আৰ্থিক সমীক্ষা অনুসৰি  ২০১৮-১৯ বৰ্ষ পৰ্যন্ত বিগত পাঁচ বছৰত খাদ্য প্ৰসংস্কৰণ উদ্যোগ (এফপিআই) ক্ষেত্ৰত মুঠ বাৰ্ষিক বৃদ্ধি দৰত (এএজিআৰ) ৯.৯৯ শতাংশ বৃদ্ধি হৈছে৷ ২০১১-১২ বৰ্ষৰ পৰা কৃষি ক্ষেত্ৰত এই বৃদ্ধি ৩.১২ শতাংশ হৈছে আৰু বিনিৰ্মাণ ক্ষেত্ৰত বৃদ্ধি দৰ ৮.২৫ শতাংশ হৈছে৷   

 

*******************

RM/APS/JK/MANN



(Release ID: 1693310) Visitor Counter : 280