PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবি-ৰ বুলেটিন

Posted On: 27 JAN 2021 5:46PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

যোৱা ২০ দিন ধৰি ভাৰতৰ দৈনিক আৰোগ্য লাভে অতিক্ৰম কৰি আহিছে দৈনিক নতুন ঘটনাক, যোৱা ৭ দিন ধৰি প্ৰতি নিযুত জনসংখ্যাত সৰ্বনিম্ন নতুন ঘটনা আৰু নতুন মৃত্যুৰ ঘটনা লাভ কৰা দেশসমূহৰ অন্যতম হৈ আহিছে ভাৰত

ভাৰতৰ দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আহিছে। যোৱা ২০ দিন ধৰি দৈনিক আৰোগ্য লাভে অতিক্ৰম কৰি আহিছে দৈনিক নতুন ঘটনাক। আজি মুঠ আৰোগ্য লাভৰ ঘটনা হয় ১,০৩,৫৯,৩০৫ টা। যোৱা ২৪ ঘন্টাত ১৩,৩২০ ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হয়। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৯৬.৯১% লৈ বৃদ্ধি পাইছে। এই লেখে যোৱা কেইটামান সপ্তাহত দেশখনৰ সক্ৰিয় ঘটনাৰ সংখ্যাৰ দৈনিক পৰিৱৰ্তন সূচিত কৰিছে। যোৱা ২৪ ঘন্টাত ৰাষ্ট্ৰীয় টেলীত ১২,৬৮৯ টা দৈনিক নতুন ঘটনা সংযোজিত হয়। আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হয় ১,৭৬,৪৯৮ টা। ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ১.৬৫%। যোৱা ৭ দিন ধৰি প্ৰতি নিযুত জনসংখ্যাত দৈনিক নতুন ঘটনা সৰ্বনিম্ন হৈ থকা ৰাষ্ট্ৰসমূহৰ অন্যতম হৈ আহিছে ভাৰত (৬৯)। কেন্দ্ৰ-নেতৃত্বাধীন টেষ্ট, ট্ৰেক, ট্ৰিট, টেকন’ল’জিৰ অতিশয় সক্ৰিয় আৰু সুকৌশলী ব্যৱস্থাৰে এনে উসাহজনক ফলাফল লাভ কৰাটো সম্ভৱ হৈ উঠিছে। কেন্দ্ৰৰদ্বাৰা জাৰি কৰা ষ্টেণ্ডাৰ্ড অৱ কেয়াৰ প্ৰট’কলৰ জৰিয়তে উচ্চ মানদণ্ডৰ মেডিকেল কেয়াৰৰ সংমিশ্ৰণত অধিক ও আগ্ৰাসী টেষ্টিং, দ্ৰুত নিৰীক্ষণ ও ট্ৰেকিঙেৰে আৰম্ভণিতে চিনাক্তকৰণ, হ’ম আইছ’লেশ্যনৰ তত্বাৱধানত আৰোগ্য লাভৰ অধিক সংখ্যা লাভ কৰা হৈছে। চিকিসালয়, হ’ম আইছ’লেশ্যন তত্বাৱধানত উন্নীত আৰু ফলপ্ৰসূ ক্লিনিকেল ট্ৰিটমেন্ট, অ-আক্ৰমণাত্মক অক্সিজেন চাপ’ৰ্টৰ ব্যৱহাৰ, ষ্টেৰয়ড, এন্টিক’গুলেন্টৰ ব্যৱহাৰ আৰু দ্ৰুত আৰু সময়োচিত চিকিসাৰ অৰ্থে ৰোগীসকলক কঢ়িয়াবলৈ এম্বুলেন্সৰ সেৱা উন্নত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে নিৰলস প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক সঠিক পৰিমাণৰ ভেন্টিলেটৰ, পিপিই কিট, ড্ৰাগছ ইত্যাদিৰে সহায় আগবঢ়াইছে। আশা কৰ্মীসকলৰ নিৰলস প্ৰচেষ্টাই হ’ম আইছ’লেশ্যন তত্বাৱধানত ৰোগীসকলৰ ফলপ্ৰসূ নিৰীক্ষণ আৰু ট্ৰেকিং অগ্ৰগতি নিশ্চিত কৰিছে। টেলিমেডিচিন সেৱাসমূহৰ বাবে সক্ষম ডিজিটেল প্লেটফৰ্ম ‘ই সঞ্জীৱনী’এ ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধত সফল হোৱাৰ সমান্তৰালভাৱে একেসময়তে অনা-ক’ভিড অতি প্ৰয়োজনীয় হেল্থকেয়াৰৰ বিধান আগবঢ়াইছে। তদুপৰি কেন্দ্ৰই চিকিসক পৰিচালিত আইচিইউসমূহৰ ক্লিনিকেল ব্যৱস্থাপনা সামৰ্থ্য নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। এইমছ, নতুন দিল্লীৰ ডমেইন বিশেষজ্ঞসকলৰদ্বাৰা ৰূপায়ণ কৰা ‘নেশ্যনেল ই-আইচিইউ অন ক’ভিড-১৯ মেনেজমেন্ট’ ব্যৱস্থাই ইয়াত নিৰলসভাৱে সহায় আগবঢ়াই আহিছে। ২০২১ ৰ ২৭ জানুৱাৰীৰ পুৱা ৮ বজা পৰ্যন্ত, দেশজোৰা ক’ভিড-১৯ ৰ টিকাদান কাৰ্যক্ৰমটোৰ অধীনত ২০ লাখৰো অধিক (২০,২৯,৪৮০) হিতাধিকাৰীয়ে টিকা লাভ কৰিছে। যোৱা ২৪ ঘন্টাত, ১৯৪ ছেচনজুৰি ৫,৬৭১ জন লোকে টিকা লাভ কৰিছে। অদ্যপি ৩৬,৫৭২ ছেচন সম্পন্ন কৰা হৈছে। লাভ কৰা নতুন আৰোগ্য লাভৰ ঘটনাৰ ৮৪.৫২% হৈছে ৯ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৫,২৯০ টা নতুন আৰোগ্য লাভৰ ঘটনাৰে এদিনত আৰোগ্য লাভৰ সংখ্যা কেৰালাত সৰ্বাধিক। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ২,১০৬ লোকে আৰোগ্য লাভৰ সমান্তৰালভাৱে ইয়াৰ পাছতেই কৰ্ণাটকত আৰোগ্য লাভৰ সংখ্যা হৈছে ৭৩৮ টা। নতুন ঘটনাৰ ৮৪.৭৩% হৈছে ৭ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। কেৰালাত দৈনিক নতুন ঘটনা সৰ্বাধিক ৬,২৯৩ টা। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰত এই সংখ্যা ২,৪০৫ টাৰ সমান্তৰালভাৱে কৰ্ণাটকত নতুন ঘটনাৰ সংখ্যা ৫২৯ টা। নতুন মৃত্যুৰ ঘটনাৰ ৮৩.৯৪% সাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত হৈছে। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৪৭ টা। ইয়াৰ পাছতেই থকা কেৰালাত দৈনিক মৃত্যুৰ ঘটনা ১৯ আৰু চত্তীশগড়ত ১৪ টা। যোৱা ৭ দিন ধৰি ভাৰতত প্ৰতি নিযুত জনসংখ্যাত মাত্ৰ ১ টা মৃত্যুৰ ঘটনা লাভ কৰি অহা হৈছে।

অধিক বিৱৰণৰ বাবে

 

১৪৮তম বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদত সভাপতিত্ব কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

অধিক বিৱৰণৰ বাবে

ফিকিৰ উদ্যোগত MASCRADE 2021ৰ সপ্তম সংস্কৰণ মুকলি কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি “MASCRADE 2021”ৰ সপ্তম সংস্কৰণ মুকলি কৰে৷ ফিকিয়ে এই অনুষ্ঠানৰ আয়োজন কৰে৷ ভাষণ প্ৰসংগত তেওঁ ক’ভিড-১৯ৰ বিভিন্ন প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰতিষেধকৰ ওপৰত সন্দেহ আৰু ভ্ৰান্ত ধাৰণা নিৰ্মূল কৰিবলৈ ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে আইইচি অভিযান ‘‘আহক, আমি এই ভ্ৰান্ত ধাৰণা ৰুদ্ধ কৰো’’

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে বৃহস্পতিবাৰে ক’ভিডৰ প্ৰতিষেধক সন্দৰ্ভত সৃষ্টি হোৱা সন্দেহ আৰু ভ্ৰান্ত ধাৰণা নিৰ্মূল কৰিবলৈ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বীনি কুমাৰ চৌবে আৰু নিটি আয়োগৰ সদস্য ডঃ ভি কে পালৰ উপস্থিতিত আইইচি অভিযান মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

৭২তম গণৰাজ্য দিৱসৰ প্ৰাক্-সন্ধ্যাত মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ মহামাৰীয়ে আমাক আমাৰ স্বাস্থ্যৰ সচেতনাৰ বিষয়ে শিকাইছে-উপ ৰাষ্ট্ৰপতি

অধিক বিৱৰণৰ বাবে

 

উপ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰক হায়দৰাবাদত প্ৰতিষেধক পৰীক্ষণ আৰু স্বীকৃতিকৰণ লেব স্থাপন কৰিবলৈ নিৰ্দেশ দিছে

উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে বৃহস্পতিবাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী  ডাঃ হৰ্ষ ৱৰ্ধনৰ সৈতে বাৰ্তালাপ কৰে আৰু কেন্দ্ৰক হায়দৰাবাদত প্ৰতিষেধক পৰীক্ষণ আৰু স্বীকৃতিকৰণ লেব স্থাপন কৰিবলৈ নিৰ্দেশ দিছে৷

অধিক বিৱৰণৰ বাবে

 

জিএছটি সাহায্য ঘাটি পূৰাবলৈ ৩য়টো কিস্তিত ৰাজ্যসমূহলৈ প্ৰদান কৰা হ’ল ৬,০০০ কোটি টকা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৰাজ্যসমূহলৈ জিএছটি সাহায্য ঘাটি পূৰাবলৈ ৰাজ্যসমূহলৈ ৬,০০০ কোটি টকা ৩য়টো কিস্তি হিচাপে প্ৰদান কৰিছে৷ ইয়াৰে ৫,৫১৬.৬০ কোটি টকা ২৩ খন ৰাজ্যলৈ আৰু ৪৮৩.৪০ কোটি টকা ৩খন কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ মুকলি কৰি দিছে৷

অধিক বিৱৰণৰ বাবে

 

 

ক’ভিডৰ প্ৰত্যাহ্বান স্বত্বেও ভাৰতীয় ৰে’লৱেয়ে প্ৰাক্-ক’ভিডৰ সময়ছোৱাৰ তুলনাত ৬৫% মেইল এক্সপ্ৰেছ চলাচল কৰাইছে

ক’ভিডৰ বিভিন্ন প্ৰত্যাহ্বান স্বত্বেও ভাৰতীয় ৰে’লৱেয়ে প্ৰতিদিনে বিভিন্ন মণ্ডলত মুঠ ১১৩৮ মেইল/এক্সপ্ৰেছ চলাচল কৰাইছে৷ এই বিশেষ ৰে’লসমূহৰ দ্বাৰা দেশৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহ সামৰি লোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

এছটিআইপিত ভাৰতীয় বৈজ্ঞানিক সমাজে মুক্ত বিজ্ঞান নীতি, উদ্ভাৱকৰ বাবে অৱকাশ, যুৱ গৱেষকসকলৰ বিষয়ে আলোচনা কৰে

শিক্ষাবিদসকলক অন্তৰ্ভুক্ত কৰি ভাৰতীয় বৈজ্ঞানিক সমাজে বিভিন্ন নেতা, ষ্টেকহ’ল্ডাৰ, বিজ্ঞান ভাৰত মঞ্চৰ সদস্যসকল তথা সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মুক্ত বিজ্ঞান নীতি, উদ্ভাৱকৰ বাবে অৱকাশ তথা যুৱ গৱেষকসকলৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবি-ৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ অসমত ৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগতে ১ জনৰ মৃত্যু হোৱাৰ বাতৰি মঙলবাৰে প্ৰকাশ পাইছে৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ২,১৭,০২৫ জন, মুকলি কৰি দিয়া হৈছে ২,১৩,৭৬৩ জনক আৰু ১০৭৯ জন লোকৰ মৃত্যু হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৩৬ জন৷
  • নাগালেণ্ডঃ নাগালেণ্ডত মঙলবাৰে ২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,০৮১ জন৷ মুঠ ৮৮ জনৰ মৃত্যু হৈছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত আৰোগ্যৰ হাৰ ৯৫.২৪%লৈ বৃদ্ধি পাইছে আৰু  মৃত্যুৰ হাৰ হৈছে ২.৫৩%৷ বিগত ২৪ ঘণ্টাত ৫৭,২২৯ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা হ’ল ১৯,১৭,৪৫০ জন৷ ৫০,৮৬২ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০,১৩,৩৫৩ জন৷
  • গুজৰাটঃ  আৰোগ্যৰ হাৰ হৈছে ৯৬.৭৪%৷ নতুনকৈ ৩৮০ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ২,৫১,৪০০ জন লোকে আৰোগ্য  লাভ কৰিছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৫৯,৮৬৭ জন৷
  • মধ্য প্ৰদেশঃ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা হ’ল ২,৪৭,০০০ জন৷ মৃত্যু হৈছে ৩৭৯৩ জনৰ৷
  • চট্টিশগড়ঃ ৰাজ্যখনত মঙলবাৰে ৩২১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ৯ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৯৭,৪২৯ জন৷ মুঠ আৰোগ্যৰ সংখ্যা হ’ল ২,৮৮,৭৬৪ জন৷ মৃত্যু হৈছে ৩৬৪৪ জনৰ৷ পজিটিভ ৰোগীৰ সংখ্যা হ’ল ২,৯৭,৪২৯ জন৷
  • ৰাজস্থানঃ  মুঠ আৰোগ্য ৰোগীৰ সংখ্যা হ’ল ৩,১১,৩৭৪ জন৷ ২৭৬০ জন লোকৰ মৃত্যু হৈছে৷ মুঠ পজিটিভ ৰোগীৰ সংখ্যা হ’ল ৩,১৬,৯৭০ জন৷ এই পৰ্যন্ত ৫৭,৭১,৫৫৯টা নমুনা পৰীক্ষণ কৰা হৈছে৷
  • গোৱাঃ মুঠ পজিটিভ ৰোগীৰ সংখ্যা হ’ল ৫৩,০৪৭ জন৷ ৭৬৩ জনৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত ৪,৪২,৪৮৮টা নমুনা পৰীক্ষা কৰা হৈছে৷
  • কেৰালাঃ এই পৰ্যন্ত ৰাজ্যখনত ৮,৯৯,৯৩২জন লোক ৰোগত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মৃত্যুৰ সংখ্যা হৈছে ৩,৬৪৩ জন৷
  • তামিলনাডুঃ স্বাস্থ্য সচিব জে ৰাধাকৃষ্ণণে জনায় যে যিবোৰ ব্যক্তিগত চিকিসালয়ে চৰকাৰী পৃষ্ঠপোষকিত কাৰ্যসমূহত ধনৰ লেনদেন কৰিছে, তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব৷
  •  কৰ্ণাটকঃ আজিৰ তাৰিখ পৰ্যন্ত কৰ্ণাটকত মুঠ ৰোগীৰ সংখ্যা হ’ল ৯,৩৬,৯৫৫ জন৷ মৃত্যু হৈছে ১২,২০৪ জন সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,৬৩৩ জন৷ মুকলি কৰি দিয়া হৈছে ৯,১৮,০৯৯ জনক৷
  • অন্ধ্ৰ প্ৰদেশঃ এই পৰ্যন্ত ১,২৯,৪২,১৫৩ টা পৰীক্ষণ অনুষ্ঠিত কৰা হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮,৮৮,৭২৩ জন৷                                                                                                                                                                                                                                                                                                                                                                            
  • তেলেংগানাঃ তেলেংগানা উদ্যোগ মন্ত্ৰী কে টি ৰামাৰাৱে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনক হায়দৰাবাদত এটা প্ৰতিষেধক কেন্দ্ৰ আৰু স্বীকৃতিকৰণ লেব স্থাপন কৰিবলৈ অনুৰোধ জনাইছে৷ এই পৰ্যন্ত ক’-উইন এপত ৰাজ্যখনৰ ১.৫৫ লাখ ব্যক্তিগত স্বাস্থ্য কৰ্মী পঞ্জীকৃত হৈছে৷

 

ফেক্ট চেক

Image

Image

 

****************

 



(Release ID: 1692869) Visitor Counter : 175