প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৮ জানুৱাৰী তাৰিখে কাৰিপ্পা গ্ৰাউণ্ডত এনচিচি সমদলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
27 JAN 2021 4:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰী ২০২১ তাৰিখে দিল্লীৰ কাৰিপ্পা গ্ৰাউণ্ডত নেচনেল কেডেট কৰ্পছৰ সমদলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী আৰু তিনিওটা সশস্ত্ৰবাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকিব৷
প্ৰধানমন্ত্ৰীয়ে গাৰ্ড অব্ অনাৰ পৰিদৰ্শন কৰিব৷ লগতে তেওঁ এনচিচিৰ সদস্যসকলৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানতো উপস্থিত থাকিব৷
*****
DS/SH/MANN
(Release ID: 1692860)
Visitor Counter : 197
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam