স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত প্ৰতিদিনে সক্ৰিয় ৰোগীৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাই আহিছে

দেশৰ মুঠ সক্ৰিয় ৰোগীৰ প্ৰায় ৬৫ শতাংশই ২খন ৰাজ্যৰ

৮মাহৰ অন্তত যোৱা ২৪ ঘণ্টাত ১৩১ টা নতুন মৃত্যুৰ ঘটনা পঞ্জীয়ন হৈছে

পোষ্ট কৰা হৈছে: 25 JAN 2021 10:54AM by PIB Guwahati

ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা আজি ১.৮৪ লাখ(,৮,১৮২ জন)লৈ হ্ৰাস পাইছে৷ বৰ্তমান ভাৰতত মুঠ আক্ৰান্ত ৰোগীৰ ১.৭%হে চিকিৎসাধীন হৈ আছে৷

 

মুঠ সক্ৰিয় ৰোগীৰ অধিকাংশই দুখন ৰাজ্যৰ। মুঠ সক্ৰিয় ৰোগীৰ ৬৪.৭১%কেৰালা আৰু মহাৰাষ্ট্ৰৰ।

 

কেৰালাৰ সক্ৰিয় ৰোগীৰ সংখ্যা ৩৯.%ৰ বিপৰীতে মহাৰাষ্ট্ৰৰ সক্ৰিয় ৰোগীৰ সংখ্যা ২৫%

 

বিগত ২৪ ঘণ্টাত দেশত ১৩,২০৩ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩,২৯৮ জন ৰোগী আৰোগ্য হৈছে৷ কালিৰ দিনটোত ১৩১গৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু ই যোৱা ৮ মাহৰ ভিতৰত সৰ্বনিম্ন

 

ভাৰতত আজিলৈকে মুঠ ১৯,২৩,৩৭,১১৭ টা নমুনা পৰীক্ষা কৰা হৈছে।

 

খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত লোকৰ মাজত ৰাষ্ট্ৰীয় গড়তকৈ অধিক নমুনা পৰীক্ষা কৰা হৈছে।

 

১৫ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত লোকৰ মাজত ৰাষ্ট্ৰীয় গড়তকৈ কম নমুনা পৰীক্ষা কৰা হৈছে।

 

২৫ জানুৱাৰীৰ পুৱা ৮বজালৈকে দেশজুৰি ১৬,১৫,৫০৪ জন লোকক টিকা প্ৰদান কৰা হৈছে।

 

যোৱা ২৪ ঘণ্টাত ৩৩,৩০৩ জন লোকক টিকা প্ৰদান কৰা হৈছে।

 

মুঠ আৰোগ্য লোকৰ সংখ্যা ১.০৩ কোটি। আৰোগ্যৰ হাৰ ৯৬.৮৩ শতাংশ। আৰোগ্য আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান বৃদ্ধি পাই আছে আৰু বৰ্তমান ইয়াৰ সংখ্যা ১,০১,৪৫,৯০২জন।

 

নতুনকৈ আৰোগ্য হোৱা লোকৰ ৭৯.১২ শতাংশ  ৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

 

ইয়াৰে কেৰালাত এদিনত সৰ্বাধিক ৫,১৭৩জন আৰু মহাৰাষ্ট্ৰত ১,৭৪৩জন আৰু গুজৰাটত ৭০৪জন লোক আৰোগ্য হৈছে৷

 

নতুনকৈ আক্ৰান্ত ৰোগীৰ ৮১.২৬% খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে যোৱা ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিক ৬,০৩৬ আৰু মহাৰাষ্ট্ৰত ২,৭৫২জন আৰু কৰ্ণাটকত কালিৰ দিনটোত ৫৭৩জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

 

খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিগত ২৪ ঘণ্টাত ১৩১জন ৰোগীৰ মৃত্যু হৈছে৷

মহাৰাষ্ট্ৰত ৪৫জন, কেৰালাত ২০ আৰু দিল্লীত ৯জন ৰোগীৰ মৃত্যু হৈছে৷

 

 

********

MV/SJ /KG


(ৰিলিজ আই ডি : 1692557) অতিথি কক্ষ : 248