প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ দেশৰ প্রতি নেতাজী সুভাষ চন্দ্র বসুৰ অবদানক শ্রদ্ধা জনাবলৈ হৰিপুৰাত কাইলৈ এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছেঃ প্রধানমন্ত্রী
কাইলৈ নেতাজীৰ জন্মদিনৰ প্ৰাক মুহূৰ্তত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে তেওঁক শ্রদ্ধা জানায়
পোষ্ট কৰা হৈছে:
22 JAN 2021 5:39PM by PIB Guwahati
এলানি ট্যুইট বার্তাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কৈছে, “কাইলৈ, মহান নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিনত দেশে #ParakramDivas উদযাপন কৰিব। দেশজুৰি যি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে, তাৰ ভিতৰত এটি বিশেষ অনুষ্ঠান হ'ব গুজৰাটৰ হৰিপুৰাত। বিয়লি ১টাত এই অনুষ্ঠান আৰম্ভ হ'ব, আপোনালোকে এই আয়োজনত যোগ দিয়ক।
নেতাজী সুভাষ চন্দ্র বসুৰ সৈতে হৰিপুৰাৰ বিশেষ সম্পর্ক আছে। ঐতিহাসিক হৰিপুৰা অধিবেশনত ১৯৩৮ চনত নেতাজীয়ে কংগ্রেছ দলৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিছিল। আমাৰ দেশৰ প্রতি নেতাজীৰ অবদানক শ্রদ্ধা জনাবলৈ হৰিপুৰাত কাইলৈ এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
নেতাজীৰ জন্মদিন উপলক্ষ্যে মোৰ ২০০৯ চনৰ ২৩ জানুৱাৰীৰ কথা মনত পৰিছে, সেই দিনা আমি হৰিপুৰাৰ পৰা ই-গ্রাম বিশ্বগ্রাম প্রকল্পৰ সূচনা কৰিছিলো। এই উদ্যোগৰ ফলত গুজৰাটৰ তথ্য প্রযুক্তি পৰিকাঠামোত বৈপ্লবিক পৰিৱর্তন আহিছিল। ৰাজ্যৰ প্রত্যন্ত অঞ্চলত দৰিদ্র মানুহে প্রযুক্তিৰ সুফল পাইছিল।
হৰিপুৰাৰ মানুহৰ ভালপোৱাৰ কথা মই কোনোদিন পাহৰিব নোৱাৰিম। যি পথেৰে নেতাজীয়ে পদযাত্রা কৰিছিল, তেওঁলোকে সেই একেই পথেৰে আমাক এটা শোভাযাত্রাৰ মাধ্যমেৰে লৈ গৈছিল। নেতাজীৰ শোভাযাত্রাত ৫১টা বৃষে এখন সুসজ্জিত ৰথক টানি লৈ গৈছিল। হৰিপুৰাত যি স্থানত নেতাজী আছিল, সেই স্থানলৈও মই গৈছিলো।
নেতাজীৰ ভাবনা আৰু আদর্শই আমাক এনে এখন ভাৰত গঢ়ি তুলিবলৈ অনুপ্রাণিত কৰক, যি ভাৰতৰ বাবে তেওঁ গর্বিত আছিল… এখন শক্তিশালী, প্রত্যয়ী ও আত্মনির্ভৰ ভাৰত, যাৰ মানব-কেন্দ্রিক উদ্যোগে আহিবলগীয়া দিনত সুন্দৰ পৃথিৱী গঢ়ি তোলাত সহায় কৰিব।''
******
DS
(ৰিলিজ আই ডি : 1691459)
অতিথি কক্ষ : 241
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam