মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

২০২১ বৰ্ষৰ বাবে জেইই আৰু নীটৰ পাঠ্যক্ৰম অপৰিৱৰ্তিত থাকিব

Posted On: 19 JAN 2021 12:44PM by PIB Guwahati

২০২১ বৰ্ষৰ বাবে জেইই আৰু নীটৰ পাঠ্যক্ৰম অপৰিৱৰ্তিত থাকিব৷ অৱশ্যে পূৰ্বৰ বছৰৰ তুলনাত এই বছৰ পৰীক্ষার্থীসকলে যুটীয়া প্ৰৱেশ পৰীক্ষা আৰু নীট পৰীক্ষাৰ প্রশ্নৰ উত্তৰ দিয়াৰ বিকল্প থাকিব৷

যুটীয়া প্ৰৱেশ পৰীক্ষা (মুল-২০২১)ৰ পাঠ্যক্ৰম বিগত বৰ্ষৰ দৰেই ৰখা হৈছে৷ পৰীক্ষার্থীসকলে ৯০টা প্রশ্নৰ ভিতৰত পছন্দ অনুসৰি ৭৫টা প্রশ্নৰ উত্তৰ দিব লাগিব৷ ইয়াৰ ভিতৰত পদার্থবিদ্যা, ৰসায়ন আৰু গণিত বিষয়ত ২৫টাকৈ প্রশ্নৰ উত্তৰ দিব লাগিব৷ প্রতিটো বিষয়ত ৩০টাকৈ প্রশ্ন থাকিব৷

ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা(নীট) (প্ৰাক-স্নাতক)ৰ সঠিক প্রতিৰূপ কেনে হ’ব এতিয়াও ঘোষণা কৰা নাই। সেয়েহে দেশৰ কেইখনমান ৰাজ্যত পৰিষদৰ পাঠ্যক্ৰম হ্রাসৰ পৰিপ্রেক্ষিতত নীট (প্ৰাক-স্নাতক), ২০২১ৰ প্রশ্ন কাকতত যুটীয়া প্ৰৱেশ পৰীক্ষাৰ দৰেই বিকল্প ব্যৱস্থা থাকিব৷

******

MC/AK/DB



(Release ID: 1690206) Visitor Counter : 174