স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত আৰোগ্য লাভ কৰা লোক আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান ১ কোটিৰো অধিক হ’ল

৮মাহৰ পিচত প্ৰথমবাৰৰ বাবে মৃতকৰ সংখ্যা ১৪৫লৈ নামিল

Posted On: 18 JAN 2021 12:07PM by PIB Guwahati

আৰোগ্য লাভ কৰা লোক আৰু সক্ৰিয় ৰোগীৰ মাজৰ সাংখ্যিক ব্যৱধানে আজি ১ কোটিৰ ঘৰ অতিক্ৰম কৰাৰ ফলত ভাৰতে আজি আন এক বৃহত্ সাফল্য  অৰ্জন কৰিবলৈ সক্ষম হয়।

আজিৰ দিনটোত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ১,০২,১১,৩৪২গৰাকী হোৱাৰ বিপৰীতে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ২,০৮,০১২গৰাকী। এই দুয়োটা সংখ্যাৰ মাজৰ ব্যৱধান আজিৰ তাৰিখত হৈছে ১,০০,০৩,৩৩০গৰাকী। দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা সক্ৰিয় ৰোগীৰ সংখ্যা প্ৰায় ৫০গুণ অধিক হৈছে।

ইয়াকে ধৰি আজিৰ তাৰিখত আৰোগ্য লাভৰ শতকৰা হাৰ ৯৬.৫৯% হৈছেগৈ।

ইফালে, শেহতীয়া ২৪ঘণ্টাত ১৪,৪৫৭গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে নতুনকৈ সংক্ৰমিত হোৱাটো নিশ্চিত কৰা লোকৰ সংখ্যা হৈছে ১৩,৭৮৮গৰাকী

ভাৰতৰ দৈনিক আক্ৰান্তৰ হাৰ একেধাৰে অৱনমিত হোৱাৰ সমান্তৰালকৈ কভিড-১৯ আক্ৰান্তৰ মৃত্যুৰ হাৰো দ্ৰুত গতিত অৱনমিত হোৱা পৰিলক্ষিত হৈছে। ইফালে, দেশত প্ৰায় ৮মাহ(৭মাহ ২৩দিন)ৰ পিচত শেহতীয়া ২৪ ঘণ্টাত মৃতকৰ সংখ্যা ১৫০গৰাকীৰ তললৈ অৱনমিত হোৱা(১৪৫)ৰ তথ্য লাভ কৰা  হৈছে।

শেহতীয়া ২৪ ঘণটাত বিভিন্ন ৰাজ্যত হোৱা মৃতকৰ তথ্য তলত উল্লেখ কৰা গ্ৰাফৰ জৰিয়তে নিৰ্দেশিত কৰা হৈছে। দেশৰ ১৫খন ৰাজ্যত এজনো লোকৰ মৃত্যু নোহোৱাৰ বিপৰীতে ১৩খন ৰাজ্যত ১গৰাকীৰ পৰা ৫জন, ৪খন ৰাজ্যত ৫ৰ পৰা ১০, এখন ৰাজ্যত ১০ৰ পৰা ২০গৰাকী আৰু দুখন ৰাজ্যত ২০গৰাকীৰ অদিক লোকৰ মৃত্যু হৈছে।

ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭১.৭০%ই ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, সৰ্বাধিক ৪,৪০৮গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই এই তালিকাত ২,৩৪২ আৰু ৮৫৫গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৭৬.১৭%ই ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৫,০০৫গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৩,০৮১ আৰু ৭৪৫গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক

ইফালে, শেহতীয়া ২৪ঘণ্টাত মৃত্যু সাৱটা ৭৬.৫০% মৃতকেই ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৫০গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালা আৰু পশ্চিম বংগত মৃত্যু হৈছে ক্ৰমে ২১ আৰু ১২গৰাকী লোকৰ

****

MV/KB



(Release ID: 1689880) Visitor Counter : 180