স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ ভেকচিন মুকলি
ড০ হৰ্ষ বৰ্ধনে কাইলৈৰ পৰা দেশজুৰি আৰম্ভ হ’বলগীয়া টিকাকৰণ অভিযানৰ প্ৰস্তুতিৰ বুজ লৈছে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ত ক’ভিড নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশীয়ভাৱে নিৰ্মিত ভেকচিনৰ ফলপ্ৰসূতা সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰে
प्रविष्टि तिथि:
15 JAN 2021 5:23PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কাইলৈৰ পৰা দেশজুৰি আৰম্ভ হ’বলগীয়া টিকাকৰণ অভিযানৰ প্ৰস্তুতিৰ আজি বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডেডিকেটেড ক’ভিড নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্মল ভৱনৰ প্ৰাংগনত এই নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জানুৱাৰীৰ পুৱা ১০.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশজুৰি আৰম্ভ হ’বলগীয়া ক’ভিড-১৯ টিকাকৰণ প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ৰ ফ্লেগ অফ কৰিব। এই টিকাকৰণ প্ৰক্ৰিয়াই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৩০০৬ ছেছন ছাইটৰ সৈতে দেশৰ প্ৰতিটো চুক-কোণক সাঙুৰি ল’ব। প্ৰত্যেকটো ছেছনত ১০০গৰাকীকৈ লোকক টিকা প্ৰদান কৰা হ’ব। প্ৰথম পৰ্যায়ত চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়ৰে স্বাস্থ্যসেৱা কৰ্মীয়ে টিকা লাভ কৰিব।
ক’ভিড নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শনৰ সময়ত ড০ হৰ্ষ বৰ্ধনে অনলাইন ডিজিটেল প্লেটফ’ৰ্ম ক’উইন(CoWIN)ৰ প্ৰতিটো দিশ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰস্তুত কৰা এই অনলাইন ডিজিটেল প্লেটফ’ৰ্মৰ সহায়ত দেশত ক’ভিড-১৯ৰ টিকাকৰণ প্ৰক্ৰিয়া পৰিচালনা কৰা হ’ব। ই ভেকচিনৰ ষ্টক, ষ্টোৰেজ তাপমাত্ৰা আৰু উপভোক্তা চিনাক্তকৰণত সহায় কৰিব। ডিজিটেল প্লেটফ’ৰ্মটোৱে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত প্ৰ’গ্ৰেম মেনেজাৰসকলক সহযোগিতা আগবঢ়াব।
ড০ হৰ্ষ বৰ্ধনে কয় যে ভাৰতৰ এই টিকাকৰণ অভিযান বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশীয়ভাৱে নিৰ্মিত ক’ভিডশ্বিল্ড আৰু ক’ভাক্সিন ভেকচিন সম্পূৰ্ণৰূপে নিৰাপদ আৰু ফলপ্ৰসু বুলি প্ৰমাণিত হৈছে। মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত এয়া সবাতোকৈ গুৰুত্বপূৰ্ণ আহিলা হ’ব।
****
MV/SJ/MS
(रिलीज़ आईडी: 1689014)
आगंतुक पटल : 249
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam