ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
ক’ৰোনাই ভাৰতক ইয়াৰ মূল লোকাচাৰলৈ ওভতাই নিলে : ড০ জিতেন্দ্ৰ সিঙৰ অভিমত
সাধাৰণ মানুহৰ জীৱনলৈ স্বাচ্ছন্দ্য অনাটোৱেই হৈছে সু-শাসনৰ পৰম লক্ষ্য, সদগুৰুৰ সৈতে আইআইপিএ-ৰ অধিৱেশনত মন্ত্ৰীগৰাকীৰ মন্তব্য
Posted On:
09 JAN 2021 3:20PM by PIB Guwahati
ক’ৰোনাই ভাৰতক ইয়াৰ মূল লোকাচাৰলৈ ওভতাই নিলে। এই অভিমত ব্যক্ত কৰিছে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী প্ৰশাসন, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। তেওঁ কয়, ক’ৰোনাই আমাক হহাত ধোৱা, নমস্কাৰ জনোৱাৰ দৰে আমাৰ পূৰাতন পৰম্পৰালৈ পুনৰাই ওভতাই নিলে। নমস্কাৰৰ প্ৰথাইতো এতিয়া আগতকৈয়ো অধিক গুৰুত্বহে লাভ কৰিছে বুলিও তেওঁ অনুভৱ প্ৰকাশ কৰে। ক’ভিডে আমাক স্বাস্থ্য সেৱাক ৰাষ্ট্ৰীয় প্ৰাথমিকতা হিচাপে গ্ৰহণৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰাৰ বাবে সঁকীয়াই দিয়াই নহয় বৰং সমগ্ৰ পৃথিৱীকে সামাজিক ব্যৱধান, পৰিষ্কাৰ পৰিচ্ছন্নতা, যোগ, আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধ আদিৰ দৰে স্বাস্থ্য-বিধি সম্পৰ্কে অৱগত হোৱাৰ সুযোগো প্ৰদান কৰিলে। এতিয়া পৃথিৱীয়ে আমাৰ এইসমূহ পৰম্পৰাক আগতকৈয়ো অধিক বিশ্বাস আৰু আস্থা ল’বলৈ ধৰিছে। যোগ অথবা আয়ুৰ্বেদৰ প্ৰতি থকা আগ্ৰহ আগতকৈয়ো অধিক ভাবে প্ৰদৰ্শন কৰিবলৈ লৈছে বুলিও তেওঁ মন্তব্য কৰে। প্ৰণিধানযোগ্য যে, মন্ত্ৰী ড০ সিঙে ‘ভাৰতীয় ৰাজহুৱা প্ৰশাসনীয় প্ৰতিষ্ঠান’(আইআইপিএ)ত ভাষণ প্ৰদান কৰিছিল। ‘ইনাৰ ইঞ্জিনিয়াৰিং-টেকন’লজিছ ফৰ ৱেল বিয়ীং’ শীৰ্ষক অধিৱেশনখনত সন্মানীয় অতিথি হিচাপে সদগুৰুও উপস্থিত আছিল।

‘সাধাৰণ মানুহৰ জীৱনলৈ স্বাচ্ছন্দ্য অনাটোৱেই হৈছে সু-শাসনৰ পৰম লক্ষ্য’ বুলি মন্তব্য আগবঢ়োৱা মন্ত্ৰীগৰাকীয়ে ‘সুখী আৰু আনন্দমুখৰ প্ৰশাসকসকলে সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ জীৱনলৈ আনন্দৰ লহৰ বিয়পাই দিব পাৰে’ বুলি সদগুৰুৱে কৰা মন্তব্যষাৰকো পূৰ্ণ সমৰ্থন জনায়।
ইফালে, নিজৰ ভাষণত সদগুৰুৱে কয় যে, ‘কোনো এক ধৰণৰ বিশ্বাস-পদ্ধতিত দৃঢ় হৈ নথকা ভাৰত সদায়ে জিজ্ঞাসুৰ দেশ হৈয়ে আহিছে। জয় কৰাটো ইয়াৰ কাহানিও সংস্কৃতি নাছিল, বৰং ই সদায়ে অনুসন্ধানকামীৰ দেশহে আছিল’। তেওঁ আজিৰ ‘গণৰাজ্য’য়ো ভাৰতৰ সেই পূৰাতন পৰম্পৰাকে অব্যাহত ৰখাৰ পোষকতা কৰে।
‘ক’ৰোনা ভাইৰাছে এক সচেতন দায়বদ্ধ আচৰণ বিধিৰ প্ৰয়োজনীয়তা দাবী কৰিছে আৰু সৰ্ব সাধৰণ মানুহৰ কুশল সাধনৰ বাবে এই শিক্ষাই দেশৰ নেতা আৰু প্ৰশাসকসকলৰ বাবে অধিক প্ৰাসংগিকতাকে বহণ কৰিছে’ বুলিও সদগুৰুৱে অভিমত ব্যক্ত কৰে।

*************************
SNC/KB
(Release ID: 1687400)
Visitor Counter : 240