স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতত নিতৌ আক্ৰান্তৰ হাৰ কমাৰ গতি অব্যাহত; যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ১৮,১৩৯ গৰাকী
সক্ৰিয় ৰোগীৰ সংখ্যাৰ অৱনমন অব্যাহত; ২.২৫ লাখলৈ অৱনমিত
ছাৰ্ছ-ক’ভ-২ৰ নতুন ‘মিউটেণ্ট ভেৰিয়েণ্ট’ত আক্ৰান্ত মুঠ ৮২গৰাকী ব্যক্তিক চিনাক্ত
Posted On:
08 JAN 2021 12:06PM by PIB Guwahati
ভাৰতত নিতৌ আক্ৰান্তৰ হাৰ কমাৰ গতি অব্যাহত আছে। যোৱা ২৪ ঘণ্টাত দেশত ১৮,১৩৯গৰাকী লোকৰ দেহত ভাইৰাছবিধৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।

নতুনকৈ সংক্ৰমণৰ হাৰ দ্ৰুত গতিত অৱনমিত হোৱাৰ পৰিপ্ৰেক্ষিতত সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে। আজিৰ তাৰিখত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ২,২৫,৪৪৯গৰাকী হৈছেগৈ। ইফালে, দেশৰ মুঠ সংক্ৰমিত ব্যক্তিৰ বিপৰীতে সক্ৰিয় ৰোগীৰ শতাংশ হাৰ ২.১৬%লৈ অৱনমিত হৈছে।
শেহতীয়া ২৪ ঘণ্টাত ২০,৫৩৯গৰাকী লোকে আৰোগ্য লাভ কৰিছে, ইফালে, এই সময়ছোৱাত ২,৬৩৪গৰাকী লোকে আৰোগ্য লাভ কৰাৰ পিচত সক্ৰিয় ৰোগীৰ মুঠ সংখ্যাৰ পৰিমাণ হ্ৰাস পাইছে।

উল্লিখিত চিত্ৰত যোৱা ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ ধাৰা প্ৰদৰ্শিত কৰা হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ৩০৭ গৰাকীৰে ইতিবাচক পৰিৰ্ৱ্তনৰ ধাৰা নথীভুক্ত হোৱাৰ বিপৰীতে কেৰালাত ৬১৩গৰাকী ব্যক্তিৰে সৰ্বাধিক নেতিবাচক পৰিৱৰ্তনৰ ধাৰা প্ৰদৰ্শিত হৈছে।

শেহতীয়াভাবে আৰোগ্যৰ সংখ্যাই ১কোটিৰ ঘৰ অতিক্ৰম কৰিছে। দৈনিক আৰোগ্যৰ হাৰ নিৰন্তৰ বাঢ়ি থকাৰ সুবাদত মুঠ আৰোগ্যৰ সংখ্যা অভাৱনীয় হাৰত উৰ্ধ্বগামী হোৱা পৰিলক্ষিত হৈছে। আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ১০,০৩৭,৩৯৮গৰাকী হৈছেহি। আৰোগ্য লাভৰ শতকৰা হাৰো ৯৬.৩৯%লৈ বৃদ্ধি পাইছে।
ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৯.৯৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, সৰ্বাধিক ৫,৬৩৯গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই। এই তালিকাত ৩,৩৫০ আৰু ১,২৯৫গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগ।

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৮১.২২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৫,৫০১গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৩,৭২৯ আৰু ১,০১০গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু চত্তিশগড়।

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ২৩৪গৰাকী লোকে মৃত্যু সাৱটি লৈছে।
এইক্ষেত্ৰতো ৭৬.৫০% মৃতকেই ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৭২গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালা আৰু দিল্লীত মৃত্যু হৈছে ক্ৰমে ২৫ আৰু ১৯গৰাকী লোকৰ।

ভাৰতত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে মৃত্যুৰ হাৰ ১০৯। ইফালে, ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম বুলি নিশ্চিত কৰা হৈছে।

আনহাতে, ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক হোৱা পৰিলক্ষিত হৈছে।
দিল্লীত এই হাৰ সৰ্বাধিক ৫৬৯বুলি ঠাৱৰ কৰা হৈছে।

ইউনাইটেড কিংডমত প্ৰথমে চিনাক্ত হোৱা ‘ছাৰ্ছ-ক’ভ-২’ৰ নতুন ‘মিউটেণ্ট ভেৰিয়েণ্ট’ত আক্ৰান্তৰ মুঠ সংখ্যা ৮২গৰাকী হৈছেগৈ।
****
MV/SJ/KB
(Release ID: 1687268)
Visitor Counter : 170
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam