বিত্ত মন্ত্ৰালয়

বলবত্কৰণৰে পৰা ‘জিএছটি’ৰ সৰ্বাধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ

ডিচেম্বৰত ‘মুঠ জিএছটি’ৰ সংগ্ৰহ ১,১৫,১৭৪ কোটি টকা

বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ তুলনাত ২০২০ৰ ডিচেম্বৰত ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ১২% অধিক

Posted On: 01 JAN 2021 1:21PM by PIB Guwahati

২০২০চনৰ ডিচেম্বৰ মাহত জিএছটিৰে সংগৃহীত মুঠ ৰাজহৰ পৰিমাণ আছিল ১,১১৫,১৭৪ কোটি টকা। ইয়াৰে ২১,৩৬৫ কোটি টকা আছিল কেন্দ্ৰীয় জিএছটি(চিজিএছটি),‘ৰাজ্যিক জিএছটি(এছজিএছটি) আছিল ২৭,৮০৪কোটি আৰু সংহত জিএছটি(আইজিএছটি)ৰ পৰিমাণ আচিল ৫৭,৪২৬ কোটি(আমদানীকৃত সামগ্ৰীৰ পৰা সংগৃহীয় ২৭,০৫০কোটি টকাকে ধৰি) আৰু উপকৰ ৮,৫৭৯ কোটি(আমদানীকৃত সামগ্ৰীৰ ওপৰত ধাৰ্য্য ৯৭১ কোটি টকাকে ধৰি)। আনহাতে, নৱেম্বৰ মাহৰ বাবে আৰু ৩১ ডিচেম্বৰ ২০২০ পৰ্যন্ত দাখিল কৰিবলগীয়া জিএছটিআৰ-৩বি বিৱৰণীৰ মুঠ সংখ্যা হৈছে ৮৭লাখ।

নিয়মীয়া বুজাবুজিৰে চৰকাৰে আইজিএছটিৰ পৰা ২৩,২৭৪কোটি টকা চিজিএছটি আৰু ১৭,৬৮১ কোটি টকা এছজিএছটি হিচাপে ভাগ-বাটোৱাৰা কৰে। নিয়মীয়া বুজাবুজিৰ অন্তত ডিচেম্বৰ ২০২০ত কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰসমূহে আদায় কৰা মুঠ ৰাজহৰ পৰিমাণ হলগৈ ক্ৰমে ৪৪,৬৪১ কোটি আৰু ৪৫,৪৮৫ কোটি টকা।

জিএছটি ৰাজহ সংগ্ৰহৰ বৰ্তমানৰ ধাৰা অনুসৰি ডিচেম্বৰ ২০২০ত সংগৃহীত ৰাজহৰ পৰিমাণ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ তুলনাত ১২% অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে। বিগত বৰ্ষৰ তুলনাত মাহটোত আমদানীকৃত সামগ্ৰীৰ বাবদ সংগৃহীত ৰাজহৰ পৰিমাণ ২৭% আৰু ঘৰুৱা আদান-প্ৰদানৰ পৰা সংগৃহীত ৰাজহ(আমদানীকৃত সেৱাকে ধৰি) ৮% অধিক আছিল।

ডিচেম্বৰ ২০২০ত মুঠ জিএছটিৰ সংগ্ৰহৰ পৰিমাণ আছিল ১,১৫,১৭৪ কোটি টকা। এয়া জিএছটি-ৰ বলবত্কৰণৰে পৰা এই পৰ্যন্ত জিএছটিৰ সৰ্বাধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ বুলি পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে জিএছটি-ৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ হৈছিল ১,১৩,৮৬৬ কোটি টকা ২০১৯ চনৰ এপ্ৰিল মাহত।

 

যোৱা মাহৰ ১,০৪,৯৬৩ কোটিৰ তুলনাত এই মাহত ৰাজহ সংগ্ৰহৰ পৰিমাণ লক্ষণীয় ভাবে বৃদ্ধি পাইছে। বিগত ২১ মাহত এই সংগ্ৰহৰ পৰিমাণ সৰ্বাধিক বুলি পৰিগণিত হৈছে।

 

নিম্নোল্লিখিত তালিকাখনত চলিত বৰ্ষত মুঠ জিএছটি-ৰ মাহেকীয়া সংগ্ৰহৰ ধাৰা প্ৰদৰ্শিত কৰা হৈছে। আনহাতে, দ্বিতীয় খন তালিকাত প্ৰতিখন ৰাজ্যৰ  ২০১৯ চনৰ তুলনাত ২০২০ত জিএছটিৰ মাহেকীয়া সংগ্ৰহৰ পৰিমাণ উল্লেখ কৰা হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image001VX0Z.png

২০২০চনত ৰাজ্য ভিত্তিক জিএছটি ৰাজহৰ বৰ্দ্ধন(১)

 

 

ৰাজ্য

ডিচেম্বৰ ১৯

ডিচেম্বৰ ২০

বৰ্দ্ধন

1

জম্মু আৰু কাশ্মীৰ

409

318

-22%

2

হিমাচল প্ৰদেশ

699

670

-4%

3

পাঞ্জাৱ

1,290

1,353

5%

4

চণ্ডীগড়

168

158

-6%

5

উত্তৰাখণ্ড

1,213

1,246

3%

6

হাৰিয়াণা

5,365

5,747

7%

7

দিল্লী

3,698

3,451

-7%

8

ৰাজস্থান

2,713

3,135

16%

9

উত্তৰ প্ৰদেশ

5,489

5,937

8%

10

বিহাৰ

1,016

1,067

5%

11

ছিক্কিম

214

225

5%

12

অৰুণাচল প্ৰদেশ

58

46

-22%

13

নাগালেণ্ড

31

38

23%

14

মণিপুৰ

44

41

-8%

15

মিজোৰাম

21

25

21%

16

ত্ৰিপুৰা

59

74

25%

17

মেঘালয়

123

106

-14%

18

অসম

991

984

-1%

19

পশ্চিম বংগ

3,748

4,114

10%

20

ঝাৰখণ্ড

1,943

2,150

11%

21

ওড়িশা

2,383

2,860

20%

22

চত্তিশগড়

2,136

2,349

10%

23

মধ্য প্ৰদেশ

2,434

2,615

7%

24

গুজৰাট

6,621

7,469

13%

25

দমন আৰু দিউ

94

4

-96%

26

দাদ্ৰা আৰু নগৰ হাভেলী

154

259

68%

27

মহাৰাষ্ট্ৰ

16,530

17,699

7%

29

কৰ্ণাটক

6,886

7,459

8%

30

গোৱা

363

342

-6%

31

লাক্ষাদ্বীপ

1

1

-32%

32

কেৰালা

1,651

1,776

8%

33

তামিল নাডু

6,422

6,905

8%

34

পুডুচেৰী

165

159

-4%

35

আন্দামান আৰু নিকোবৰ

30

22

-26%

36

তেলেংগাণা

3,420

3,543

4%

37

অন্ধ্ৰ প্ৰদেশ

2,265

2,581

14%

38

লাডাখ

0

8

 

97

অন্যান্য অঞ্চল

118

88

-25%

99

কেন্দ্ৰৰ আওতাৰ ক্ষেত্ৰসমূহ

75

127

68%

Grand Total

81,042

87,153

8%

 

 

 

 


[1] আমদানীকৃত সামগ্ৰীৰ ওপৰত ধাৰ্য জিএছটি অন্তৰ্ভুক্ত নকৰাকৈ

***********

RM/KMN/KB

 



(Release ID: 1685504) Visitor Counter : 216